কৃষকে শস্য উৎপাদন কৰে, কিন্তু ইয়াক বিক্ৰী কৰাৰ সময়ত সমস্যাৰ সন্মুখীন হয় । কৃষকসকলে সাধাৰণতে তেওঁলোকৰ শস্য বিক্ৰী কৰিবলৈ বজাৰ অথবা মাণ্ডিলৈ যাব লগা হয় । কেতিয়াবা সঠিক সময়ত বজাৰ নাপালে শস্যৰ অপচয় হয় । এনে পৰিস্থিতিত কৃষকসকলে ক্ষতিগ্ৰস্ত হয় । এনে সমস্যা দূৰ কৰাৰ উদ্দেশ্যে চৰকাৰে ‘Krishi Udyan Yojna’ নামৰ এখন আচঁনি আৰম্ভ কৰিছে । ‘Krishi Udyan Yojna’ প্ৰকৃততে কি হয় আহঁক আমি কিছু কথা আলোচনা কৰো ।
আঁচনিখনৰ মুখ্য উদ্দেশ্য হৈছে কৃষকসকলক তেওঁলোকৰ শস্য নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ, আন্তঃৰাষ্ট্ৰীয় ঘাইপথ আৰু বিমান পথৰ সহায়ত শস্য পোনপটীয়াকৈ বজাৰলৈ লৈ যোৱা আৰু তেওঁলোকক লাভান্বিত কৰা । আঁচনিখনে কৃষি উৎপাদনৰ বাবে যান-বাহনৰ অভাৱ দূৰ কৰিছে । যদি আপুনিও এজন কৃষক, এই আঁচনিখন আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ।
- এই আঁচনিখনৰ জৰিয়তে উৎপাদিত কৃষিজাত সামগ্ৰী দেশৰ বিভিন্ন প্ৰান্তত স্থানান্তৰ কৰিবলৈ বিমানবন্দৰব্যৱহাৰ কৰা হ'ব
- এই আঁচনিৰ লাভালাভ মাছ উৎপাদন, গাখীৰ উৎপাদন, দুগ্ধজাত সামগ্ৰী, মাংসৰ দৰে ব্যৱসায়ত জড়িত কৃষকসকলৰ বাবে উপলব্ধ হ'ব।
- কৃষকসকলে বিভিন্ন ৰাজ্যত তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হ'ব
- কৃষকসকলে তেওঁলোকৰ শস্য সময়মতে বিক্ৰী কৰিব পাৰিব
- শস্যৰ ক্ষতি পৰিহাৰ কৰিবলৈ কৃষকসকলক বিমানৰ আধা আসনত ৰাজসাহায্য দিয়া হ'ব
Krishi Udyan Yojna ৰ আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰঃ
· আধাৰ কাৰ্ড
· ৰেচন কাৰ্ড
· বাসস্থানৰ প্ৰমাণপত্ৰ
· বেংক পাছ বুক
· ভূমি দস্তাবেজ
· উপাৰ্জনৰ প্ৰমাণপত্ৰ
· পাছপোৰ্ট আকাৰৰ ফটো
· ম'বাইল নম্বৰ
Krishi Udyan Yojna ৰ আবেদনৰ প্ৰক্ৰিয়া
· প্ৰথমে অফিচিয়েল ৱেবছাইট Agriculture.gov.in লৈ যাওঁক
· এতিয়া কৃষি যোজনাৰ বিকল্প হোম পেজত হে দেখা যাব
· ইয়াৰ পিছত কৃষি উড়ান যোজনাৰ আবেদন পত্ৰ খুলিব
· প্ৰ-পত্ৰত সোধা তথ্য যেনে নাম, ঠিকনা, আধাৰ নম্বৰ, ম'বাইল নম্বৰ আৰু শস্য সম্পৰ্কীয় তথ্য সাৱধানে পূৰ কৰিব
· প্ৰ-পত্ৰখন পূৰণ কৰাৰ পিছত submit কৰক
Share your comments