1. কৃষি সঁজুলি

গােলাঘাট জিলাৰ কৃষক বন্ধুৰ বাবে সুখবৰ (assam govt offering free agriculture machine to Golaghat District under schemes)

KJ Staff
KJ Staff
Power Tiller
Power Tiller

   চৰকাৰী ৰেহাই মূল্যত গোলাঘাট জিলাৰ কৃষকে লাভ কৰিব বিভিন্ন কৃষি সঁজুলি তথা যন্ত্র ৷ গােলাঘাট জিলাৰ জিলা কৃষি বিষয়া অফিচৰ পৰা কৃষক ৰাইজক জনাইছে যে জিলাখনৰ কৃষক সকলে গােলাঘাট জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত তলত উল্লেখ কৰাৰ দৰে বিভিন্ন আচনিৰ অধীনত ৰেহাই মুলত কৃষি সা-সঁজুলি লাভ কৰিব পাৰে। সেয়েহে ইচ্ছুক কৃষকসকলক অহা ১০/০২/২০২১ তাৰিখৰ ভিতৰত নিজা কৃষি উন্নয়ন বিষয়াৰ যােগেদি প্ৰ-পত্র জমা দিবলৈ অনুৰােধ জনাইছে।

কৃষক সকলে লাভ কৰিব পৰা কৃষি সা-সঁজুলিৰ নাম আৰু কোন আচনিৰ অধীনত লাভ কৰিব সম্পূর্ণ বিৱৰণ তলত দাঙি ধৰা হল -

1.পাৱাৰটিলাৰ RKVY আঁচনিৰ অধীনত ১৭৫ খন ৮৫০০০ টকাৰ ৰেহাই মূল্যত প্রদান কৰা হব।

2.কুঁহিয়াৰ শাল RKVY আঁচনিৰ অধীনত ৩টা ১০৭০০০ টকাৰ ৰেহাই মূল্যত প্রদান কৰা হব।

3.বইভেটৰ (৪২ ব্লেডযুক্ত) BGREl আঁচনিৰ অধীনত ৩০টা ৪৪০০০ টকাৰ ৰেহাই মূল্যত প্রদান কৰা হব।

4.ধান মৰণা মৰা যন্ত্র BGREl আঁচনিৰ অধীনত ২৫ টা ১০০০০০ টকাৰ ৰেহাই মূল্যত প্রদান কৰা হব।

৫ | ধান কটা যন্ত্র RKVY আঁচনিৰ অধীনত ৫০ টা ৬৯২৫০ টকাৰ ৰেহাই মূল্যত প্রদান কৰা হব।

প্ৰ-পত্ৰ সমূহ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব নাইবা www.rkvyassam.in ৱেবছাইটৰ পৰা ডাউনলােড কৰি ল'ব পাৰিব বুলি জানিব পৰা গৈছে।

 

খেতি কৰিবলৈ আপোনাৰ মাটী অভাৱ নেকি? তেন্তে এই পদ্ধতি ব্যৱহাৰ কৰক, কেনো মাটী প্রয়োজ নাই ( soil less ferming method hydroponics Cultivation)

English Summary: Assam govt offering agriculture machine with subsidy under many schemes

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.