Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 3 December, 2021 12:20 PM IST

আমাৰ ৰাজ্যৰ কৃষক সকলক কৃষিক্ষেত্ৰত সঠিকভাৱে আৰু সফলতাৰে আগবঢ়াই নিবলৈ অসম কৃষি বিভাগে বিভিন্ন শস্যৰ বাবে বিভিন্ন আঁচনি ৰুপায়ন কৰি আহিছে| তাৰে কিছুমান আঁচনি কেন্দ্ৰীয় চৰকাৰৰ সাহায্যপ্ৰাপ্ত আৰু আন কিছুমান আঁচনি ৰাজ্য চৰকাৰৰ নিজস্ব পুঁজিৰে পৰিচালিত|

‘ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা’

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এখন উল্লেখযোগ্য আঁচনি হৈছে ‘ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা’ (এ কে ভি ৱাই)| এই বৃহৎ আঁচনিখনৰ অধীনত বিভিন্ন উপ আঁচনি যেনে- ‘পূৱ ভাৰতলৈ সেউজ বিপ্লৱৰ সূচনা’ (বি জি আৰ ই আই) নামৰ আঁচনিখন অন্যতম| এই আঁচনি খনৰ যোগেদি ধান, মাহ আদি বিভিন্ন পথাৰ ভিত্তিক শস্যৰ উৎপাদিকা আৰু উৎপাদন বৃদ্ধিৰ বাবে কৃষকক উদগ্‌নি যোগোৱা হয়| এইক্ষেত্ৰত কৃষক সকলক আধুনিক কৃষি কৌশল সম্পৰ্কে প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা আছে| ‘ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা’ নামৰ আঁচনি খনৰ অধীনত অন্যান্য উপ-আঁচনি সমূহ হৈছে- মৰাপাট উন্নয়ন আঁচনি, কুঁহিয়াৰ উন্নয়ন আঁচনি, কৃষিৰ যান্ত্ৰিকীকৰণ, বীজ উৎপাদন আঁচনি, সংহত পুষ্টি ব্যৱস্থাপনাৰ জৰিয়তে উন্নত কৃষি প্ৰযুক্তিৰ সহায়ত ৰবিশস্যৰ প্ৰদৰ্শন মূলক খেতি, কৃষি স্বাস্থ্য ব্যৱস্থাপনা, উন্নত কৃষি প্ৰযুক্তিৰ সহায়ত ৰাজমাহ আৰু বাদাম খেতি, কৃষি বিপণন, জৈৱিক খেতি, উপকণ্ঠীয় অঞ্চলত পাচলি উৎপাদনৰ ৰাষ্ট্ৰীয় প্ৰয়াস (এন ভি আই ইউ চি)|

‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান’

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত আন এখন উল্লেখযোগ্য আঁচনি হৈছে-

‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান’ (এন এফ এছ এম)| এই আঁচনিৰ অধীনত ধান, মাহ আদি বিভিন্ন খাদ্য শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলোৱা হয়|

‘ৰাষ্ট্ৰীয় তৈল বীজ আৰু তৈল খেজুৰৰ অভিযান’

‘ৰাষ্ট্ৰীয় তৈল বীজ আৰু তৈল খেজুৰৰ অভিযান’ আন এখন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত আঁচনি| উল্লেখযোগ্য যে এই আঁচনি খনৰ অধীনত তৈল খেজুৰৰ খেতি প্ৰথমবাৰৰ বাবে অসমত সূচনা কৰা হৈছে|

‘স্বনিৰ্বাহ কৃষিৰ ৰাষ্ট্ৰীয় অভিযান’

‘স্বনিৰ্বাহ কৃষিৰ ৰাষ্ট্ৰীয় অভিযান’ (এন এম এছ এ) নামৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত আঁচনি খনৰ অধীনত স্বনিৰ্বাহী কৃষিৰ বিকাশৰ বাবে চাৰিটা প্ৰধান কাৰ্যসূচী আছে| এইকেইটা হৈছে বৰষুণ নিৰ্ভৰ অঞ্চলৰ কৃষি উন্নয়ন, ভূমি স্বাস্থ্য ব্যৱস্থাপনা, কৃষিপামত পানী ব্যৱস্থাপনা আৰু জলবায়ু পৰিৱৰ্তনৰ পটভূমিত স্বনিৰ্বাহী কৃষি|

নেচনেল মিছন অন এগ্ৰিকালচাৰেল এক্সটেনচন এণ্ড টেকন’লজী

ইপিনে, নেচনেল মিছন অন এগ্ৰিকালচাৰেল এক্সটেনচন এণ্ড টেকন’লজী (এন এম এ ই টি) শীৰ্ষক আঁচনি খন ২০১৪ চনৰ ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰাজ্য চৰকাৰৰ যোগেদি ৰুপায়ণ কৰি থকা হৈছে| এই আভিযানৰ যোগেদি সম্প্ৰসাৰণ সেৱা, গণ মাধ্যম সেৱা, কৃষিৰ ক্লিনিক আৰু কৃষি বাণিজ্য কেন্দ্ৰ, কিষাণ কল চেণ্টাৰ, কৃষি যান্ত্ৰিকীকৰণ, শস্য সুৰক্ষা আদি বিভিন্ন উপাদান সাঙুৰি লোৱা হৈছে|

নেচনেল ই গভৰ্ণেন্স ইন এগ্ৰিকালচাৰ’

‘নেচনেল ই গভৰ্ণেন্স ইন এগ্ৰিকালচাৰ’(এন ই জি এ) অৰ্থাৎ ‘ৰাষ্ট্ৰীয় ই প্ৰশাসনিক সেৱা কৃষি আঁচনি’ৰ মূল উদ্দেশ্যে হৈছে কৃষি বিভাগৰ বিভিন্ন ধৰণৰ সেৱা সমুহ যাতে প্ৰতিজন কৃষকে ইলেক্ট্ৰ’নিক মাধ্যমেৰে পাব পাৰে তাৰ ব্যৱস্থা কৰা|

‘প্ৰধানমন্ত্ৰীৰ কৃষি জলসিঞ্চন যোজনা’

ভাৰত চৰকাৰে সম্প্ৰতি ৰাজ্য চৰকাৰৰ যোগেদি ৰুপায়ণ কৰিবলৈ লোৱা এক অন্যতম আঁচনি হৈছে- ‘প্ৰধানমন্ত্ৰীৰ কৃষি জলসিঞ্চন যোজনা’(পি এম কে এছ ৱাই)| এই আঁচনি খনৰ মূল লক্ষ্য হৈছে- পানীৰ সদ্ব্যবহাৰ কৰি প্ৰতি টোপাল পানীৰে অধিক শস্য উৎপাদন কৰাৰ ব্যৱস্থা কৰা|

‘পৰম্পৰাগত কৃষি বিকাশ যোজনা’

‘পৰম্পৰাগত কৃষি বিকাশ যোজনা’ শীৰ্ষক আঁচনি খনো কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত আঁচনি| এই আঁচনি খনৰ যোগেদি অসমৰ আঠখন জিলাত দুশ বিশটা গোটত জৈৱিক গাঁও গঢ়ি তোলা হ’ব| ইয়াত জৈৱিক খেতিৰ উৎপাদন আৰু জৈৱিক প্ৰমাণ পত্ৰ প্ৰদানৰ সুবিধা থাকিব|

‘অনূসুচিত জাতি উপ-আঁচনি’

তদুপৰি ‘অনূসুচিত জাতি উপ-আঁচনি’ (এছ চি এছ পি) ৰ যোগেদি অনূসূচিত জাতিৰ কৃষক সকলক আধুনিক কৃষিৰ বাবে উদগনি যোগোৱা আৰু কৃষি আন্তঃগাথনি বিকাশৰ বাবে ‘গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (আৰ আই ডি এফ) শীৰ্ষক আঁচনি, কৃষি বিপণন আঁচনিৰ লগতে শস্য বীমা আঁচনিও আছে|

‘প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা’

সম্প্ৰতি শস্য বীমা আঁচনিখন ‘প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা’ চমুকৈ পি এম এফ ভি ৱাই নামেৰে সমগ্ৰ দেশৰ লগতে অসমতো ৰুপায়ন কৰিবলৈ প্ৰস্তাৱ লোৱা হৈছে| এই আঁচনিৰ যোগেৰে অতি কম প্ৰিমিয়াম পৰিশোধ কৰি কৃষকে নিজৰ খেতিডৰাত সম্ভাৱ্য পোক-পৰুৱাৰ আক্ৰমণ, বানপানী, খৰাং আদি প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষতিৰ ভিত্তিত বীমা ধন লাভ কৰাৰ সুবিধা আছে|

উদ্যান শস্য বিকাশৰ বাবে অসমত ‘উত্তৰ-পূৱ আৰু হিমালয় অঞ্চলৰ উদ্যান শস্য অভিযান, যাক চমুকৈ এইচ এম এন ই এইচ বুলি জনা যায়, ৰুপায়ণ কৰি থকা হৈছে| এই ব্যাপক আঁচনি খনৰ ভিতৰত ক্ষুদ্ৰ নাৰ্চাৰী, কলা কৰ্ষণ কল, পৰীক্ষাগাৰ, ষ্ট্ৰ’বেৰীৰ কৃষি, অমিতা, তৰমুজ, বৰ্ণসংকৰ শাক-পাচলি, আদা, হালধি, পিঁয়াজ, ভোট জলকীয়া, কাট ফ্লাৱাৰ, বিভিন্ন ফুলৰ খেতি, টেঙাজাতীয় শস্যলিচুৰ আচ্ছাদন ব্যৱস্থাপনা, শাক-পাচলিৰ উৎকৰ্ষ সাধন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা, পানী সংৰক্ষণৰ পুখুৰী স্থাপন কৰা, সেউজগৃহ, ছায়াগৃহ, প্লাষ্টিক আৱৰণি, প্লাষ্টিক টানেল, চৰাই প্ৰতিৰোধক জাল, অৰ্কিড আৰু এন্থুৰিয়ামৰ খেতি, গোলাপ ফুলৰ খেতি, পাৱাৰটিলাৰ, পাৱাৰ স্প্ৰেয়াৰ আদি কেঁচুসাৰ উৎপাদন গোট, সুৰক্ষিত কৃষি, ৰেফাৰ ভেন, পেক হাউছ, খাদ্য সংশোধন গোট, ফল পকোৱা কোঠা, পিয়াজ সংৰক্ষণ গৃহ, কাঠফুলা উৎপাদন কেন্দ্ৰ, কাঠফুলা বীজ উৎপাদন কেন্দ্ৰ, উদ্যান শস্য বিষয়ক কৃষক প্ৰশিক্ষণ আদি বিভিন্ন উপাদান অন্তৰ্ভুক্ত কৰা হৈছে|

‘মিছন অৰ্গেনিক ভেলু চেইন’

তদুপৰি অসমৰ উদ্যান শস্য আৰু খাদ্য সংশাধন বিভাগৰ যোগেদি ‘মিছন অৰ্গেনিক ভেলু চেইন’ শীৰ্ষক এখন আঁচনি ৰুপায়ন কৰি থকা হৈছে| এই আঁচনিৰ অধীনত জৈৱিক উৎপাদন গোট স্থাপন কৰা হয় আৰু তাৰ বাবে কৃষকক সংগঠিত কৰি তেওঁলোকক উন্নত মানৰ বীজ আৰু ৰোপন সামগ্ৰী যোগান ধৰি মূল্য সংযোজন আৰু উন্নত পেকেজিং, মজুতকৰণ, পৰিবহণ আদি বিভিন্ন সুবিধাৰ দ্বাৰা এক জৈৱিক উৎপাদন শৃংখলা গঢ়ি তোলা হয়|

‘ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা’ৰ অধীনত উদ্যান শস্য আঁচনিও ৰুপায়ণ কৰা হয়| এইবোৰৰ ভিতৰত আলু, পিয়াজ, জালুক, আদা, হালধি, ষ্ট্ৰ’বেৰী, বৰ্ণসংকৰ পাচলি, পুষ্প বজাৰ, ফল-মূলৰ সংৰক্ষণ, কেঁচুসাৰ গোট, কৃষক প্ৰশিক্ষণ, ভি টাইপ নাৰ্ছাৰী আদি সাঙুৰি লোৱা হৈছে|

নেচনেল আয়ুস মিছন’

অৰ্থাৎ এন ৱাই এমৰ অধীনত উদ্যানশস্য আৰু খাদ্য সংশাধন বিভাগে বিভিন্ন ধৰণৰ বন দৰৱৰ গছৰ খেতি সম্প্ৰসাৰণৰ আঁচনি ৰুপায়ণ কৰে| অৱশ্যে এন ৱাই এমৰ অন্যান্য উপাদান বিলাক স্বাস্থ্য বিভাগেহে ৰুপায়ণ কৰে|

তদুপৰি উদ্যান শস্যৰ উন্নয়নৰ বাবে ৰাজ্যিক পৰিকল্পনা আঁচনিৰ অধীনত ‘সুসংহত উদ্যান শস্য উন্নয়ন আঁচনি’ আৰু ‘ফল মূল সংৰক্ষণ আৰু প্ৰশিক্ষণ আঁচনি’ আদি আঁচনি ৰুপায়ণৰ ব্যৱস্থা আছে|

লেখিকা:- মামণি হাজৰিকা

 

জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া,

 

জিলা কৃষি বিষয়াৰ কাৰ্যালয়|

English Summary: Agricural Schemes under Assam Agriculture dept.
Published on: 14 May 2019, 05:14 IST