স্বাদ, পৰিপুষ্টি, ভেষজ গুণ, চাহিদা আৰু বজাৰ দৰৰ দিশৰ পৰা শ’ল এবিধ উতকৃষ্ট মাছ। অসমৰ উপৰি পঞ্জাৱ, হাৰিয়ানা, মধ্যপ্ৰদেশ, কৰ্ণাটক, কেৰালা, অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ আদি ৰাজ্যত এই মাছ বিধ অতি জনপ্ৰিয়। বায়ুশ্বাসী এই মাছবিধৰ কলক্লোমৰ উপৰি এটি অতিৰিক্ত শ্বসনাংগ থাকে বা নিম্ন অম্লজান দ্ৰৱীভূত তৰাং পানী বা প্ৰদূষিত পানীতো ই জীয়াই থাকে। আনকি পানীৰ বাহিৰতো ই বহু সময় জীয়াই থাকিব পাৰে। শ’ল মাছত ভিটামিন ক, ভিটামিন খ, নিয়াচিন আৰু যথেষ্ট পৰিমাণে ফছফৰাছ, পটাচিয়াম, কেলচিয়াম আৰু চেলেনিয়াম মৌল থাকে। সাধাৰণতে শ’ল মাছ ৯০ চেণ্টিমিটাৰমান ডাঙৰ হয় আৰু সচৰাচৰ সৰু নৈ, বিল, পৰিত্যক্ত জলাশয়, ধাননী পথাৰ আদিত ইয়াক পোৱা যায়।
ই মাংসাশী চৰিত্ৰৰ আৰু মুখ্যত: সৰু মাছ, পোক-পৰুৱা আদি ভক্ষণ কৰে। প্ৰয়োজন সাপেক্ষে ই বাহিৰৰ পৰা প্ৰয়োগিত পৰিপূৰক খাদ্যও গ্ৰহণ কৰে। শ’ল মাছৰ আবিষ্ট প্ৰজনন পুখুৰী, ধাননী পথাৰ আদিত নিৰ্দিষ্ট প্ৰাকৃতিক পৰিৱেশ সূচনাৰে সম্পন্ন কৰিব পাৰি। তদুপৰি ইয়াৰ প্ৰাকৃতিক প্ৰজনন কাল এপ্ৰিলৰ পৰা চেপ্তেম্বৰৰ সময়ছোৱাত সহজতে প্ৰাকৃতিক উতসৰ পৰা পোনা স্ংগ্ৰহ কৰ্ব পাৰি। ভাৰতত শ’ল প্ৰজাতিৰ ৮ বিধ মাশ্ছ পোৱা যায়যদিও শ’ল আৰু শাল মাছৰ জনপ্ৰিয়তাই সৰ্বাধিক। শ’ল মাছৰ আবিষ্ট প্ৰজননেৰে কৃত্ৰিমভাৱে পোনা উতপাদন কৌশল এতিয়ও ব্যৱসায়িক দৃষ্টিত কিছু চালুকিয়া অৱস্থাতে আছে। অৱশ্যে যোৱা কেইবাবছৰো ধৰি মীন বিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা-নীৰীক্ষা আৰু ক্ষেত্ৰভিত্তিক অধ্যয়ন চলাই শ’ল মাছ পালন কৰিবলৈ সক্ষম হৈছে।
সাধাৰণতে বাৰিষাৰ মাহকেইটাত বিল, জলাশয় আদিৰ পৰা পোনা স্ংগ্ৰহ কৰি শ’ল মাছৰ খেতি কৰিবলৈ বিশেষ অসুবিধা নহয়। এই ক্ষুদ্ৰ ক্ষুদ্ৰ পোনাসমূহ স্ংগ্ৰহ কৰি দুমাহমান সৰু পুখুৰীত (সম্ভৱপৰ হ’লে চিমেণ্টৰ টেংকিত) পালন কৰি ৮০-১০০ মিলিমিটাৰ জোখৰ হ’লে ডাঙৰ পুখুৰীত মেলিব লাগে। পৰিচালনাৰ সুবিধাৰ বাবে পুখুৰীবোৰ ০১ হেক্টৰৰ পৰা ০২ হেক্টৰ জলকালিৰ আৰু এইবোৰৰ গভীৰতা ০৭৫মিটাৰৰ পৰা ১ মিটাৰ পৰ্যন্ত হোৱাটো বাঞ্চনীয়। পুখুৰীৰ পাৰটোৰ অন্তৰ্ভাগ আৰু বহিৰ্ভাগৰ ঢাল ক্ৰমে ১:১:৫ আৰু ১:২ হ’ব লাগে। পুখুৰীটোৰ ১০ শতাংশমান জলকালি উত্থিত অপতৃণ যেনে- ভেট, পদুম আৰু মেটেকা, বৰপুণী, এজলা, সৰুপুণী আদি ভাসমান অপতৃণেৰে আবৃত হৈ থাকিলে শ’ল মাছৰ বাবে কিছু প্ৰয়োজনীয় ছাঁ আৰু আশ্ৰয় সুনিশ্চিত হয়। এই অপতৃণ সমূহ একোণত থূপ খুৱাই বাঁহেৰে কেন্দ্ৰীভূত কৰি ৰাখিব লাগে। বৰষুণৰ বতৰত মাছ আন পুখুৰীলৈ জঁপিয়াই যাব নোৱাৰাকৈ পুখুৰীটোৰ চাৰিওফালে ৮০ চেণ্টিমিটাৰৰ পৰ ১ মিটাৰ মান ওখকৈ জাল বা তৰ্জাৰ বেৰ দিয়া উচিত। যদিও শ’ল মাছ প্ৰদূষিত পানীতো থাকিব পাৰে বুলি ওপৰত উল্লেখ কৰি অহা হৈছে, তথাপি এই মাছ পালনৰ বাবে প্ৰদূষনমুক্ত, ৭৫ ৰ পৰা ৮৫ পি এইচ বিশিষ্ট, ৫০-১০০ মিলিগ্ৰাম লিটাৰ ক্ষাৰকত্ব আৰু ৫ মিলিগ্ৰামৰ অধিক দ্ৰৱীভূত অম্লজান থকা পানী বিশেষ উপযোগী।
পুখূৰীত চূণ প্ৰয়োগৰ হিচাব স্ংমিশ্ৰিত মীন পালনৰ দৰে, কিন্তু জৈৱিক আৰু অজৈৱিক সাৰ প্ৰয়োগৰ নিৰিখ কাৰ্প পালনৰ আধা হ’ব লাগে। প্ৰথম কিস্তি সাৰ প্ৰয়োগৰ পাছত সৰু সৰু বিভিন্ন মাছ, যেনে ডৰিকণা মোৱা অদি চ’লৰ পৰৱৰ্তী সময়ৰ খাদ্য হিচাবে হেক্টৰে প্ৰতি ১০০০-২০০০ টা আন উতসৰ পৰা আনি মেলিব লাগে। শ’ল মাছে জাক পাতি থাকে আৰু ই কম অক্সিজেনযুক্ত পানীতো থাকিব পাৰে বাবে অধিক ঘণত্বত পোনা মেলিব পাৰি। আঙুলি জোখৰ পোনা হেক্টৰে প্ৰতি ২০০০০-৩০০০০ মেলিলেও কোনো অসুবিধা নহয়। খাদ্য হিচাবে কাৰ্প পালনত ব্যৱহাৰ কৰা খাদ্য শ’লৰ বাবে অনুমোদিত নহয়, যিহেতু ই তেনে খাদ্য ভক্ষণ নকৰে। সেয়েহে বিভিন্ন কম গুৰুত্বপূৰ্ণ মাছৰ কেচাগুড়ি, শুকান মাছৰ গুড়ি, জীৱ-জন্তুৰ পেলনীয়া নাড়ি-ভুঁৰু আদিৰ স্ংমিশ্ৰণেৰে খাদ্য প্ৰস্তুত কৰি শ’ল মাছক দিব পাৰি। তদুপৰি পুখুৰীটোৰ ওপৰত নিশা লাইট বা পোহৰৰ ব্যৱস্থা কৰিলে বিভিন্ন কীট-পত্ংগ পৰে, যিবোৰ শ’ল মাছৰ উতকৃষ্ট খাদ্য হয়। সাধাৰণতে প্ৰথম মাহত প্ৰতি হেক্টৰত ৫ কিলোগ্ৰামকৈ খাদ্য দৈনিক দিব লাগে আৰু পৰৱৰ্তী মাহসমূহত চতুৰ্থ মাহলৈ ওপৰঞ্চি দৈনিক ৫ কিলোগ্ৰমকৈ খাদ্য দিয়া বাঞ্চনীয়। অৱশ্যে, পঞ্চম মাহৰ পৰা এই বৃদ্ধি হেক্টৰে প্ৰতি দৈনিক ১০ কিলোগ্ৰামকৈ কৰিব লাগে। শ’ল মাছৰ ব্যৱসায়িক বিজ্ঞানসন্মত পালন এতিয়াও অসমত আৰম্ভ হোৱা নাই যদিও দুই-এজন অনুসন্ধিতসু মীনপালকে এই মাছ পালনৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছে। অসম চৰকাৰৰ মীন বিভাগৰ উলুবাৰী মীন পামতো শ’ল মাছৰ পোনা উত্পাদন সম্ভৱ হৈছিল আৰু পৰৱৰ্তী সময়ত মাছবিধ পালনৰ সফলতাও আশাব্যঞ্জক আছিল বুলি বিশিষ্ট মীন বিশেষজ্ঞ ড0 সঞ্জয় শৰ্মাই জানিবলৈ দিছে। বিগত কিছুবছৰ ধৰি শ’ল মাছৰ প্ৰজনন আৰু পালনৰ লগত বিশেষ পৰ্যবেক্ষণমূলক অধ্যয়নত ড0 শৰ্মাৰ মতে সমন্বিত ধান আৰু মীন পালনত পথাৰখনৰ চাৰিওদিশে ৬০ চেণ্টিমিটাৰমান ওখকৈ বান্ধ দি পথাৰখনৰ পৰিসীমাত ৫০ চেণ্টমিটাৰমান বহল আৰু ৩০ চেণ্টিমিটাৰমান দ নলা খান্দি ল’ব লাগে। পথাৰখনৰ দ অংশটিত এক মিটাৰ দকৈ এটা সৰু পুখুৰী খান্দি নলাবোৰ স্ংযোগ কৰি দিব লাগে। নিৰ্দিষ্ট সমন্বিত ধান আৰু মীন পালন ক্ষেত্ৰখনলৈ পানী সোমোৱা আৰু ওলোৱা আগম নলী আৰু নিৰ্গম নলী থকাটো বাঞ্চনীয়।
পথাৰত ধান খেতিৰ বাবে প্ৰয়োজনীয় সাৰ প্ৰয়োগ, চূণ প্ৰয়োগ আদি অব্যাহত ৰাখিব লাগে। আঙুলি জোখৰ শ’লৰ পোনা হেক্টৰে প্ৰতি ১০,০০০টা মেলা বাঞ্চনীয়। সৰু সৰু অবাঞ্চিত মাছ কিছু এৰি দিব লাগে। কাৰণ এইবোৰ শ’লৰ উত্কৃষ্ট খাদ্য। পৰিপূৰক খ্যাদ্যৰ ভিতৰত কুকুৰাৰ নাড়ি-ভুঁৰ সিজাই লৈ চাউলৰ মলৰ লগত মিহলাই লাড়ু কৰি দৈনিক মুঠ মাছৰ ওজনৰ ৫ শতাংশ হিচাবত খাদ্য দিব লাগে। আগতে কোৱাৰ দৰে সৰু সৰু পোক-পৰুৱাক আকৰ্ষিত কৰিবলৈ ধাননি পথাৰৰ ওপৰত লাইটৰ ব্যৱস্থা কৰা উচিত। পৰাপক্ষত মাছ খোৱা চৰাইৰ যাতে প্ৰৱেশ নঘটে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰখা উচিত। বিশেষজ্ঞগৰাকীয়ে জনোৱা মৰ্মে পৰীক্ষামূলকভাৱে বকোত ত্তেওঁ কৰা এই সমন্বিত পালনৰ সফলতা অতি আশাব্যঞ্জক। এই ধৰণে কৰা খেতিৰ পৰা আঢ়ৈ মাহতে গড়ে ১৫০-২০০ গ্ৰাম উৎপাদন পোৱা গৈছে। ধাননি পথাৰত কিছু নিৰ্দিষ্ট পটভূমিৰ সূচনা কৰি শ’ল মাছৰ পোনা উৎপাদনো কৰিব পাৰি।
ইতিমধ্যে বিশ্বৰ অগ্ৰণী মীন গৱেষণা প্ৰতিষ্ঠান ভুৱনেশ্বৰৰ কেন্দ্ৰীয় অলৱণীয় পানীৰ জলস্ংবৰ্দ্ধন প্ৰতিষ্ঠান আৰু হায়দৰাবাদৰ ৰাষ্ট্ৰীয় মীন উন্নয়নৰ পৰিষদৰ বিজ্ঞানীসকলেও এই দিশত কাম-কাজ আৰম্ভ কৰিছে আৰু ড0 শৰ্মাৰ লগত সহমত পোষণ কৰিছে। আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ মীন বিজ্ঞানী ড0 কুলদীপ কুমাৰে অসমৰ প্ৰেক্ষাপটত শ’ল মাছ পালনৰ গ্ৰহণযোগ্যতা সম্পৰ্কে দৃঢ় মত পোষণ কৰিছে। ৰাজ্যৰ চাহিদা আৰু বজাৰ দৰৰ লগফতে আন্ত:গাঠনিক সূচলতাখিনি বিবেচনা কৰি শ’ল মাছৰ খেতি কৰাটো নি:সন্দেহে হ’ব ইতিবাচক পদক্ষেপ। ধান খেতিৰ লগত শ’ল মাছ পালন কৰি আমিও গুণিতক উৎপাদন লাভ কৰিব পাৰোঁ।
লেখক-ধ্ৰুৱজ্যোতি শৰ্মা, দৈনিক অসম (সংগৃহীত)
লগতে পঢ়ক-মাছৰ প্ৰজনন আৰু পোনা সংগ্ৰহ-