1. কৃষি সঁজুলি

কৃষকে পাব বিদ্যুৎচালিত পাম্প ছেট

KJ Staff
KJ Staff
Electronic Pump
Electronic Pump

খৰচৰ দিশেৰে কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্যৰ কৃষি বিভাগে এইবাৰ কৃষকক বিদ্যুৎচালিত পাম্প ছেট দিয়াৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ সৈতে প্ৰাৰম্ভিক কথা-বতৰাও হৈছে কৃষি বিভাগৰ। কৃষি বিভাগে পৰীক্ষামূলকভাৱে পৰিষদৰ সহায়ত কেইখনমান পথাৰত ফীডাৰ লাইন বহুৱাব। সেই লাইনৰ পৰা সংযোগ লোৱা অ-গভীৰ নলী নাদৰ সহায়ত কৃষকে পথাৰত পানী দিব পাৰিব। কৃষি সঞ্চালক ড০ কবীন্দ্ৰ বৰকাকতিয়ে কয়-আমাৰ পথাৰত থকা অগভীৰ নলী-নাদৰ ভিতৰত বেছিভাগেই ডিজেলচালিত। ডিজেলচালিত অগভীৰ নলী-নাদৰ সহায়েৰে ১ বিঘাত পানী যোগান ধৰিলে যদি ২০০০ টকা লাগে, বিদ্যুৎচালিত নলী-নাদৰ সহায়েৰে দিলে সেই ব্যয় ৭০০-৮০০ টকালৈ নামি আহে’। অসমত বিদ্যুতৰ অভাৱ আছে বুলি মন্তব্য কৰি ড০ বৰকাকতিয়ে কয়-সেয়ে আমি পৰীক্ষামূলকভাৱে কামটো আৰম্ভ কৰিব খুজিছোঁ। বিদ্যুতৰ সহায়ত যদি জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা যায়, তেন্তে কৃষকে বহুলাংশে সকাহ পাব।

কৃষি সঞ্চালকজনৰ মতে, বিভাগে পথাৰত ফিডাৰ লাইন বিভাগীয় খৰচত বহুৱাই দিব। যত বেছিকৈ খেতি কৰা হয়, তেনে ঠাইত পৰীক্ষামূলক প্ৰকল্প হাতত লোৱা হব। অৱশ্যে কত কত বিদ্যুৎ চালিত পাম্প ছেট চলাবলৈ ফিডাৰ লাইন বহুওৱা হ, সেই কথা খাটাং কৰা নাই বিভাগে। সম্প্ৰতি ৰাজ্যত প্ৰায় ২ লাখটা অগভীৰ নলী-নাদ কাৰ্যক্ষম হৈ আছে। এই নলী-নাদেৰে মুঠ কৃষিভূমিৰ ৩০ শতাংশ ঠাই সামৰি লব পাৰি। এই নলী-নাদবোৰ ডিজেলচালিত। এতিয়া বিভাগে পুনৰ ১ লাখটা অগভীৰ নলী-নাদ কৃষকক দিব বিচাৰিছে। তাৰ মাজত থাকিব বিদ্যুৎচালিত অগভীৰ নলী-নাদ। ৫০ শতাংশ ৰেহাই মূল্যত এইবাৰ বড়ো ধানৰ বতৰতে কৃষকৰ ওচৰ পাব এনে অগভীৰ নলী-নাদ। এনেদৰমন্তব্য কৰি ড০ বৰকাকতিয়ে কয় যে খেতিৰ উৎপাদন বঢ়োৱাৰ প্ৰধান উপাদানটোৱেই হল জলসিঞ্চন।

English Summary: Farmer will get Electronic Pump Set

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.