1. পশুপালন

পৰিয়াল ভৰণ-পোষণৰ বাবে গৰু-ঘোঁৰাৰে হাল জুৰি ভাইৰেল ববন কুমাৰ

RAHUL ALI
RAHUL ALI
Desi Jugar by Indian Farner
Desi Jugar by Indian Farner

ছত্ৰিশগড়ৰ এজন কৃষকৰ হাল বোৱা পদ্ধতিয়ে সামাজিক মাধ্যমত ব্যাপক চৰ্চালৈ আহিছে অর্থাৎ ভাইৰেল পৰিছে। নেটিজেনৰ মাজত হাস্যৰসৰ সৃষ্টি কৰিছে- ছত্ৰিশগড়ৰ ববন কুমাৰ নামৰ কৃষকজনে এটা গৰু আৰু ঘোঁৰা একেলগে জুটি পথাৰত হাল বোৱা দৃশ্যটোৱে। এই ছবিখন কোনো প্ৰত্যক্ষদৰ্শীয়ে সামাজিক মাধ্যত এৰি দিয়াৰ পাছতেই ববন কুমাৰ ছচিয়েল মিডিয়াত ভাইৰেল পৰে।

গৰু, ঘোঁৰা, মহে, হালবোৱাতো এটা সাধাৰণ কথা কিন্তু ঘোঁৰা-গৰুক একেলগে জুটি হালবোৱাটোৱে সকলোকে আচৰিত কৰি তুলিছে। লগতে আনন্দৰ খোৰাক যোগাইছে। ইফালে গৰু-ঘোঁৰাৰে একেলগে জুটি কি কাৰণে এনেদৰে হাল বাব লগা হৈছে ইয়াৰ আঁৰৰ ববন কুমাৰৰ সংগ্ৰামী জীৱনৰ ছবিখনো সমানে চৰ্চা লাভ কৰিছে।

উৰিষ্যাৰ এজন কৃষকৰ হাল বোৱাৰ পদ্ধতিয়ে সামাজিক মাধ্যমত ব্যাপক চৰ্চালৈ আহিছে অর্থাৎ ভাইৰেল পৰিছে। নেটিজেনৰ মাজত হাস্যৰসৰ সৃষ্টি কৰিছে- উৰিষ্যাৰ ববন কুমাৰ নামৰ কৃষকজনে এটা গৰু আৰু ঘোঁৰা একেলগে জুটি পথাৰত হাল বোৱা দৃশ্যটোৱে। এই ছবিখন কোনো প্ৰত্যক্ষদৰ্শীয়ে সামাজিক মাধ্যত এৰি দিয়াৰ পাছতেই ববন কুমাৰ ছচিয়েল মিডিয়াত ভাইৰেল পৰে।

গৰু আৰু ঘোঁৰা একেলগে জুটি হালবোৱা ঘটনাটোৱে যিদৰে হাস্যৰসৰ সৃষ্টি কৰিছে তেনেদৰে ববন কুমাৰৰ সংগ্ৰামী দৰিদ্ৰ জীৱনে নেটিজেনৰ মাজত বেদনাৰো সৃষ্টি কৰিছে। কাৰণ জীয়াই থাকিবৰ বাবে পৰিয়াল পুহিবৰ বাবে এজন ব্যক্তিয়ে অসম্ভৱকো সম্ভৱ কৰি তুলিব লগা হয় তাৰ এক জলন্ত ছবি হিচাপে চিহ্নিত হৈছে ববন কুমাৰ। উল্লেখ্য যে বিগত তিনিটা বছৰত ববনৰ ১৩ টা গৰু অচিন ৰোগত মৃত্যু হৈছিল।তাৰপাছতেই তেওঁৰ জীৱনলৈ অন্ধকাৰ নামি আহিছিল। দুবছৰ পূৰ্বে ববনে ২০০০ টকাৰে এটা দমৰা ক্ৰয় কৰিছিল। লগতে এটা ঘোঁৰাৰ পোৱালী ক্ৰয় কৰিছিল। যিদুটাক ইতিমধ্যে ববনে একেলগে জুটি পথাৰত হাল বাই ভাইৰেল হৈ পৰিছে।

ববন ইমানেই দৰিদ্ৰ আছিল তেওঁ নিজৰ মাটিও নাই আৰু লীজত মাটি লৈ খেতি কৰি ঘৰ সংসাৰ চলায়। শেহতীয়াকৈ তেওঁ খেতি কৰিবৰ বাবে এটা গৰুও কিনিব পৰাকৈ হাতত ধন নাছিল। যাৰবাবে ববনে ঘোঁৰা আৰু গৰুটোকে একেলগে জুটি খেতি কৰিবলৈ আৰম্ভ কৰে।

 লগতে পঢ়ক- হাৰিয়ানাৰ সফল কৃষক ৰণবীৰ সিঙৰ কাহিনী!

English Summary: Desi Jugar made by Chattisgargh farmer Baban Kumar

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.