অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ'ফাইনেন্স ঋণৰ নিয়মীয়া পৰিশোধ কৰা মহিলাসকলক উৎসাহিত কৰিবলৈ উচ্চাভিলাষী অসম মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফ আঁচনি ২০২১ মুকলি কৰিছে । এই আচঁনিখনৰ জৰিয়তে ৰাজ্যখনৰ ২৪ লাখ মহিলা হিতাধিকাৰীক লাভান্বিত কৰিব ।
অসম মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফছ আঁচনি, ২০২১-ৰ প্ৰথম পৰ্যায় ২৮ নৱেম্বৰত উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই । পৰ্যায়ত ১১ লাখ মহিলা উপকৃত হ'ব য’ত উজনি অসমৰ শোণিতপুৰ, চৰাইদেউ, শিৱসাগৰ,যোৰহাট, মাজুলী, গোলাঘাট, পশ্চিম কাৰ্বি আংলং,ডিমা হাচাও জিলাক সামৰি লোৱা হৈছে । ইয়াৰ বাবে নিয়মীয়াকৈ এমএফআই আৰু বেংক ঋণ পৰিশোধ কৰি অহা মহিলাসকলক সৰ্বাধিক ২৫,০০০ ইনচেণ্টিভ প্ৰদান কৰা কৰা হ’ব ।
আনহাতে মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ আৰু ৰিলিফ আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ বাবেও ৰাজ্য চৰকাৰে ৬ খন জিলাৰ নাম ঘোষণা কৰিছে । নিৰ্বাচিত ছয়খন জিলা হৈছে বাক্সা, বিশ্বনাথ, বঙাইগাঁও, ডিব্ৰুগড়, ধেমাজি আৰু চিৰাং । চৰকাৰে ইতিমধ্যে ইনচেণ্টিভ প্ৰাপ্ত কৰাৰ বাবে উক্ত জিলাৰ পৰা প্ৰায় ১.৪২ লাখ হিতাধিকাৰীৰ এখন তালিকা সংগ্ৰহ কৰিছে । ইয়াৰ বাবে ৰাজ্য চৰকাৰে ২০০ কোটি টকাৰ অধিক ব্যয় কৰিব ।
বিষয় সন্দৰ্ভত ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে বুধবাৰে ছয়খন জিলাৰ উপায়ুক্তসকলৰ সৈতে এমএফআই ঋণ লওঁতাসকলক ইনচেণ্টিভ প্ৰদান সম্পৰ্কে উপায়ুক্তসকলৰ সৈতে আলোচনা কৰে লগতে আঁচনিখন কাৰ্যকৰী কৰিবলৈ বিষয়ববীয়াক নিৰ্দেশ দিয়ে ।
উল্লেখ্য যে, এমএফআই ঋণৰ উদগনি আৰু সকাহ বিগত বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ মুখ্য নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ।
লগতে পঢ়কঃ https://asomiya.krishijagran.com/news/pre-vibrant-gujarat-summit-2022/
Share your comments