Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 25 December, 2022 4:01 PM IST
Crops

শস্য বীমা কৃষকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয়। শস্য বা কৃষি বীমাই বিভিন্ন শস্য উৎপাদনৰ ওপৰত হ’ব পৰা লোকচানৰ ক্ষতিপূৰণ কৰে। শস্য বীমা ব্যৱসায়ৰ প্ৰায় গোটেইখিনিয়ে আঁচনিৰ পৰা আহে। এই আঁচনিসমূহে অঞ্চলৰ যোগসূত্ৰ ভিত্তিত কাম কৰে। যিবিলাক কৃষকে গ্ৰামীণ অৰ্থ যোগান প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ শস্যৰ খেতি কৰে, অৰ্থাৎ ধৰুৱা কৃষক, তেওঁলোকৰ বাবে বীমাৰ কভাৰেজ বাধ্যতামূলক। ঋণ নোলোৱাকৈ খেতি কৰা কৃষকসকলেও এই একেখন আঁচনিৰ অধীনত শস্য বীমা কৰিব পাৰে।

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PMFBY)খন ২০১৬ চনৰ খাৰিফ শস্যৰ বতৰৰ পৰা গোটেই ভাৰতত প্ৰচলন কৰা হৈছিল, কিন্তু কিছুমান কাৰিকৰী কাৰণত ২০১৬-১৭ বৰ্ষৰ ৰবি শস্যৰ বতৰৰ পৰা অসমৰ সকলো জিলাতে আঁচনিখন কাৰ্যকৰী কৰা হয়।

আঁচনিখনৰ উদ্দেশ্য 

  • অজানিত ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে কৃষকৰ হোৱা ক্ষতিত অৰ্থনৈতিক সাহায্য প্ৰদান।
  • নতুন ধৰণৰ আৰু আধুনিক কৃষি কৰ্ম ধাৰা ল’বলৈ কৃষকসকলক উত্সাহিত কৰা।
  • কৃষি কাৰ্যক ক্ৰমান্বয়ে চলাই থাকিবলৈ কৃষকৰ আয়ৰ স্থায়ীত্ব নিশ্চিত কৰা।
  • কৃষিখণ্ডলৈ ঋণৰ যোগান নিশ্চিত কৰা, যিটোৱে খাদ্য সুৰক্ষাত শস্যৰ বিস্তৃতি আৰু বৰ্দ্ধনত অৰিহণা যোগাব আৰু উত্পাদনৰ ক্ষতিৰ পৰা কৃষকক সুৰক্ষা দিব।

আঁচনিখনৰ সবিশেষ

  • প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিখন ঋণ গ্ৰহণ কৰা কৃষকৰ বাবে বাধ্যতামূলক আৰু ঋণ গ্ৰহণ নকৰা কৃষকৰ বাবে ইচ্ছাধীন।
  • বীমাৰ গোট (উল্লেখিত অঞ্চল) – গাঁও/গাঁও পঞ্চায়ত
  • কৃষকৰ প্ৰিমিয়ামৰ নিৰিখ, খাৰিফ বতৰত বীমাকৃত ধনৰ ২ শতাংশ, ৰবি শস্যৰ বতৰত ১.৫ শতাংশ আৰু বাণিজ্যিক/উদ্যান শস্যৰ বাবে ৫ শতাংশ।

ক্ষতিপূৰণৰ কভাৰেজ

  • শস্য চটিওৱাত/ৰোৱাত বাধাপ্ৰাপ্ত হোৱা – কম বৰষুণ/প্ৰতিকূল বতৰ।
  • বাধা জন্মা শস্য – খৰাং, শুকান বতৰ, বানপানী, জলপ্লাৱণ, কীট আৰু ৰোগ, ভূমিস্খলন, প্ৰাকৃতিকভাৱে জ্বলা জুই আৰু বজ্ৰপাত, ধুমুহা, শিলাবৃষ্টি, ঘূৰ্ণীবতাহ, ধুমুহা বতাহ, টাইফুন, হাৰিকেন আৰু টনেৰ্ডো।
  • চপোৱাৰ পাছত ক্ষতি – খুব বেছি দুসপ্তাহ।
  • স্থানীয় বিঘিনি – স্থানীয়ভাৱে হোৱা শিল-বতাহ, ভূমিস্খলন।

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা  আঁচনিৰ অধীনত বীমা কভাৰৰ শস্যসমূহ

  • খাদ্য শস্য (মাহ জাতীয় শস্য, কণী ধান আৰু দাইল জাতীয় শস্য) – আহু ধান, শালি ধান, গ্ৰীষ্মকালীন ধান, গোম ধান, মাটি মাহ আৰু মগু মাহ)
  • তেল গুটি – ৰেপ চীড আৰু সৰিয়হ
  • বাৰ্ষিক বাণিজ্যিক/বাৰ্ষিক উদ্যান শস্য আলু, কুঁহিয়াৰ, মৰাপাট

আঁচনিখন কাৰ্যকৰীকৰণৰ পূৰ্ব চৰ্ত 

  • উত্পন্ন হোৱা ফচলৰ তথ্যৰ ভিত্তিত দাবী নিষ্পত্তি কৰা হয়।
  • উল্লেখিত বীমা গোটৰ অঞ্চলত ৰাজ্য চৰকাৰে শস্য কটা পৰীক্ষাটো (CCE) প্ৰয়োজনীয় সংখ্যা মতে কৰিব, যিটো কাম অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগে কৰে।
  • শস্য কটা পৰীক্ষাৰ ভিতৰত লাভ কৰা শস্য উত্পাদনৰ তথ্যসমূহ নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত বীমা কোম্পানীৰ ওচৰত দাখিল কৰিব।
  • শস্যকালীন অৱস্থাৰ আৰম্ভণিতে উচিত মূল্যমানৰ ভিত্তিত প্ৰিমিয়াম চাবচিডি মুকলি কৰিবলৈ বুলি ৰাজ্যৰ বাজেটত ৰাজ্য চৰকাৰে ব্যৱস্থা কৰিব।
  • প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ অধীনত কৃষকসকললৈ সোনকালে দাবী নিষ্পত্তি কৰণৰ বাবে স্মাৰ্ট ফোন আৰু মোবইল ফোন স্বচ্ছ ভাৱে ব্যৱহাৰ কৰিব পাৰিব।

উৎসঃ অসম চৰকাৰ

লগতে পঢ়কঃ কম পানীতে হ’ব পৰা বায়ুজীৱি ধানৰ বিষয়ে A to Z?

English Summary: Have you insured your crops yet?
Published on: 25 December 2022, 03:55 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now