1. Government Schemes

PM Free Solar Panel Yojna অধীনত কৃষকে লাভ কৰিব উপাৰ্জনৰ সুযোগ, কেনেদৰে লাভ কৰিব এই আচনিৰ সুবিধা জানিবলৈ পঢ়ক?

KJ Staff
KJ Staff
Solar Energy
Solar Energy

কৃষকসকলে পিএম বিনামূলীয়া সৌৰ পেনেল আঁচনিৰ (PM Free Solar Panel Yojna)ৰ অধীনত তেওঁলোকৰ উপাৰ্জন দুগুণ কৰাৰ সুযোগ লাভ কৰিছে । কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ  (Central Government) প্ৰধানমন্ত্ৰী কুসুম যোজনাৰ PM Kusum Yojna) অধীনতো আঁচনিখনত যোগদান কৰিব পাৰে । কেন্দ্ৰীয় চৰকাৰে ২০২২ চনৰ ভিতৰত কৃষকসকলৰ উপাৰ্জন দুগুণ কৰাৰ লক্ষ্য ৰাখিছে । ইয়াৰ বাবে ইতিমধ্যে  কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ বাবে কেইবাটাও আঁচনি আৰম্ভ কৰিছে।

সৌৰ পাম্প স্থাপনত 20 লাখ কৃষকে লাভ কৰিব সহায়

প্ৰধানমন্ত্ৰী বিনামূলীয়া সৌৰ পেনেল আঁচনি (PM Free Solar Panel Yojna)ৰ অধীনত কৃষকসকলে বিদ্যুৎ উৎপাদন কৰিবলৈ ৰাজসাহায্যৰ ওপৰত সৌৰ পেনেল লাভ কৰে । কৃষকসকলে প্ৰয়োজনীয় বিদ্যুৎ ব্যৱহাৰ কৰি বাকী বিদ্যুৎ বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰে । আঁচনিখনৰ অধীনত 20 লাখ কৃষকক সৌৰ পাম্প স্থাপনত সহায় কৰা হ'ব। ১৫ লাখ কৃষকক গ্ৰিড সংযোজিত সৌৰ পাম্প স্থাপনৰ বাবে পুঁজি প্ৰদান কৰা হ'ব । চৰকাৰে আঁচনিখনত ৩৪,৪২২ কোটি টকা ব্যয় কৰাৰ কথা ঘোষণা কৰিছে ।

PM Free Solar Panel Yojna
PM Free Solar Panel Yojna

প্ৰধানমন্ত্ৰী কুসুম যোজনা (PM Kusum Yojna)ৰ লাভালাভ

কম্পোনেন্ট বি-ৰ অধীনত ব্যক্তিগত কৃষকসকলক 7.5 এইচ.পি. ক্ষমতালৈকে একক সৌৰ কৃষি পাম্প স্থাপন কৰাত সহায় কৰা হ'ব । প্ৰধানমন্ত্ৰী কুসুম যোজনা (PM Kusum Yojna)ৰ অধীনত শীঘ্ৰে সৌৰ পাম্প স্থাপনৰ বাবে 20 লাখ কৃষকক ৰাজসাহায্য প্ৰদান কৰা হ'ব । ১৫ লাখ কৃষকক তেওঁলোকৰ গ্ৰিড সংযোজিত পাম্প ছেটবোৰ সৌৰকৰণ কৰাত সহায় কৰা হ'ব । এই আঁচনিয়ে কৃষকসকলক তেওঁলোকৰ পতিত ভূমিত সৌৰ শক্তি উৎপাদন ক্ষমতা স্থাপন কৰিবলৈ আৰু ইয়াক পাৱাৰ গ্ৰিডত বিক্ৰী কৰিবলৈ সক্ষম কৰিব ।

প্ৰয়োজনীয় নথিপত্ৰ

অনলাইন আবেদন কৰাৰ বাবে গুৰুত্বপূৰ্ণ নথিপত্ৰ-

  • আধাৰ কাৰ্ড

  • ডাক ঠিকনা

  • কৃষকৰ ভূমিৰ নথিপত্ৰ

  • ইস্তাহাৰ

  • বেঙ্ক একাউণ্ট পাছবুক

  • ফটো

  • ম'বাইল নম্বৰ

প্ৰধানমন্ত্ৰী সৌৰ পেনেল আঁচনি যোগ্যতাৰ চৰ্ত

  • আবেদনকাৰী ভাৰতৰ বাসিন্দা হ'ব লাগে

  • হিতাধিকাৰী একমাত্ৰ কৃষক হ'ব লাগে

  • আবেদনকাৰী এজন কৃষক হ'ব লাগে

  • আধাৰ কাৰ্ড বাধ্যতামূলক

  • আবেদন কৰিবলৈ বেঙ্কৰ একাউণ্ট নম্বৰও থাকিব লাগে

লগতে পঢ়কঃ ট্ৰেক্টৰ ক্ৰয়ৰ বাবে SMAM আচঁনিৰ অধীনত কৃষকলৈ ৫০% ৰাজসাহায্য

English Summary: PM Free Solae Panel Yojna

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.