1. কৃষি সঁজুলি

ট্ৰেক্টৰচালিত স্প্ৰেয়াৰ

KJ Staff
KJ Staff
Tractor Spraye
Tractor Spraye

কৃষিখণ্ডত পোক-পতংগ আৰু অপতৃণ নিয়ন্ত্ৰণৰ বাবে বহুল পৰিমাণে স্প্ৰেয়াৰৰ ব্যৱহাৰ হয়। ক’বলৈ গ’লে যিকোনো খেতিৰ বাবে স্প্ৰেয়াৰ হ’ল জীৱনৰেখা।

স্প্ৰেয়াৰ অবিহনে কিবা খেতি কৰাৰ কথা সপোনতো ভাবিব নোৱাৰি। মাত্ৰ কেইদিনমান আগলৈ হাতেৰে চলাব পৰা স্প্ৰেয়িং মেচিনেই আমাৰ অসমৰ কৃষিখণ্ডত চলি যদিও উন্নত প্ৰযুক্তিৰ জৰিয়তে স্প্ৰেয়িং মেচিনৰ ক্ষেত্ৰতো আজিকালি নানা উদ্ভাৱন আমি দেখিবলৈ পাইছোঁ।

এই নতুন প্ৰযুক্তিৰ স্প্ৰেয়াৰ ব্যৱহাৰ কৰি কৃষিকাৰ্যত পূৰ্বৰ তুলনাত অধিক সুফল লাভ কৰাও দেখা গৈছে।

আমি আজি ট্ৰেক্টৰৰ সহায়ত চলাব পৰা স্প্ৰেয়িং মেচিনৰ বিষয়ে আলোচনা কৰিম। এই স্প্ৰেয়াৰৰ টেংক সাধাৰণতে ফাইবাৰ গ্লাছ বা প্লাষ্টিকৰ হয়।

টেংকৰ লগত মেচিনটোত থকা আন অংশবোৰ হ’ল-

*চাকচন পাইপ,

*ষ্ট্ৰেইনাৰ,

*প্ৰেছাৰ গজ,

*প্ৰেছাৰ ৰেগুলেটৰ,

*এয়াৰ চেম্বাৰ,

*ডেলিভেৰী পাইপ আৰু

*নজল লগোৱা স্প্ৰে বুম।

ট্ৰেক্টৰখনৰ তিনি পইন্ট লিংকেজত স্প্ৰেয়াৰটো সংযোগ কৰা হয়। ট্ৰেক্টৰখনৰ পি টি ও পাৱাৰ ব্যৱহাৰ কৰি হাইড্ৰলিক শক্তিৰ সহায়ত স্প্ৰেয়াৰৰ পাম্পটো চলোৱা হয়।

স্প্ৰে কৰা নজলবোৰ দুই ধৰণে সজোৱা থাকে। ব্যৱহাৰ প্ৰয়োজন অনুসৰি নজলবোৰৰ দিশ সলনি কৰি ল’ব পৰা যায়। অভাৰহেড স্প্ৰে বুমৰদ্বাৰা ওখ খেতিত স্প্ৰে কৰিব পৰা যায়।

ট্ৰেক্টৰ চলাচল কৰিবৰ বাবে গছবোৰৰ মাজত ২.৫ মিটাৰ ব্যৱধানৰ খালী ঠাই থাকিব লাগে।

গ্ৰাউণ্ড স্প্ৰে বুমত খেতি আৰু স্প্ৰেয়াৰৰ গঠন অনুসৰি অধিক প্ৰেছাৰ আৰু বেছি ডিচ্ছাৰ্জ পাম্পৰ্দ্বাৰা ২০ টালৈ নজল ব্যৱহাৰ কৰিব পৰা যায়।

ট্ৰেক্টৰৰদ্বাৰা চালিত স্প্ৰেয়িং মেচিনৰ মুঠ-

*দৈৰ্ঘ্য ৬৩৪০ মিঃ মিঃ,

*বহল ১২৯০ মিঃ মিঃ,

*উচ্চতা ১৫৭০ মিঃ মিঃ আৰু

*টেংকৰ আকাৰ ৪০০ লিটাৰলৈ থাকে।

১৫০-২০০ কিলোগ্ৰামৰ মেচিনবোৰে এদিনত সৰ্বাধিক ১৩ টা নজলেৰে ৮ হেক্টৰ মাটিত স্প্ৰে কৰিব পাৰি।

ট্ৰেক্টৰৰ দ্বাৰা চালিত স্প্ৰেয়িং মেচিন ব্যৱহাৰ কৰিবলৈ ২৫-৩০ হৰ্ছ পাৱাৰ/১৭.৫-২২.৫ কিলোৱাট পাৱাৰৰ প্ৰয়োজন হয়। মডেল আৰু নিৰ্মাণকাৰী সংস্থাভেদে এই সংখ্যাবোৰৰ সামান্য তাৰতম্য হ’ব পাৰে।

আনহাতে, এৰো ব্লাষ্ট স্প্ৰেয়াৰত থাকিব ল্লগা অংশবোৰ হ’ল-

*৪০০ লিটাৰ ক্ষমতাৰ এটা টেংক,

*পাম্প,

*ফেন,

*কন্ট্ৰোল ভালভ,

*ফিলিং ইউনিট,

*স্পাউট,

*এডজাষ্টেবল হেণ্ডল আৰু

*স্প্ৰেয়িং নজল।

এই স্প্ৰেয়াৰো ট্ৰেক্টৰৰ তিনি পইন্ট লিংকেজত স্থাপিত কৰা হয় আৰু পি টি ওৰ দ্বাৰা চালিত হয়। পি টি ওৰ প্ৰকাৰ হ’ল ৫৪০ আৰ পি এম।

ট্ৰেক্টৰৰ সহায়ত চলাব পৰা স্প্ৰেয়িং মেচিন ব্যৱহাৰ কৰিলে শ্ৰমিকৰ প্ৰয়োজন কম হ’ব আৰু কম সময়তে অধিক মাটিত স্প্ৰে কৰিব পৰা যাব, নিঃসন্দেহে তাৰ ফলত আপোনাৰ খেতিডৰাৰ কাৰ্যকাৰিতাও বৃদ্ধি পাব।

স্প্ৰে কৰি থকাৰ সময়ত লক্ষ্য কৰিব যাতে পানীৰ ড্ৰপবোৰৰ আকাৰ একে সমান হয়। তেতিয়াহে প্ৰতিজোপা গছত সমান পৰিমাণে স্প্ৰে হ’ব।

স্প্ৰেৰ প্ৰেছাৰ সঠিক হ’ব লাগে, নহ’লে লক্ষ্যস্থানৰপৰা আপোনাৰ স্প্ৰেয়িং বিচ্যুত হ’ব।

আজিকালি বহু ঠাইতে কৃষকসকলে এৰিয়েল স্প্ৰেয়িঙৰো সহায় লোৱা দেখা গৈছে। কিন্তু যিহেতু আমাৰ ৰাজ্যত ক্ষুদ্ৰ আৰু মজলীয়া আকাৰৰ খেতিভূমি বেছি, সেয়ে অদ্যপি এৰিয়েল স্প্ৰেয়িঙে অসমত বৰ বিস্তাৰ লাভ কৰা পৰিলক্ষিত হোৱা নাই।

কোন নিৰ্মাণকাৰী সংস্থা বা প্ৰতিষ্ঠানৰপৰা এই স্প্ৰেয়াৰ ক্ৰয় কৰিব তাকে লৈ আমাৰ কৃষকসকল প্ৰায়ে বিমোৰত পৰা দেখা যায়।

ASPEE কোম্পানীহ’ল স্প্ৰেয়াৰৰ ক্ষেত্ৰত এক নিৰ্ভৰযোগ্য নাম। ভাৰতীয় নিৰ্মাণকাৰী প্ৰতিষ্ঠানবোৰৰ ভিতৰত জগতসুখ ইণ্ডাষ্ট্ৰীজৰ নাম প্ৰণিধানযোগ্য।

যিহেতু ট্ৰেক্টৰেৰে চলাব পৰা স্প্ৰেয়াৰ এক ব্যয়বহুল কৃষি উপকৰণ, সেয়ে ইয়াৰ প্ৰতিটো বিষয় সূক্ষ্মভাৱে পৰ্যালোচনা কৰি আৰু বিজ্ঞজনৰ উপদেশ লৈহে এই সন্দৰ্ভত আগবঢ়া ভাল।

নাজানিলে কেৰেলাতকৈ গুটি দীঘল হ’ব পাৰে। গতিকে সন্তৰ্পণে আগবাঢ়ক, সুফল নিশ্চয় পাব।

English Summary: Tractor Sprayer

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.