1. Government Schemes

Kisan Fasal Yojna: কৃষকে লাভ কৰিব ১৫,০০০ টকাৰ ক্ষতিপূৰণ

KJ Staff
KJ Staff
Fasal Bima Yojna For Farmer
Fasal Bima Yojna For Farmer

কৃষকসকলক আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰা এখন গুৰুত্বপূৰ্ণ আচঁনি  ‘Kisan Fasal Yojna’ । এই আচঁনিখনৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ক্ষতিপূৰণ প্ৰদান কৰিব । বতৰৰ ফলত ক্ষতিগ্ৰস্ত হোৱা শস্যৰ বাবে কৃষকসকলৰ বিত্তীয় ক্ষতিৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যা হ্ৰাস কৰিবলৈ ভাৰত চৰকাৰে আৰম্ভ কৰা এখন কল্যাণমূখী আচঁনি ‘কিষাণ ফছল যোজনা’ (Kisan Fasal Yojna)।

প্ৰতি একৰত ১৫,০০০ টকাৰ ক্ষতিপূৰণঃ

Kisan Fasal Yojna ৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত কৃষকসকল ক্ষতিৰ সন্মুখীন হ’লে প্ৰতি একৰত কৃষিভূমিত ১৫,০০০ টকালৈকে ক্ষতিপূৰণ প্ৰদান কৰা হ’ব । ক্ষতিগ্ৰস্ত শস্যৰ আধাৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰেৰে কৃষকসকলক পৃথকে ক্ষতিপূৰণ দিব । কৃষকসকলে শস্য বীমা কৰি প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষতিৰ বাবে ক্ষতিপূৰণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব ।

Fasal Bima Yojna
Fasal Bima Yojna

কিষাণ ফছল বীমা (Kisan Fasal Yojna)  যোজনাৰ লাভালাভঃ 

কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা আঁচনিৰ অধীনত কৃষক নাগৰিকসকলক শস্যৰ অৰ্থনৈতিক ক্ষতিৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যৰে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে । বীমাৰ লাভালাভ প্ৰাপ্ত কৰিবলৈ কৃষকে সময়মতে শস্যৰ বীমা কৰাব লাগিব । এই ক্ষেত্ৰত পূৰ্বে হাৰিয়ানা চৰকাৰে বীমাৰ জৰিয়তে ৰাজ্যখনৰ কৃষকক ১০,০০০-১২,০০০ টকা ক্ষতিপূৰণ প্ৰদান কৰিছিল । কিন্তু এক সন্মিলনৰ জৰিয়তে  কৃষকৰ স্বাৰ্থত ১৫,০০০ টকাৰ ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

ক্ষতিপূৰণৰ বিৱৰণঃ

  • যদি ধান, ঘেঁহু, কুঁহিয়াৰ, কপাহ শস্যৰ ৭৫ শতাংশতকৈ অধিক ক্ষতিগ্ৰস্ত হয়, তেনে কৃষকক প্ৰতি একৰত ১৫,০০০ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হ'ব ।
  • অন্যান্য শস্যৰ বাবে এই আঁচনিৰ অধীনত কৃষকসকলক ১২,৫০০ টকালৈকে ক্ষতিপূৰণ প্ৰদান কৰা হ'ব
  • কৃষকসকলক শস্যৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰে শ্ৰেণীত বিভক্ত কৰিছে, প্ৰথমটো ২৫-৪৯%, দ্বিতীয়তো ৫০-৭৪% আৰু ৭৫% ত কৈ অধিক ।

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা এপৰ জৰিয়তে কৃষকসকলে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে অনলাইন আবেদন কৰিব পাৰে । এপৰ সহায়ত তেওঁলোকৰ আবেদনৰ স্থিতি পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ বীমা প্ৰিমিয়ামৰ পৰিমাণ গণনা কৰিব পাৰে ।

English Summary: Fasal Bima Yojna

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.