
পানীত উদ্ভিদপ্লৱক আৰু প্ৰাণীপ্লৱকৰ পৰিমাণ বঢ়াবলৈ সাৰ প্ৰয়োগ কৰা হয় যদিও মীন পালনত মাছৰ আশানুৰূপ বৃদ্ধি পাবলৈ পৰিপূৰক খাদ্য প্ৰয়োগৰ প্ৰয়োজন অধিক। পোনা এৰাৰ এদিন পিছৰ পৰাই পৰিপূৰক খাদ্য হিচাপে চাউলৰ মল আৰু সৰিয়হৰ খলিহৈৰ মিশ্ৰণ(১/১) পুখুৰীত প্ৰয়োগ কৰিব লাগে।
এবিঘা পানীকালিৰ পুখুৰীত পোনা মেলা মাহৰ পৰা মাছ উঠোৱা মাহলৈ খাদ্য যোগানৰ নিৰিখ হ’ল-১ম মাহ ১ কিঃ গ্ৰাঃ, ২য় মাহ ২ কিঃ গ্ৰাঃ, ৩য় মাহ ২.৫০ কিঃগ্ৰাঃ, ৪ৰ্থ মাহ ৩.২৫ কিঃগ্ৰাঃ, ৫ম মাহ৪ কিঃ গ্ৰাঃ, ৬ষ্ঠ মাহ ৪.৭৫ কিঃগ্ৰাঃ, ৭ ম মাহ ৫.২৫ কিঃগ্ৰাঃ, ৮ ম মাহ ৬ কিঃগ্ৰাঃ, ৯ ম মাহ ৬.৭৫ কিঃগ্ৰাঃ, ১০ ম মাহ ৭.৫০ কিঃগ্ৰাঃ। কিন্তু দুৰ্ভাগ্যবশতঃ বহু মীন পালকে পুখুৰীত পোনা মেলাৰ পাছত মাছৰ খাদ্যৰ প্ৰয়োজনীয়তা উপলব্ধি নকৰে আৰু ফলত মাছৰ উৎপাদন আশানুৰুপ নহয়।
যিহেতু অক্টোবৰ-নৱেম্বৰ মাহলৈকেহে মাছৰ বৃদ্ধিৰ বাবে উপযুক্ত সময়, গতিকে পোনা মেলাৰ পৰা এইকেইটা ১০ মাহলৈকে পুখুৰীত উপযুক্ত পৰিমাণৰ খাদ্য যোগান ধৰাটো নিতান্তই প্ৰয়োজনীয়। মাছক প্ৰতিদিনে পুৱা আৰু আবেলি এক নিৰ্দিষ্ট ঠাইত খাদ্য দিয়াৰ ব্যৱস্থা কৰিব লাগে। পুখুৰীৰ দুই বা তিনি ঠাইত বাঁহ পুতি পানীৰ এফুট তলত বাঁহেৰে সজোৱা ডলা বান্ধি খাদ্যখিনি ভালদৰে মিহলাই লাডু কৰি দিব লাগে।
এনে কৰিলে খাদ্যৰ অপচয় নহয় আৰু দিয়া খাদ্যখিনি মাছে ভালদৰে গ্ৰহণ কৰিছে নে নাই চাব পাৰি।প্ৰয়োজন অনুসৰি খাদ্যৰ পৰিমাণ বঢ়াব বা কমাব পাৰি। প্ৰতি কিলোগ্ৰাম ভূচি আৰু খনিজ পদাৰ্থ ১০ গ্ৰাম হাৰত মিহলাই দিলে ভাল ফল পোৱা যায়।
লগতে পঢ়ক-কুচিয়া মাছ পালন আৰু পৰিবেশৰ ওপৰত ইয়াৰ প্ৰভাৱ-
লেখকঃ সঞ্জয় শৰ্মা (সংগৃহীত)
Share your comments