1. কৃষি সঁজুলি

শালিধান চপোৱাৰ পিচতে জি’ৰ টিলেজ পদ্ধতিৰে ঘেঁহু খেতি

KJ Staff
KJ Staff
Zero Tillage System

মাটি চহ নকৰাকৈ জিৰ’ টিল চীড-কাম-ফাৰ্টিলাইজাৰ-ড্ৰিল মেচিনৰ সহায়তপোনপটীয়াকৈ শস্যৰ বীজ সিঁচাকে জিৰটিলেজবা বিনা চহেকৰা খেতি বোলা হয়| গৱেষনাৰ পৰা দেখা গৈছে যে অসমত ঘেঁহু খেতিৰ বীজ যদি নৱেম্বৰৰ ২৫ তাৰিখৰ পিছত সিঁচা হয় তেনেহলে প্ৰতিদিনে প্ৰতি হেক্ট্‌ৰ কৃষি ভূমিত ৩০ কিলোগ্ৰামকৈ উৎপাদন হ্ৰাস পায়| খেতিডৰা চপাবৰ সময়ত মাৰ্চ মাহত অহা আগতীয়া বৰষুণ শস্যডৰাৰ বাবে বৰ অনিষ্টকাৰক |

জিৰ’ টিলেজ পদ্ধতিত কৰা ঘেঁহু খেতি সময়মতে কৰিব পাৰি বাবে এই উৎপাদান হ্ৰাস যঠেষ্টখিনি কমাব পৰা যায়| তদুপৰি ইয়াৰ দ্বাৰা মাটি চাহ কৰোতে হোৱা ব্যয়ো হ্ৰাস কৰিব পাৰি|ধান খেতি চপোৱাৰ কেইদিনমান আগেয়ে জলসিঞ্চন কৰা হয়| ইয়াৰ পিছত ধানডৰা যিমান পাৰি গুৰিতে কাটি ট্ৰেক্টৰচালিত জিৰটিলেজ মেচিনৰ সহায়ত ঘেঁহু বীজ সিঁচা হয়| এই পদ্ধতিৰে ঘেঁহু খেতি কৰিলে বীজ সিঁচাৰ সময় কিছুদিন আগুৱাব পাৰি কিয়নো এই পদ্ধতিত মাটি প্ৰস্তুতিৰে সময়খিনি ৰাহি হয়|শালিধানৰ দীৰ্ঘকালীন জাতৰ খেতি কৰা বাবে যিবোৰ অঞ্চলত বীজ সিঁচা কাৰ্য ২৫ নৱেম্বৰতকৈ পিছুৱাই যায় তেনেবোৰ অঞ্চলত জিৰটিলেজ পদ্ধতিৰে ঘেঁহু খেতি কৰিব পাৰি| এই মেচিন খুউৱ বেছি বোকা আলতীয়া মাটিৰ বাহিৰে আন সকলো ধৰণৰ মাটিতে ব্যৱহাৰ কৰিব পাৰি|ই এটা লাভজনক পদ্ধতি যিহেতু এই পদ্ধতিত ইন্ধন্‌, শ্ৰম আৰু সময় ৰাহি হয়| মাটি প্ৰস্তুতিৰ বাবে প্ৰয়োজন হোৱা খৰচ বিঘাই প্ৰতি প্ৰায় ৫০০-৭৫০ টকাকৈ ৰাহি কৰিব পাৰি|

এই পদ্ধতিত যিহেতু মাটি প্ৰস্তুতিৰ প্ৰয়োজন নহয় সেইবাবে ৮-১০ দিন আগতিয়াকৈ ঘেঁহু বীজ সিঁচিব পৰা যায়| ইয়াৰ ফলসৰূপে খেতিডৰা বৰষুণৰ আগেয়ে চপাব পৰা যায়|

৩)শস্যৰ বীজ আৰু ৰাসয়নিক সাৰ একেলগে সিঁচিব পৰা যায়,ফলত বনুৱাৰ মজুৰীৰ খৰচ কমে|

৪)মাটি চাহ নকৰাৰ বাবে খেতিডৰাত বন-বাতৰ সমস্যা কম হয়|

৫)শাৰী শাৰীকৈ ঘেঁহু বীজ সিঁচিব পৰা যায় আৰু সেইবাবে উৎপাদন যঠেষ্ট ভাল হয়|

English Summary: zero tillage system

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.