1. Government Schemes

২০০ টকা জমা কৰি কৃষকে ৩,০০০ টকা পেঞ্চন পাবলৈ আজিয়েই আবেদন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
3000 pension by investing only 200
3000 pension by investing only 200

বৃদ্ধৱস্থা সুৰক্ষিত ৰখাৰ বাবে চৰকাৰে কৃষকসকলৰ বাবে শেহতীয়াকৈ এখন আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ সহায়ত বৃদ্ধ বয়সত কৃষকসকলে কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগিব। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ মান্ধন যোজনা নামৰ এই আঁচনি গ্ৰহণ কৰিছে। আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে অধিকাংশ কৃষকে এই আঁচনিখনক কিষাণ পেঞ্চন আঁচনি বুলিও জানে। কিষাণ পেঞ্চন আঁচনি আৰম্ভ কৰাৰ আঁৰৰ চৰকাৰৰ উদ্দেশ্য হৈছে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে সহজে বিনিয়োগ কৰিব পাৰে। ইয়াৰ উপৰিও এই আঁচনিৰ লগত জড়িত কৃষকসকলে চৰকাৰৰ আন বহু সুবিধাও লাভ কৰে।

কিমান বিনিয়োগ কৰিব লাগিব

  • চৰকাৰৰ এই আঁচনিখনত কৃষকে নিজৰ বয়স অনুযায়ী বিনিয়োগ কৰিব পাৰিব। ইয়াৰ বাবে চৰকাৰে কিছুমান মাপকাঠীও নিৰ্ধাৰণ কৰিছে, যিবোৰ তলত দিয়া ধৰণৰ।
  • ১৮ বছৰ বয়সৰ কৃষকে প্ৰতিমাহে ২২ টকা জমা দিব লাগে।
  • ৩০ বছৰ বয়সৰ পিছত কৃষকে এই পৰিমাণ বৃদ্ধি কৰি ১১০ টকা জমা কৰিব লাগিব।
  • ৪০ বছৰ বয়সৰ পিছত কৃষকে ২০০ টকা জমা কৰিব লাগিব।

লগতে পঢ়ক-

নেমু গছৰ ডাল ধৰি কেনেদৰে উৎপাদন কৰিব পুলি

কোন কৃষকে এই সুবিধা লাভ কৰিব

  • প্ৰধানমন্ত্ৰী কিষাণ মান্ধন যোজনাৰ সুবিধা দেশৰ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষককলক প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও যিসকল কৃষকৰ ২ হেক্টৰতকৈ কম মাটি আছে তেওঁলোকেও এই আঁচনিৰ সুবিধা ল’ব পাৰে। কিন্তু মনত ৰাখিব যে এই আঁচনিৰ সুবিধা পাবলৈ হ’লে ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত আবেদন কৰিব লাগিব।
  • কিষাণ পেঞ্চন আঁচনিত বিনিয়োগ কৰা ধন ৬০ বছৰ বয়সৰ পাছতহে কৃষকসকলে লাভ কৰিব। যি তেওঁলোকক প্ৰতিমাহে পেঞ্চন হিচাপে ৩ হাজাৰ টকা দিয়া হয়। এই ক্ৰমত তেওঁলোকে বাৰ্ধক্য ভালদৰে পাৰ কৰিবলৈ বছৰি ৩৬ হাজাৰ টকা পায়।
  • এই আঁচনিৰ আটাইতকৈ ভাল বৈশিষ্ট্য হ’ল যে যদি কোনো কাৰণত কৃষকৰ মৃত্যু হয়, তেন্তে তেওঁৰ বিনিয়োগৰ ধন তেওঁৰ পত্নীক দিয়া হয়। কিন্তু এই সময়ছোৱাত কৃষকৰ পত্নীক প্ৰতিমাহে মাত্ৰ ১৫ হাজাৰ টকাহে পেঞ্চন হিচাপে দিয়া হয়।

আঁচনিৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ

  • আধাৰ কাৰ্ড
  • পৰিচয় পত্ৰ
  • বয়সৰ প্ৰমাণ পত্ৰ
  • আয়ৰ প্ৰমাণ পত্ৰ
  • ফাৰ্মৰ কাগজ
  • পাছপ'ৰ্টৰ আকাৰৰ ফটো
  • মোবাইল নম্বৰ
  • বেংক একাউণ্ট

আঁচনিখনত কেনেকৈ আবেদন কৰিব?

যদি আপুনিও এই আঁচনিৰ সুবিধা লাভ কৰিব বিচাৰে তেন্তে আপোনাৰ ওচৰৰ কমন চাৰ্ভিচ চেণ্টাৰ (CSC) লৈ যোগাযোগ কৰিব লাগিব। য'ৰ পৰা সহজে আবেদন কৰিব পাৰিব। ইয়াৰ উপৰিও কৃষকসকলে ঘৰতে বহি প্ৰধানমন্ত্ৰী কিষাণ মান্ধন যোজনাৰ অফিচিয়েল ৱেবছাইটত গৈ অনলাইনযোগে আবেদন কৰিব পাৰিব।

লগতে পঢ়ক- 

দেশৰ কোটি কোটি কৃষকৰ বাবে সুখবৰঃ এতিয়া এই বেংকৰ পৰা ৫০ হাজাৰ টকা পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ যাব

English Summary: 3000 pension by investing only 200

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.