Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 3 December, 2021 12:20 PM IST

   নেশ্যনেল মিচন্‌ ফৰ্‌ চাসটেইনেব’ল্‌ এগ্ৰিকালচাৰ (NMSA) গঠন কৰা হৈছিল বিশেষকৈ অধিক বৰ্ষাপাত হোৱা অঞ্চল সমূহত সমন্বিত কৃষিপাম, জল ব্যৱহাৰৰ কাৰ্যকাৰিতা, ভূমি স্বাস্থ্য পৰিচালনা আৰু সম্পদ সংৰক্ষণৰ জৰিয়তে কৃষি উৎপাদন বৃদ্ধি কৰা|

অভিযানৰ উদ্দেশ্যে সমূহঃ-

১/ নিৰ্দ্দিষ্ট স্থানভিত্তিক একত্ৰিত/সমন্বিত পাম পদ্ধতিৰ দ্বাৰা কৃষিক অধিক উৎপাদনক্ষম, গ্ৰহণীয়, লাভজনক আৰু জলবায়ুৰ সৈতে খাপ খোৱাকৈ আগবঢ়াই নিয়া;

২/ সঠিক ভূমি আৰু জলীয় বাষ্প সংৰক্ষণ ব্যৱস্থাৰ দ্বাৰা প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰা;

৩/ ভূমি উৰ্বৰতা মানচিত্ৰ, মেক্ৰ’ আৰু মাইক্ৰ’ নিউট্ৰিয়েন’চ, নায্যভাৱে সাৰৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি ভূমি পৰীক্ষাৰ দ্বাৰা বোধগম্য ভূমি স্বাস্থ্য পৰিচালনাৰ ব্যৱস্থা গ্ৰহণ কৰা;

৪/ “More crop per drop” অৰ্থাৎ প্ৰতিটোপাল পানীত অধিক শস্য উৎপাদনৰ লক্ষ্যৰে কাৰ্য্যকৰী জল পৰিচালনা পদ্ধতিৰ জৰিয়তে জল সম্পদৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা;

৫/ চলি থকা আন অভিযান সমূহ, যেনে National Mission on Agriculture Extension & Technology, National Food Security Mission, National Initative on Climate Resilient Agriculture () ইত্যাদিৰ সৈতে খেতিয়ক আৰু অংশীদাৰ সকলক যুক্ত কৰি তেওঁলোকৰ সামৰ্থ বৰ্দ্ধন কৰা;

৬/ বৰষুণৰ পানীৰ ওপৰত ভিত্তি কৰি চলোৱা কৃষি পামৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিবলৈ NICRA ৰ জৰিয়তে মুখ্য ধাৰাৰ বৰষুণৰ পানী আহৰণৰ প্ৰযুক্তিৰ উন্নতি ঘটাই নিৰ্দ্দিষ্ট ব্ল’ক (উন্নয়নখণ্ড)ত একোটিকৈ ম’ডেল স্থাপন কৰি উৎপাদন বৃদ্ধি কৰা| ইয়াৰ বাবে চলি থকা অন্যান্য আঁচনি যেনে- Mahatma Gandhi National Rural Employment Guarantee Scheme (MGNREGS) Integrated Watershed Management Programme (IWMP), RKVY ইত্যাদিৰ পৰা সম্পদ আহৰণ কৰা| আৰু

৭) National Action Plan on Climate Change (NAPCC) ৰ অধীনত National Mission for Sustainable Agriculture ৰ সুবিধা সমূহ প্ৰদান কৰিবলৈ বিভিন্ন বিভাগ/ মন্ত্ৰণালয়ৰ লগত সমন্বয় ৰক্ষা কৰি এক কাৰ্য্যকৰী Inter & Intra Departmental/ Ministerial Co-ordination গঠন কৰা|

অভিযানৰ কাৰ্য্য পৰিকল্পনাঃ-

. জীৱিকাৰ সযোগ বৃদ্ধিৰ বাবে একত্ৰিত পাম পদ্ধতিৰ জৰিয়তে শস্য, পশুধন আৰু মৎস, বৃক্ষৰোপন আৰু ঘাঁহৰ ওপৰত ভিত্তি কৰি গঠিত সমন্বিত কৃষি পদ্ধতিক আগবঢ়াই নিয়া এনে কৃষি পদ্ধতিৰ দ্বাৰা খাদ্য লাভ কৰাটো সুনিশ্চিত কৰা আৰু ওপৰঞ্চি/ অৱশিষ্ট উৎপাদন পদ্ধতিৰ জৰিয়তে শস্য ব্যৰ্থ (ক্ৰপ ফেইল)ৰ আশংকা লাঘৱ কৰা|

. সম্পদ সংৰক্ষণ প্ৰযুক্তিৰ জনপ্ৰিয়কৰণ (পামৰ ভিতৰত আৰু পামৰ বাহিৰত) আৰু এনে ব্যৱস্থাৰ সূচনা কৰা যিয়ে জলবায়ুৰ ভয়ংকৰ পৰিঘটনা অথবা সুদীৰ্ঘ খৰাং বতৰ, বান আদি প্ৰাকৃতিক আপদৰ মোকাবলা কৰাত সহায়ক হয়|

. উপলব্ধ জলসম্পদৰ কাৰ্য্যকৰী পৰিচালনা ব্যৱস্থাক উন্নত কৰা আৰু চাহিদা আৰু যোগান পৰিচালনা সমিধান যুক্ত প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে জল ব্যৱহাৰৰ বিচক্ষণতা বৃদ্ধি কৰা|

. উচ্চতৰ পাম উৎপাদন, উন্নত ভূমি ব্যৱহাৰ, বৰ্দ্ধিত জনসাধাৰণ ক্ষমতা, ৰাসায়নিক দ্ৰব্য/ শক্তিৰ নায্য ব্যৱহাৰ আৰু Soil Carbon Storage ৰ কাৰণে ভূমি বিজ্ঞানৰ উন্নত প্ৰয়োগক প্ৰেৰণা দিয়া|

.Gis Plateform ত land use survey, soil profile study আৰু soil Analysisৰ জৰিয়তে ভূমি সম্পদৰ ওপৰত এক Database সৃষ্টি কৰা| ইয়াৰ জৰিয়তে নিৰ্দ্দিষ্ট স্থান আৰু ভূমিভিত্তিক শস্য পৰিচালনাৰ ব্যৱস্থা আৰু মধ্যমীয়া সাৰ ব্যৱহাৰৰ সুবিধা প্ৰদান কৰা|

. ভূমি স্বাস্থ্যৰ উন্নীতকৰণ, শস্য উৎপাদন বৰ্দ্ধিতকৰণ আৰু ভুমি আৰু জলসম্পদৰ মানদণ্ড বজাই ৰাখিবৰ বাবে স্থানভিত্তিক আৰু শস্যভিত্তিক, একত্ৰিত পৰিপুষ্টি পৰিচালনা ব্যৱস্থাক আগবঢ়াই নিয়া|

. জ্ঞান প্ৰতিষ্ঠান প্ৰফেচ’নলচ্‌ক জড়িতকৰণৰ দ্বাৰা জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খোৱা আৰু নিৰ্দ্দিষ্ট এগ্ৰ’ক্লাইমেৰ্চিক (কৃষি জলবায়ু সম্পৰ্কিত) পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ কৌশল নিৰ্ণয় আৰু সঠিক পাম পদ্ধতিৰ জৰিয়তে এইবোৰক আগবঢ়াই নিয়া|

. বৰষুণৰ পানী ব্যৱহাৰৰ প্ৰযুক্তিৰ ব্যাপ্ততা আৰু গ্ৰহণীয়তাৰ জৰিয়তে ভূমি সক্ষমতাৰ ভিত্তিত আৰু জলবায়ুৰ লগত খাপ-খোৱাকৈ নিৰ্বাচিত ব্লক কিছুমানত একত্ৰিত উন্নয়ন সুনিশ্চিত কৰিবলৈ সেই সমূহক এক পাইলট হিচাবে লৈ কাম কৰা| যাৰ জৰিয়তে অসুবিধাজনক অঞ্চল সমূহলৈ যাব পাৰি আৰু স্থানভিত্তিক পৰিকল্পনাৰ জৰিয়তে আন আঁচনি সমূহৰ সৈতে

সমন্বয়, একমুখীকৰণ আৰু বিনিয়োগ গ্ৰহণ কৰা| এনে আঁচনি সমূহ হ’ল- MGNREGS, IWMP, RKVY, National Food Security Mission, Mission for Integrated Development of Horticulture (MIDH), National Mission for Agricultural Extension & Technology (NMAERT) etc.

অভিযানৰ হস্তক্ষেপঃ

NMSA এ নিম্ন উল্লেখিত চাৰিটা মুখ্য বিষয়ৰ ওপৰত কাম কৰে-

ৰেইনফেড এৰিয়া ডেভেলপমেন্ট

RAD এ পাম পদ্ধতিৰে সৈতে প্ৰাকৃতিক সম্পদৰ উন্নয়ন আৰু সংৰক্ষণৰ কাৰণে এক অকল ভিত্তিক কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰে| এই অংশ সমূহৰ বিধিব্যৱস্থা “ৱাটাৰশ্বেদ প্লাছ ফ্ৰেমৱৰ্ক” ৰ ভিতৰত সন্নিবিষ্ট কৰা হৈছে| ইয়াৰ উদ্দেশ্য হ’ল ৱাটাৰশ্বেদ উন্নয়নৰ জৰিয়তে প্ৰাকৃতিক সম্পদৰ ওপৰত ভিত্তি কৰি উপলব্ধ/ সৃষ্টি কৰা সম্পদৰ সম্ভাব্য ব্যৱহাৰৰ সন্ধান কৰা| MGNREGS, IWMP, RKVY, NWDPRA, RVP & FPR ৰ অধীনত কৰা ৱাটাৰশ্বেদ উন্নয়নৰ লগতে ভূমি সংৰক্ষণ ক্ৰিয়াকৰ্ম/ হস্তক্ষেপ কৰা | RAD এ কৃষিক্ষেত্ৰৰ ভিন্‌ ভিন্‌ বিষয় যেনে- শস্য, উদ্যান শস্য, পশুধন, মৎস, বনানিকৰণৰ সৈতে কৃষি ভিত্তিক আয়জনক কামকাজ আৰু মুখ্য সংযোজনৰ দ্বাৰা সঠিক পাম পদ্ধতিৰ সূচনা কৰা| এই কাৰ্য্যসূচীৰ অংশ হিচাপে ভূমি পৰীক্ষা/ ভূমি স্বাস্থ্য কাৰ্ডভিত্তিক Nutrient Management Practices ৰ বাহিৰেও স্থানীয় এগ্ৰ’ ক্লাইম্ৰেটিক পৰিস্থিতিৰ লগত খাপ খোৱাকৈ পামভূমি উন্নয়ন, সম্পদ সংৰক্ষণ আৰু শস্য নিৰ্বাচনৰ দৰে কাৰ্য্যসমুহো আগবঢ়াই নিয়া হয়| একমুখীকৰণৰ দৰ্শনীয় প্ৰভাৱ লাভ কৰিবলৈ আৰু স্থানীয় অংশগ্ৰহণক উৎসাহ যোগাবলৈ তথা এই মডেলটো ভবিষ্যত বৃহৎ অঞ্চলজুৰি পুনৰাৱৰ্তন কৰিবলৈ ১০০ হেক্টৰ বা ততোধিক ভূমিত এক ক্লাষ্টাৰ বেছদ্‌ প্ৰচেষ্টা লোৱা হ’ব পাৰে| এই ক্লাষ্টাৰ বিলাক লগালগিকৈ থকা অঞ্চল অথবা গাঁৱৰ ওচৰত থকা দূৰ্গম পাহাৰীয়া ঠাই/ ওচৰা-ওচৰিকৈ থকা গাঁও কিছুমানলৈ গঠিত হ’ব পাৰে| একমুখীকৰণ কাৰ্য্যসূচীৰ জৰিয়তে সম্পদ সংৰক্ষণ কাৰ্য্য অভাৱ পূৰণ কৰিবলৈ ইয়াৰ যোগেৰে অতিৰিক্ত সহযোগিতা কৰিবলৈ প্ৰদান অনুমতি প্ৰদান কৰা হ’ব, প্ৰস্তাৱিত আৰ এ ডি ক্লাষ্টাৰ এটা ন্যায় সংগত বুলি প্ৰমাণ কৰিবলৈ কিছুমান নিৰ্দ্দিষ্ট গুণাগুণ যেনে- চইল এনালাইছিচ/ চইল হেলথ্‌ কাৰ্ড/ চইল চাৰ্ভে মেপ আদি থাকিব লাগিব আৰু অন্তত: ২৫% পাম পদ্ধতি অঞ্চল (Farming System Area) On Farm water Management ৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব লাগিব| ICAR Contigency Plan আৰু NICRA Project ৰ সফল আৱিষ্কাৰৰ দ্বাৰা অনুমোদিত পাম ব্যৱস্থাপনা (Farming System) একত্ৰিত প্ৰকল্প পৰিকল্পনা (Integrated Project Plan) ৰ উন্নয়নত গ্ৰহণ কৰা হ’ব পাৰে| ইয়াৰ দ্বাৰা Common Property Resource/ assets/ utilities যেনে- শস্য গুটি ভাণ্ডাৰ, খাদ্য ভাণ্ডাৰ, গ্ৰুপ মাৰ্কেটিং আদিৰ সৃষ্টি আৰু উন্নয়নত উদঙনি যোগোৱা হ’ব|

 

অন্‌ ফাৰ্ম ৱাটাৰ মেনেজমেণ্টঃ-

অ'’এফ ডব্লিউ এমৰ প্ৰাথমিক লক্ষ্য হ’ল অন্‌ ফাৰ্ম ৱাটাৰ মেনেজমেণ্ট প্ৰযুক্তি আৰু আহিলাৰ কাৰ্য্যদক্ষতা বৃদ্ধি কৰি জল ব্যৱহাৰৰ কাৰ্য্যদক্ষতা বৃদ্ধি কৰা| ই কেৱল প্ৰায়গিক কাৰ্যদক্ষতাৰ ওপৰতেই গুৰুত্ব নিদিয়ে, আৰ এ ডি কম্প’নেণ্ট ৰ লগত যুক্ত হৈ বৰষুণৰ পানীৰ পৰিচালনা আৰু আহৰণতো গুৰুত্ব দিব|

জল সংৰক্ষণ প্ৰযুক্তি, কাৰ্য্যদক্ষ বিলোৱা আৰু বিতৰণ ব্যৱস্থা (Delivery & Distribution System) ইত্যাদি গ্ৰহণৰ বাবে সহায় আগবঢ়োৱা হ’ব| Water Users Associationক জড়িতকৰণৰ দ্বাৰা ৰাজহুৱা সম্পদৰ সু-পৰিচালনা আৰু সম বিতৰণৰ ওপৰতো যোৰ দিয়া হ’ব| পামৰ ভিতৰতে জল সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ এম জি এনৰেগাৰ ধনেৰে আৰু মাটি কঢ়িওৱা মেচিনেৰে পামৰ পুখুৰী খন্দা হ’ব পাৰে| এমজিএনৰেগা ৰ অধীনত হাতেৰে খন্দা শেষ/সম্ভৱ নহ’লেহে মেচিন ব্যৱহাৰ কৰা হব|

চইল হেলথ্‌ মেনেজমেণ্ট (এচ এইচ এম) ৰ ভূমি স্বাস্থ্য পৰিচালনা

এচ এইচ এম ৰ লক্ষ্য হ’ল স্থান আৰু শস্যভিত্তিক গ্ৰহণীয় বা স্থায়ী ভূমি স্বাস্থ্য পৰিচালনা যিয়ে সাঙুৰি ল’ব অৱশিষ্ট পৰিচালনা আৰু জৈৱ পাম ব্যৱস্থাপনা| ভূমি উৰ্বৰতা মেপৰ সৃষ্টি আৰু সংযোগৰ দ্বাৰা মেক্ৰ’ আৰু মাইক্ৰ’ নিউট্ৰিয়েণ্ট মেনেজমেণ্ট সঠিক ভূমি ব্যৱহাৰ| ইয়াৰ বাবে ভিত্তি হিচাপে লোৱা হৈছে ভূমিৰ সক্ষমতা, সাৰৰ নায্য প্ৰয়োগ আৰু ভূমি স্খলন/ ক্ষয় হ্ৰাস আদি বিষয় সমুহ|

বিশদ ক্ষেত্ৰ পৰ্যায়ৰ বিজ্ঞানভিত্তিক জৰীপৰ জৰিয়তে মাটি আৰু ভূমিৰ চাৰিত্ৰিক গুণাগুনৰ ওপৰত ভিত্তি কৰি জি আই এচৰ Thematic Map ৰ দ্বাৰা যুগুতোৱা ডাটাবেছ (তথ্য ভাণ্ডাৰ) আৰু ভূমিৰ ব্যৱহাৰ আৰু ভূমিৰ চাৰিত্ৰিক গুণাগুণৰ ওপৰত ভিত্তি কৰি চলি থকা Improved package সমূহক সহায়তা প্ৰদান কৰা| ইয়াৰ উপৰি এচ এইচ এম এ সমস্যাযুক্ত মাটি (যেনে এচিড/ এলকালাইন/চেলাইন) ৰ গুনাগুণ পুনৰুদ্বাৰ কৰাৰ বাবে সহযোগ আগবঢ়ায়| এই আঁচনিখন ৰাজ্য চৰকাৰ, নেচ’নেল চেণ্টাৰ অব্‌ অৰ্গানিক ফাৰ্মিং, চেণ্ট্ৰেল ফাৰ্টিলাইজাৰ কোৱালিটী কণ্ট্ৰোল এণ্ড ট্ৰেইনিং ইনষ্টিটিউট আৰু চয়েল এণ্ড লেণ্ড ইউজ চাৰ্ভে অব্‌ ইণ্ডিয়া ৰ দ্বাৰা ৰুপায়ন কৰা হ’ব|

জলবায়ু পৰিৱৰ্তন আৰু গ্ৰহণীয় কৃষিঃ মনিটৰিং, মডেলিং আৰু নেটৱৰ্কিং

ক্লাইমেট স্মাৰ্ট চাছটেইনেব’ল মেনেজমেণ্ট প্ৰেক্টিচ আৰু স্থানীয় এগ্ৰ’ক্লাইমেটিক্‌ পৰিস্থিতিৰ লগত খাপ-খোৱাকৈ গ্ৰহণ কৰা একত্ৰিত পাম পদ্ধতিৰ জৰিয়তে|

ক্লাইমেট চেঞ্জ এডাপটেচ্‌ন মিটিগেচ্‌ন ৰিচাৰ্জ মোডেল প্ৰজেক্ট ৰ পাইলট (Pilot) প্ৰকল্পৰ দ্বাৰা জলবায়ুৰ পৰিৱৰ্তন সম্পৰ্কীয় তথ্য আৰু জ্ঞানৰ সৃষ্টি আৰু দ্বি-নিৰ্দেশযুক্ত (ভূমি/কৃষকৰ পৰা গৱেষণা/বিজ্ঞান কেন্দ্ৰ আৰু গৱেষণা/ বিজ্ঞান কেন্দ্ৰৰ পৰা ভূমি/ কৃষকলৈ) বিস্তাৰ| Rainfed Technology (বৰষুণ আহৰণৰ প্ৰযুক্তি) ৰ বিস্তাৰ, পৰিকল্পনা আৰু ফ্লেগশ্বিপ আঁচনি যেনে- MGNEREGS, AIBP, RKVY, NFSM, NHM, NMAET, IWMP ৰ সৈতে সমন্বয় স্থাপনৰ বাবে কাৰ্য্যকৰী কাৰ্য্যব্যৱস্থা ল’বলৈ কম্প্ৰিহেনছিভ পাইলত ব্লক সমুহক সহযোগ কৰা হ’ব| কৃষি, পশুধন আৰু আন উৎপাদন পদ্ধতিত প্ৰৱেশ ঘটা আৰু নিৰ্গমণ হোৱা প্ৰৱাহৰ এনে একত্ৰিত কাৰ্য্যব্যৱস্থাই জলবায়ু পৰিৱৰ্তনৰ শংকাৰ সৈতে মোকাবিলা কৰিবলৈ স্থানীয় উৎপাদন পদ্ধতিৰ স্থায়িত্ব প্ৰদানৰ জৰিয়তে ৰেইনফেড প্ৰডাকচ্‌ন চিষ্টেমৰ বৃদ্ধি সম্ভাৱনীয়তাক গ্ৰহণ কৰিব|

                                                                                 উৎস:-নেচনেল মিচন ফ্‌ৰ চাচ্‌টেইনেবল এগ্ৰিকালচাৰ

English Summary: National Mission for Sustainable Agriculture
Published on: 06 July 2019, 03:11 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now