Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 August, 2022 4:35 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ মোডী শাসনলৈ অহাৰ পৰৱৰ্তীসময়তে দেশৰ কৃষকসকলৰ উপাৰ্জন দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল দেশৰ জনসাধাৰণক। মোডীৰ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ স্বপ্নৰ বাবে কৃষকসকল হৈছে মূল হোতা। গতিকে কৃষকসকলৰ প্ৰকৃত উন্নয়নৰ অবিহনে আত্মনিৰ্ভৰ ভাৰতৰ ধাৰণাটো সম্ভৱ নহয়। গতিকে কৃষকসকলক আত্মনিৰ্ভৰ আৰু সন্মানসহকাৰে জীয়াই থকাৰ এক পৰিৱেশ তৈয়াৰ কৰিবলৈ ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। কৃষকসকলৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰৰ লগতে এই দিশত ৰাজ্য চৰকাৰসমূহেও গ্ৰহণ কৰি আহিছে কেতবোৰ পদক্ষেপ।

অসম চৰকাৰে ৰাজ্যৰ কৃষকসকলক কৃষিক্ষেত্ৰত সঠিকভাৱে আৰু সফলতাৰে আগবঢ়াই নিবলৈ অসম কৃষি বিভাগে বিভিন্ন শস্যৰ খেতিৰ বাবে বিভিন্ন আঁচনি ৰুপায়ন কৰি আহিছে| তাৰে কিছুমান আঁচনি কেন্দ্ৰীয় চৰকাৰৰ সাহায্যপ্ৰাপ্ত আৰু আন কিছুমান আঁচনি ৰাজ্য চৰকাৰৰ নিজস্ব পুঁজিৰে পৰিচালিত|। আজি আমাৰ এই আলোচনাত এনে কেতবোৰ চৰকাৰী আঁচনিৰ বিষয়ে আলোচনা কৰিম। এই আঁচনিসমূহৰ সুবিধা আমাৰ কৃষকসকলে গ্ৰহণ কৰি কৃষিক্ষেত্ৰখনক আগবঢ়াই নিব পাৰিম চাওঁ আহক।

ৰাষ্ট্ৰীয় কৃষি বিকাশ  যোজনা

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এখন উল্লেখযোগ্য আঁচনি হৈছে ‘ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা’ (AKVY)| এই বৃহৎ আঁচনিখনৰ অধীনত বিভিন্ন উপ আঁচনি যেনে- পূৱ ভাৰতলৈ সেউজ বিপ্লৱৰ সূচনা’ ( BGREI) নামৰ আঁচনিখন অন্যতম| এই আঁচনি খনৰ যোগেদি ধান, মাহ আদি বিভিন্ন পথাৰ ভিত্তিক শস্যৰ উৎপাদিকা আৰু উৎপাদন বৃদ্ধিৰ বাবে কৃষকক উদগ্‌নি যোগোৱা হয়| এইক্ষেত্ৰত কৃষক সকলক আধুনিক কৃষি কৌশল সম্পৰ্কে প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা আছে| ‘ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনানামৰ আঁচনি খনৰ অধীনত অন্যান্য উপ-আঁচনি সমূহ হৈছে- মৰাপাট উন্নয়ন আঁচনি, কুঁহিয়াৰ উন্নয়ন আঁচনি, কৃষিৰ যান্ত্ৰিকীকৰণ, বীজ উৎপাদন আঁচনি, সংহত পুষ্টি ব্যৱস্থাপনাৰ জৰিয়তে উন্নত কৃষি প্ৰযুক্তিৰ সহায়ত ৰবিশস্যৰ প্ৰদৰ্শন মূলক খেতি, কৃষি স্বাস্থ্য ব্যৱস্থাপনা, উন্নত কৃষি প্ৰযুক্তিৰ সহায়ত ৰাজমাহ আৰু বাদাম খেতি, কৃষি বিপণন, জৈৱিক খেতি, উপকণ্ঠীয় অঞ্চলত পাচলি উৎপাদনৰ ৰাষ্ট্ৰীয় প্ৰয়াস (এন ভি আই ইউ চি)|

‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান’

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত আন এখন উল্লেখযোগ্য আঁচনি হৈছে- ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান’ (এন এফ এছ এম)| এই আঁচনিৰ অধীনত ধান, মাহ আদি বিভিন্ন খাদ্য শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলোৱা হয়|

‘ৰাষ্ট্ৰীয় তৈল বীজ আৰু তৈল খেজুৰৰ অভিযান’

ৰাষ্ট্ৰীয় তৈল বীজ আৰু তৈল খেজুৰৰ অভিযানআন এখন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত আঁচনি| উল্লেখযোগ্য যে এই আঁচনি খনৰ অধীনত তৈল খেজুৰৰ খেতি প্ৰথমবাৰৰ বাবে অসমত সূচনা কৰা হৈছে|

‘স্বনিৰ্বাহ কৃষিৰ ৰাষ্ট্ৰীয় অভিযান’

স্বনিৰ্বাহ কৃষিৰ ৰাষ্ট্ৰীয় অভিযান’ (এন এম এছ এ) নামৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত আঁচনি খনৰ অধীনত স্বনিৰ্বাহী কৃষিৰ বিকাশৰ বাবে চাৰিটা প্ৰধান কাৰ্যসূচী আছে| এইকেইটা হৈছে বৰষুণ নিৰ্ভৰ অঞ্চলৰ কৃষি উন্নয়ন, ভূমি স্বাস্থ্য ব্যৱস্থাপনা, কৃষিপামত পানী ব্যৱস্থাপনা আৰু জলবায়ু পৰিৱৰ্তনৰ পটভূমিত স্বনিৰ্বাহী কৃষি|

নেচনেল মিছন অন এগ্ৰিকালচাৰেল এক্সটেনচন এণ্ড টেকন’লজী

ইপিনে, নেচনেল মিছন অন এগ্ৰিকালচাৰেল এক্সটেনচন এণ্ড টেকনলজী (NMAET) শীৰ্ষক আঁচনি খন ২০১৪ চনৰ ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰাজ্য চৰকাৰৰ যোগেদি ৰুপায়ণ কৰি থকা হৈছে| এই আভিযানৰ যোগেদি সম্প্ৰসাৰণ সেৱা, গণ মাধ্যম সেৱা, কৃষিৰ ক্লিনিক আৰু কৃষি বাণিজ্য কেন্দ্ৰ, কিষাণ কল চেণ্টাৰ, কৃষি যান্ত্ৰিকীকৰণ, শস্য সুৰক্ষা আদি বিভিন্ন উপাদান সাঙুৰি লোৱা হৈছে|

‘নেচনেল ই গভৰ্ণেন্স ইন এগ্ৰিকালচাৰ’

নেচনেল ই গভৰ্ণেন্স ইন এগ্ৰিকালচাৰ’(NEGA) অৰ্থাৎ ৰাষ্ট্ৰীয় ই প্ৰশাসনিক সেৱা কৃষি আঁচনিৰ মূল উদ্দেশ্যে হৈছে কৃষি বিভাগৰ বিভিন্ন ধৰণৰ সেৱাসমুহ যাতে প্ৰতিজন কৃষকে ইলেক্ট্ৰনিক মাধ্যমেৰে পাব পাৰে তাৰ ব্যৱস্থা কৰা|

‘প্ৰধানমন্ত্ৰীৰ কৃষি জলসিঞ্চন যোজনা’

ভাৰত চৰকাৰে সম্প্ৰতি ৰাজ্য চৰকাৰৰ যোগেদি ৰুপায়ণ কৰিবলৈ লোৱা এক অন্যতম আঁচনি হৈছে- ‘প্ৰধানমন্ত্ৰীৰ কৃষি জলসিঞ্চন যোজনা’(PMKSY)| এই আঁচনি খনৰ মূল লক্ষ্য হৈছে- পানীৰ সদ্ব্যবহাৰ কৰি প্ৰতি টোপাল পানীৰে অধিক শস্য উৎপাদন কৰাৰ ব্যৱস্থা কৰা|

‘পৰম্পৰাগত কৃষি বিকাশ যোজনা’

পৰম্পৰাগত কৃষি বিকাশ যোজনাশীৰ্ষক আঁচনি খনো কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত আঁচনি| এই আঁচনি খনৰ যোগেদি অসমৰ আঠখন জিলাত দুশ বিশটা গোটত জৈৱিক গাঁও গঢ়ি তোলা লক্ষ্য লৈছে চৰকাৰে। ইয়াত জৈৱিক খেতিৰ উৎপাদন আৰু জৈৱিক প্ৰমাণ পত্ৰ প্ৰদানৰ সুবিধা থাকিব|

‘অনূসুচিত জাতি উপ-আঁচনি’

তদুপৰি ‘অনূসুচিত জাতি উপ-আঁচনি’ (এছ চি এছ পি) ৰ যোগেদি অনূসূচিত জাতিৰ কৃষকসকলক আধুনিক কৃষিৰ বাবে উদগনি যোগোৱা আৰু কৃষি আন্তঃগাথনি বিকাশৰ বাবে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (RIDFশীৰ্ষক আঁচনি, কৃষি বিপণন আঁচনিৰ লগতে শস্য বীমা আঁচনিও আছে|

উত্তৰ-পূৱ আৰু হিমালয় অঞ্চলৰ উদ্যান শস্য অভিযান

উদ্যান শস্য বিকাশৰ বাবে অসমত ‘উত্তৰ-পূৱ আৰু হিমালয় অঞ্চলৰ উদ্যান শস্য অভিযান, যাক চমুকৈ HMNEHবুলি জনা যায় | এই ব্যাপক আঁচনিখনৰ ভিতৰত ক্ষুদ্ৰ নাৰ্চাৰী, কলা কৰ্ষণ কল, পৰীক্ষাগাৰ, ষ্ট্ৰবেৰীৰ কৃষি, অমিতা, তৰমুজ, বৰ্ণসংকৰ শাক-পাচলি, আদা, হালধি, পিঁয়াজ, ভোট জলকীয়া, কাট ফ্লাৱাৰ, বিভিন্ন ফুলৰ খেতি, টেঙাজাতীয় শস্যলিচুৰ আচ্ছাদন ব্যৱস্থাপনা, শাক-পাচলিৰ উৎকৰ্ষ সাধন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা, পানী সংৰক্ষণৰ পুখুৰী স্থাপন কৰা, সেউজগৃহ, ছায়াগৃহ, প্লাষ্টিক আৱৰণি, প্লাষ্টিক টানেল, চৰাই প্ৰতিৰোধক জাল, অৰ্কিড আৰু এন্থুৰিয়ামৰ খেতি, গোলাপ ফুলৰ খেতি, পাৱাৰটিলাৰ, পাৱাৰ স্প্ৰেয়াৰ আদি কেঁচুসাৰ উৎপাদন গোট, সুৰক্ষিত কৃষি, ৰেফাৰ ভেন, পেক হাউছ, খাদ্য সংশোধন গোট, ফল পকোৱা কোঠা, পিয়াজ সংৰক্ষণ গৃহ, কাঠফুলা উৎপাদন কেন্দ্ৰ, কাঠফুলা বীজ উৎপাদন কেন্দ্ৰ, উদ্যান শস্য বিষয়ক কৃষক প্ৰশিক্ষণ আদি বিভিন্ন উপাদান অন্তৰ্ভুক্ত কৰা হৈছে|

‘মিছন অৰ্গেনিক ভেলু চেইন’    

তদুপৰি অসমৰ উদ্যান শস্য আৰু খাদ্য সংশাধন বিভাগৰ যোগেদি ‘মিছন অৰ্গেনিক ভেলু চেইনশীৰ্ষক এখন আঁচনি ৰুপায়ন কৰি থকা হৈছে| এই আঁচনিৰ অধীনত জৈৱিক উৎপাদন গোট স্থাপন কৰা হয় আৰু তাৰ বাবে কৃষকক সংগঠিত কৰি তেওঁলোকক উন্নত মানৰ বীজ আৰু ৰোপন সামগ্ৰী যোগান ধৰি মূল্য সংযোজন আৰু উন্নত পেকেজিং, মজুতকৰণ, পৰিবহণ আদি বিভিন্ন সুবিধাৰ দ্বাৰা এক জৈৱিক উৎপাদন শৃংখলা গঢ়ি তোলা হয়|

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা

কৃষকসকলক আৰ্থিকভাৱে সহায় কৰাৰ বাবে ভাৰত চৰকাৰে ১ ডিচেম্বৰ,  ২০১৮ চনত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আৰম্ভ কৰে ভাৰত চৰকাৰে। চৰকাৰৰ এই আঁচনিত কৃষকসকলৰ হিচাপত প্ৰতি বছৰে ৬ হাজাৰ টকা ২-২ হাজাৰকৈ কিস্তিত কৃষকসকললৈ আগবঢ়ায়। অৱশ্যে এই আঁচনিৰ অধীনত বহু ভুৱা কৃষক অন্তভুৰ্ক্ত হোৱাৰ তথ্য বৰ্তমান পোহৰলৈ আহিছে। ইয়াৰ বিপৰীতে কিছুমান প্ৰকৃত কৃষক এই আঁচনিৰ পৰা বাদ পৰাও পৰিলক্ষিত হৈছে। এইবিলাক লৈ বিভিন্ন ৰাজ্যত আদালতত কেছ-মোকৰ্দমা চলি আছে।

প্ৰধানমন্ত্ৰীৰ শস্য বীমা আঁচনি 

চৰকাৰৰ এই আঁচনিখন কৃষকসকলৰ বাবে অতি লাভজনক। আঁচনিখন ১৩ জানুৱাৰী, ২০১৬ বৰ্ষত আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে, কৃষকসকলক আৰ্থিকভাৱে সহায় কৰা হয়। দৰাচলতে, যদি কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত কৃষক ভাতৃসকলৰ শস্য ক্ষতিগ্ৰস্ত হয়, তেন্তে চৰকাৰৰ এই আঁচনিয়ে কৃষকসকলক পৰিশোধ কৰি তেওঁলোকৰ লোকচান হ্ৰাস কৰে।

‘ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা’

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত উদ্যান শস্য আঁচনিও ৰুপায়ণ কৰা হয়| এইবোৰৰ ভিতৰত আলু, পিয়াজ, জালুক, আদা, হালধি, ষ্ট্ৰবেৰী, বৰ্ণসংকৰ পাচলি, পুষ্প বজাৰ, ফল-মূলৰ সংৰক্ষণ, কেঁচুসাৰ গোট, কৃষক প্ৰশিক্ষণ, ভি টাইপ নাৰ্ছাৰী আদি সাঙুৰি লোৱা হৈছে| বিঃদ্ৰঃ লেখাটো প্ৰস্তুত কৰিবলৈ মামণি হাজৰিকাৰ ‘’অসম কৃষি বিভাগৰ কৃষি আঁচনি’’ শীৰ্ষক লেখাটোৰ সহায় লোৱা হৈছে।

লগতে পঢ়ক- সমাগত ১৫ আগষ্ট। আয় দুগুণ হ’ল নে কৃষকৰ! কি হ’ব মোডীৰ প্ৰতিশ্ৰুতি!

English Summary: Farmers Welfare Schemes adopted by Himanta Vishwa Sharma Government
Published on: 27 July 2022, 02:27 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now