সংমিশ্ৰিত পদ্ধতিত মীন পালন কৰি ব্যৱসায়ত লাভালাভ হ’বলৈ পুখুৰীত আগৰ বছৰৰ ড্ৰপ পোনা বা বছেৰীকীয়া পোনা মেলা অতিকৈ দৰকাৰ। প্ৰথমে পুখুৰী খালি কৰি পুৰণি মাছ উঠাই বিক্ৰি কৰা উচিত। মেটেকা, ঘাঁহ-বন পুখুৰীৰ পাৰৰ লগতে পুখুৰীৰৰ পানীৰ ওপৰিভাগৰ পৰা আঁতৰাই পেলাব লাগে। নহ’লে যেতিয়া পুখুৰীৰ পানী বাঢ়িব এই ঘাঁহ-বন লতা-জাতীয় গঠবোৰ পানীত ডুব গৈ গেলি-পচি পুখুৰীৰ পানী গুণা-গুণ নষ্ট কৰাৰ লগতে পোহা মাছসমূহৰ মৃত্যু পৰ্যন্ট হ’ব পাৰে।
যদি সুবিধা হয় পুখুৰীৰ তলিভাগ হাল বাই মাটিখিনি ওপৰ-তল কৰি দিলে বহুখিনি বেক্টেৰিয়া আৰু মাছৰ অপকাৰী বহুখিনি বীজাণু সূৰ্যৰ পোহৰতে ধ্বংস হৈ যায়। এতিয়া প্ৰতিবিঘা মাটিত ৩০-৪০ কেজি মৰা চূন প্ৰথম কিস্তি হিচাপে পানীত আগদিনা গধূলি গলাই ৰাখি পিছদিনা পুখুৰীত প্ৰয়োগ কৰক। চূন দিয়াৰ ৭ দিনৰ পাছত নতুন পুখুৰীত বিঘাই প্ৰতি ১ টেক্টৰ সাত দিনৰ পৰা তিনি মাহৰ পুৰণি গোৱৰ প্ৰয়োগ কৰক। গোৱৰ দিয়ামৰ পাছত প্ৰতি বিঘাত প্ৰায় ২০ কেজি খলিহৈ, এক কেজি ইউৰিয়া ৪ কেজি চুপাৰ ফচফেট পানীত ৪ দিন মান গেলাই ৰাখি পুখুৰীৰ পানী প্ৰায় দুফুট থকা অৱস্থাত পানীৰ ওপৰিভাগত প্ৰয়োগ কৰক। পুখুৰীত ১.৫ ফুটৰ পৰা ২ ফুট পানী থকাৰ অৱস্থাত পুখুৰীৰ পানী থকা অৱস্থাত বিঘাই প্ৰতি ৫ কেজি হাৰত টক্সিমা পাউদাৰ পানীৰ লগত গুলি প্ৰয়োগ কৰিলে পানীত থকা বিষাক্ত পদাৰ্থ আৰু গেছবিলাক নিষ্কিয় কৰি পেলায়। ইয়া্ৰ ৩ দিন মানৰ পাছত পুখুৰীত জাল টানিলে তলীখনত গোট খাই থকা বিষাক্ত গছবোৰৰ পৰা নিস্তাৰ পোৱা যায়। ইয়াৰ সমান্তৰালভাৱে কিছু পৰিমানে প্ৰোবায়টিক ব্যৱহাৰ কৰিলে অধিক সুফল পোৱা যায়। ইয়াৰ সমান্তৰালভাৱে কিছু পৰিমাণে প্ৰোবায়টিক ব্যৱহাৰ কৰিলে অধিক সুফল পোৱা যায়।
এইখিনি কাম কৰিলে পুখুৰীটোত মাছৰ বাবে উপযুক্ত খাদ্য আৰু থকাৰ পৰিৱেশ সৃষ্টি হ’ব। যি পুখুৰীত মেলিবলগীয়া বছেৰেকীয়া পোনা বা ড্ৰপ পোনাবোৰ বাঢ়ন অতি ক্ষিপ্ৰ হয়। আমি জনা আৱশ্যক যে এই ড্ৰপ পোনা বা বছেৰেকীয়া পোনাবোৰ অধিক ঘনত্বত আৰু কম পৰিমাণে খাদ্য খোৱাই পোনা প্ৰতিপালক বা বিক্ৰেতাসকলে আগৰ বছৰ শীতকালিৰ আগৰ পৰাই নতুন চিজনৰ বাবে ৰাখি থয়, কিয়নো এই পোনা নতুনকৈ উল্লেখিত পদ্ধতিৰে প্ৰস্তুত কৰা পুখুৰীত মেলাৰ লগে লগে উভেনদী খাদ্য আৰু উপযুক্ত পৰিৱেশৰ বাবে অতি ক্ষিপ্ৰগতিত ডাঙৰ হয়।
পুখুৰীৰ পানী ৰং মুগা, সেউজীয়া হ’লে ইয়াত মাছৰ বাবে লাগতিয়াল খাদ্য পদাৰ্থ আৰু প্লাৱক প্ৰস্তুত হোৱা বুলি ধৰা হয়। কিছুমান পুখুৰীত পানী ঘোলা হৈ থকা দেখা যায়। উপৰোক্ত কামখিনি কৰাৰ পিছতো ইয়াৰ কাৰণ নতুন পুখুৰীৰ পাৰৰ পৰা মাটি খহিম বা অধিক পৰিমাণে কমন কাপ মাছ পুখুৰীত থাকিলে পানী ঘোলা হ’ব পাৰে। প্ৰোৱায়টিক ব্যৱহাৰ কৰিলে মাছ পাচন তন্ত্ৰত উপকাৰী বেক্টেৰীয়া বিলাকে থিতাপি লৈ বেছিকৈ পাচক ৰস ক্ষৰণ কৰাৰ ফলত মাছবিলাকৰ খাদ্যৰ প্ৰতি ধাউতি বাঢ়ি যায় আৰু মাছৰ বৃদ্ধি খৰতকীয়া হয়। প্ৰোবায়টিক পাউডা দোকানৰ পৰা আনি পোনে পোনে ব্যৱহাৰ নকৰিব। এটা পাত্ৰত ১৪ লিটাৰ পানীৰ লগত ১.৫ কেজি গুড় বা মিঠৈ পগাই লৈ ঠাণ্ডা কৰি ৩.৩ কেজি এগিমিন ২.৩ কেজি ৰাইচ পলিচ আৰু ৭০ গ্ৰাম ইষ্ট বেক্টেৰিয়া ভালদৰে মিহলি কৰি লৈ ৪৮ ঘন্টাৰ পিছত উপৰৰ মিশ্ৰণখিনিৰ লগত ১.৩ লিটাৰ বায়মিৰাইন মিহলাই পুনৰ ৬ ঘন্টা থৈ দিয়ক। ছঘন্টাৰ পাছত মিশ্ৰণখিনি পানীত ছটিয়াই দিয়ক। মিশ্ৰণখিনি ছটিয়াওৱাৰ সাত দিনৰ ভিতৰত পানীৰ ৰং গাঢ় সেউজীয়া হ’ব। ইয়ে পানীত পৰ্যাপ্ত প্ৰাকৃতিক আহাৰ যেনে- উদ্ভিদ প্লাৱক আৰু প্ৰাণীপ্লাৱক সৃষ্টিু হোৱাটো সূচায়। ইয়াৰ পাছত আৰু ৩ ফুট আৰু ৩ ফুট পানী ভৰাই দিব লাগে। এইখিনি কৰাৰ পাছত আপোনাৰ পুখুৰী পোনা মেলাৰ বাবে প্ৰস্তুত হৈ উঠিব। মাছ মেলাৰ আগ দিনা প্ৰতিবিঘা জলকালীত ৬.৫ কেজি ৱাটাৰ মিন প্ৰয়োগ কৰিব।
প্ৰতিবিঘা পুখুৰীৰ বাবে বাহু বা ভকুৱা মাছ ১০০ টা, গ্ৰাছ কাপ ২৫, ছিলভাৰ ২৫, জয়ন্তী ৰৌ ৪০০ টা, আমুৰ কমন কাপ ৩৫০ টা আৰু মিৰিকা ১০০ টা মান মেলিব লাগে। পোনাৰ ওজন ৫০-১০০ গ্ৰাম বা কিছু ক্ষেত্ৰত ডাঙৰ হ’লে মাছ সোনকালে বাঢ়িব।
মাছৰ প্ৰজাতি শতকৰা হাৰ সংখ্যা
চিলভাৰ কাপ ২.৫ ২৫
গ্ৰাৰ্চ কাপ ২.৫ ২৫
বাহু বা ভকুৱা ১০ ১০০
জয়ন্তী ৰৌ ৪০ ৪০০
আমুৰ কমন কাপ ৩৫ ৩৫০
মিৰিকা ১০ ১০০
মাছৰ পোনা পুখুৰীত মেলাৰ পাছত খাদ্য যোগানৰ দিশটো অতিশয় উল্লেখনীয়। সাধাৰণতে মীন পালনৰ বাবে ৬০ শতাংশ খৰচ খাদ্য যোগানৰ নামত হয়। মাছৰ ওপঙা দানা সাধাৰণতে মীন পালকসকলৰ মাজত জনপ্ৰিয়। এই দানাসমূহত প্ৰটিনৰ শতকৰা হাৰ ২৪-৩০ শতাংশ হোৱাটো বাঞ্চনীয়। কিন্তু এই দানাৰ প্ৰতিকেজিৰ দাম ৫৫-৬০ টকাৰ ভিতৰত বজাৰত উপলব্ধ হয়। মাছৰ ক্ষেত্ৰত Feed Feed Conversion Ratio বা খাদ্য ওজনলৈ পৰিৱৰ্তন কৰা হাৰ ১.৫ পৰা ২.০০ মানে ১ কেজি পৰা ডেৰ কেজিৰ পৰা দুই কেজি আহাৰ গ্ৰহণ কৰি একোটা মাছ ১ কেজি ওজন প্ৰাপ্তি হয়। এইিনিনিতে আমাৰ মাছ পালকসলে অসুবিধাৰ সন্মুখীন হয় প্ৰায় ১২০ টকাৰ খাদ্য খোৱাই লগতে মাছ পোনা কিনাৰ দৰ হিচাপে কৰিলে মীন পালনৰ অৰ্থনীতিয়ে কৃষকক জুৰুলা কৰি পেলাব। গতিকে কৃষকজনে যিমান পাৰি পুখুৰীত প্ৰাকৃতিক আহাৰ সৃষ্টি কৰাত গুৰুত্ব দিব লাগে। কিন্তু যধে-মধে ইউৰীয়া আৰু চুপাৰ ফচফেট সাৰ পানীত পুখুৰীত প্ৰয়োগ কৰি নহয়। স্থানীয়ভাৱে উপলব্ধ চাউলৰ মল আৰু সৰিয়হৰ খলিহৈ ওপঙা কিনা দানাৰ সলনি কিছু পৰিমাণে ব্যৱহাৰ কৰিলে উতপাদন ব্যয় কিচু কমি আহে। তাৰ ওপৰিও প্ৰাকৃতিক খাদ্য বৃদ্ধিৰ বাবে মীন পালকসকলে পুখুৰীৰ তলত উল্লেখিত মিশ্ৰণটো ঘৰতে প্ৰস্তুত কৰিও সুফল পাব পাৰে। ডাঙৰ প্লাষ্টিকৰ দাম এটাত প্ৰতিবিঘা পানী কালিৰ বাবে ৭ কেজি গোৱৰ, ৮ কেজি খলিহৈ, ৫ কেজি চাউলৰ মল, ২ কেজি গুৰ বা মিঠৈ, ২০০ গ্ৰাম ইষ্ট পাউদাৰ কুহুমীয়া গৰম পানীত সক্ৰিয় কৰি লৈ চুপাৰ ১০০ গ্ৰাম, ইউৰীয়া ১০ গ্ৰাম আৰু প্ৰোবায়টিক পাউদাৰ ২০০ গ্ৰাম প্লাষ্টিকৰ দামটোত প্ৰায় ৪০ লিটাৰ পানী দি বতাহ সোমাব পৰাকৈ ঢাকি থব। মাজে মাজে মিশ্ৰণটো মাৰিৰে লৰাই বায়ু চলাচল কৰাৰ সুবিধা কৰিলে ৪ দিনৰ পাছত পুখুৰীত প্ৰয়োগ কৰিলে পুখুৰীত ব্যাপক ৰূপত মাছৰ প্ৰাকৃতিক আহাৰ প্ৰস্তুত হ’ব।
মীনপালনৰ বাবে উষ্ণতা আৰু পানীৰ PH সথিকভাৱে থকাটো অতিশয় জৰুৰী। মাছ পোহা পুখুৰী এটাত ৩২.c ৰ পৰা ৩৫.c ৰ ভিতৰত উষ্ণতা আৰু ৬.৫ ৰ পৰা ৮.৫ ৰ ভিতৰত পানীৰ PH থকাটো বাঞ্চনীয়। পানীৰ বাবে PH আৱশ্যক অনুসাৰে ৰাখিবলৈ প্ৰতিমাহে পুখুৰীত PHত অনুসৰি ৫-১০ কেজি চুন প্ৰয়োগ কৰাটো আৱশ্যক। কিন্তু উষ্ণতা প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰিত হয়, তাত মীন পালকৰ হাত নাথাকে, সঠিক উষ্ণতাত থাকিলে মাছৰ বৃদ্ধি দ্ৰুত হয়।
কিন্তু উষ্ণতাৰ লগত দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণৰ ওভটা সম্পৰ্ক, এটা বাঢ়ি গলে আনটো কমি যায়। মানে উষ্ণতা বাঢ়ি গলে দ্ৰবীভূত অক্সিজেনৰ পৰিমাণ কমি গৈ মাছবিলাক পানীৰ উপৰিভাগত কমাই থকা দেখা যায়। দিনৰ উষ্ণতা ৩৫.চিৰ ওপৰত গলে মাছক দানা নিদিয়াই ভাল। অক্সিজেনৰ পৰিমাণ কম থাকিলে খাদ্যখিনি মাছে সম্পূৰ্ণকৈ নাখায়, ব্যৱহাৰ নোহোৱা খাদ্যই পুখুৰীটোত কেৱল অতিৰিক্ত জৈৱিক পদাৰ্থ যোগ দিব আৰু এনে পৰ্দাৰ্থক সি লাগিলে গেলা-পচা ঘাঁহ-বন বা গোৱৰ বাব মাছৰ এৰেহা খাদ্যই হওঁক পচন কৰিবলৈ পানীত থকা উপকাৰী বেক্টেৰীয়াক প্ৰয়োজন হয় অধিক পৰিমাণৰ দ্ৰবিভূত অক্সিজেনৰ আৰু ই পুখুৰীত অক্সিজেনৰ নাটনীৰ সৃষ্টি কৰে। সেইবাবে অত্যধিক গৰম দিনত দানা গোৱৰ, খলিহৈ বা কিন্বনৰ দ্বাৰা সৃষ্টি কৰা দানা পুখুৰীত নিদিব। পানীত অক্সিজেনৰ পৰিমাণ কম থাকিলে চুন নিদিব, চুন দিলে তাত থকা উদ্ভিদ প্লাৱক মৰি যায়, ফলত সালোক সংশ্লেষণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হয়। আজিকালি বৃহত পুখুৰীৰ মীন পালকসকলে জিওলাইটৰ ব্যৱহাৰ কৰে, শেলাই অপকাৰ নহ’বলৈ বা পুখুৰীৰ উপকাৰী দ্ৰবিভূত অক্সিজেন প্ৰস্তুত কৰা শেলাইবিলাক নমৰিবলৈ। পুখুৰীৰ পানীত থকা শেলাই আৰু জলজ উদ্ভিদে সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কৰোঁতে পুখুৰীত দ্ৰবীভূত অক্সিজেনৰ সৃষ্টি হয়। গ্ৰীষ্মকালত বৰষুণ, মেঘাছন্ন দিনৰ সময়বোৰ উদ্ভিদৰ সালোক-সংশ্লেষণৰ দ্বাৰা অক্সিজেন উপাদান যথেষ্ট হ্ৰাস কৰিব পাৰে। সেইবাবেই গৰমৰ দিনত কোনো বাহ্যিক কাৰণ নেদেখুৱাই মাছ মৰি পুখুৰীত উপঙি থাকে। এনে হ’লে পুখুৰীৰ পানীত ফলা বাহে মাৰিব, অগভীৰ নলী-নাদ বা ছেলফিন্টাৰ মেছিনেৰে পানীৰ সৰু সৰু ফ্লোৱাৰ সৃষ্টি কৰি পুখুৰীৰ পৃষ্ঠভাগত পেলাব আৰু একো সুবিধা নাথাকিলে পুখুৰীৰ পানীত নামি সাতুৰি-নাদুৰি দিলে পানীৰ দ্ৰবীভূত অক্সিজেন বৃদ্ধি পাব।
লিখক- পৰাগ শইকীয়া,মীন বিশেষজ্ঞ, কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপ, অসম কৃষি বিশ্ববিদ্যালয়