মীন পালকসকলৰ পুখুৰী প্ৰস্তুতিৰ এয়া উত্তম সময়। মাছ পালনক জীৱিকাৰ আহিলাৰূপে গ্ৰহণ কৰা মীনপালকসকলে তেওঁলোকৰ পুখুৰীবোৰ মাছ পালনৰ বাবে উপযুক্ত কৰি তাত মাছপোনা মেলাৰ সময় সমাগত। এই সময়খিনিতে যদি পুখুৰীটো শুকাই থোৱা আছে, তেনেহ’লে তাত মৎস্য পালনৰ কৰ্মপঞ্জী অনুসৰি প্ৰথমে তলিৰ অপৰদসমূহ আঁতৰ কৰিব লাগে। এই তলিৰ বোকাসমূহ পুখুৰীৰ পাৰত ব্যৱহাৰ কৰি পাৰটো মজবুত কৰাৰ লগতে পাৰত থকা উদ্যান শস্যৰ গছবোৰক সাৰ যোগান ধৰাৰ লেখীয়া হয়। তলিৰ বোকা অপসাৰণ কৰাৰ পিছত যদি পুখুৰীত পাৰত ডাঙৰ গছ আছে তেনেহ’লে তাৰ ডাল-পাতসমূহ কাটিব লাগে, যাতে পুখুৰীটোত দিনটোৰ সৰহ সময় ৰ’দ পৰে।
এই কামখিনি কৰাৰ পিছত পুখুৰীত চূণ দিব লাগে। পুখুৰীত চূণ দিয়াটো সাৰ প্ৰয়োগৰ প্ৰথম পদক্ষেপ হিচাপে গণ্য কৰা হয়। চূণ পুখুৰীত বিভিন্ন কাৰণত দিয়া হয়। তাৰ ভিতৰত প্ৰধান কাৰণ হৈছে মাটিৰ পি এইচৰ মান ঠিক কৰি পানীৰ পি এইচ মাছ পালনৰ উপযোগী কৰি তোলা। মাছ পালনৰ বাবে পানীৰ পি এইচৰ মান ৬.৫-৯ হ’ব লাগে। মাটিত চূন প্ৰয়োগ কৰি পুখুৰীৰ তলিত হাল বাই বা কোৰ মাৰি চূণ মিহলি কৰি দিব লাগে। এইটো কৰিলে পুখুৰীত মাটিত থকা বীজাণু ধ্বংস হ’ব। অসমৰ মাটি যিহেতু আম্লিক, সেয়েহে প্ৰতিজন মীনপালকে পুখুৰীত চূণ প্ৰয়োগ কৰাটো দৰকাৰ। চূণে পানীৰ আম্লিক গুণ নাশ কৰি ক্ষাৰকীয় কৰে, যি মাছ পালনৰ উপযোগী। প্ৰতি হেক্টৰ পানী কালিৰ এটা পুখুৰীত প্ৰথম কিস্তিত ২০০ কিলোগ্ৰাম চূণ দিয়াৰ প্ৰয়োজন। তাৰ পিছত প্ৰতি মাহে চূণ দিব লাগে। চূণ দিয়াৰ পিছত পুখুৰীত কেঁচা গোবৰ দিব লাগে। ইয়াক সাৰ প্ৰয়োগৰ দ্বিতীয় পদক্ষেপ হিচাপে ধৰা হয়। এই সাৰ দিয়াৰ মূল উদ্দেশ্য হ’ল- পুখুৰীত প্ৰাকৃতিক খাদ্যৰ যোগান ধৰা। এই প্ৰাকৃতিক খাদ্য যদি পুখুৰীত উভৈনদী হয়, তেনেহ’লে মাছৰ বৃদ্ধি খৰকতীয়া হয়। নিৰিখমতে কেঁচা গোবৰ পুখুৰীত প্ৰয়োগ কৰাৰ পিছত প্ৰতি মাহে ইয়াক পুনৰ প্ৰয়োগ কৰিব লাগে। কেঁচা গোবৰ পুখুৰীত প্ৰয়োগ কৰাৰ পিছত পুখুৰীত যেতিয়া ২ ফুট পানী হ’ব, তেতিয়া তাত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ হিচাপে ইউৰিয়া, ছিংগল ছুপাৰ ফছফেট ব্যৱহাৰ কৰা হয়। ইয়াক পুখুৰীত প্লৱক বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা হয়। আমাৰ বহু মীনপালক তথা সৰ্বসাধাৰণ লোকে মাছে ইউৰিয়া খায় বুলি ভাবে। আচলতে মাছে ইউৰিয়া বা ছিংগল ছুপাৰ ফছফেট নাখায়, ই পৰোক্ষভাৱে সহায় কৰে। পুখুৰীৰ পানীত এই সাৰসমূহ প্ৰয়োগ কৰাৰ ফলত পানীত এবিধ পোকৰ সৃষ্টি হয়, যাক প্ৰাণীপ্লৱক মাছৰ উদ্ভিদপ্লৱক বুলি জনা যায়। এই প্ৰাণীপ্লৱক আৰু উদ্ভিদপ্লৱক মাছৰ প্ৰিয় খাদ্য। বিভিন্ন প্ৰজাতিৰ মাছ আমি পুখুৰীত প্ৰতিপালন কৰোঁ, তেতিয়া এই মাছবোৰে ইয়াক প্ৰাকৃতিক খাদ্য হিচাপে গ্ৰহণ কৰে। গতিকে মনত ৰাখিব লাগে যে মাছে ইউৰিয়া বা ৰাসায়নিক সাৰ প্ৰত্যক্ষভাৱে গ্ৰহণ নকৰে অৰ্থাৎ নাখায়। নিৰিখমতে ৰাসায়নিক সাৰ পুখুৰীত মাহে মাহে প্ৰয়োগ কৰিব লাগে। তালিকা-১ত সাৰ প্ৰয়োগৰ নিৰিখ এক হেক্টৰ পানী কালিৰ বাবে দিয়া হ’ল-
দ্ৰব্য
পৰিমাণে(প্ৰতি হেক্টৰ)
প্ৰতি মাহত
মন্তব্য
চূণ
প্ৰথম কিস্তি
৬০ কিঃগ্ৰাঃ
বছৰেকত ৮০০ কিঃগ্ৰাঃ প্ৰয়োজন
২০০ কিঃগ্ৰাঃ
৭০০ কিঃগ্ৰাঃ
কেঁচা গোবৰ
৩০০ কিঃগ্ৰাঃ
২৮ কিঃগ্ৰাঃ
বছৰেকত ১০,০০০ কিঃগ্ৰাঃ প্ৰয়োজন
ইউৰিয়া
২৮ কিঃগ্ৰাঃ
৩০ কিঃগ্ৰাঃ
বছৰেকত ২৪০ কিঃগ্ৰাঃ প্ৰয়োজন
ছিংগল ছুপাৰ ছফফেট
৩০ কিঃগ্ৰাঃ
৩০ কিঃগ্ৰাঃ
বছৰেকত ৩০০ কিঃগ্ৰাঃ প্ৰয়োজন
ৰাসায়নিক সাৰ দিয়াৰ ১৫ দিন পিছত পুখুৰীটো মাছ পালনৰ উপযোগী হয়। পুখুৰীৰ পানী যদি সেউজ নীলা হয়, তেনেহ’লে বুজিব লাগিব যে ই মাছ পালনৰ উপযোগী হৈছে। পুখুৰীত যদি তিনি ফুট পানী হৈছে, তেনেহ’লে মাছপোনা পুখুৰীত মেলিব পৰা যায়। এইখিনিতে এটা অতি গুৰুত্বপূৰ্ণ কথা হ’ল- অসমৰ ক্ষেত্ৰত এই সময়ছোৱত অৰ্থাৎ এপ্ৰিল মাহত মাছপোনা পোৱাটো অসম্ভৱ হয়। কাৰণ, অসমত মাছে কণী এৰি পোৱালি দিয়া সময় হ’ল মে’, জুন, জুলাই মাহ। গতিকে মে’ মাহত জন্ম হোৱা পোৱালিবোৰ পুখুৰীত পালনৰ বাবে জুলাই-আগষ্ট মাহতহে মেলিব পৰা জোখৰ হয়। সেয়েহে জুলাই-আগষ্ট মাহত মেলা পোনাবোৰ এবছৰত কেতিয়াও এক কিলোগ্ৰাম হ’ব নোৱাৰে। কিয়নো মাছক লগা উষ্ণতা মাথোঁ চাৰি মাহহে পায়। বাকী সময়খিনি শীতকালি হোৱা বাবে ইয়াৰ বৃদ্ধিৰ হাৰ কমি যায়। এনে অসুবিধা দূৰীকৰণৰ বাবে আমি এপ্ৰিল মাহতে পোৱালি পোৱাৰ ব্যৱস্থা কৰিব লাগিব। তাৰ বাবে যোৱা বছৰৰ পোৱালিবোৰ আমি এটা পুখুৰীবোৰ আমি এটা পুখুৰীত সৰহকৈ ৰাখি খুব কম হাৰত খাদ্য যোগান ধৰি তাক জীয়াই ৰাখিব লাগিব আৰু পিছৰ বছৰত তাৰ দৈৰ্ঘ্য ৪-৬ ইঞ্চি হ’লে তাক আমি প্ৰস্তুত কৰা পুখুৰীত এপ্ৰিলৰ প্ৰথম সপ্তাহত দিয়াৰ ব্যৱস্থা কৰিব লাগিব। এইটো কৰিলে মাছে তাৰ জীৱনৰ বৃদ্ধিৰ সময় অতি কমেও সাত মাহ পাব। শীতকালিৰ মাহকেইটা বাদ দি পিছত পুনৰ ফেব্ৰুৱাৰীৰপৰা এপ্ৰিললৈকে সময় পালে ইয়াক বৃদ্ধি হ’ব। এপ্ৰিলত আমি যিবোৰ মাছৰ ওজন ৭০০ গ্ৰামৰপৰা এক কিলোগ্ৰাম হ’ব, সেইবোৰ বিক্ৰী কৰি সমপৰিমাণৰ মাছ পুনৰ পুখুৰীত মেলাৰ ব্যৱস্থা কৰিব লাগে। এনেদৰে কৰিলে আমাৰ মীনপালকসকল লাভান্বিত হ’ব পাৰিব। পুখুৰীত আমি অতি কমেও ছয় প্ৰজাতিৰ মাছ ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰতি হেক্টৰ পানীকালিত অতি কমেও ১০,০০০ টা মাছ মেলিব পাৰোঁ। পুখুৰীটোৰপৰা উৎপাদন বঢ়াবৰ বাবে আৰু আৰ্থিক লাভালাভ বেছি হোৱাৰ বাবে আমি চিতল মাছৰ পোনা পুখুৰীত মেলিব পাৰোঁ।
মনত ৰাখিবলগীয়া কথাটো হ’ল- পুখুৰীত চিতল মাছৰ পোনা খুব কম সংখ্যক দিব লাগে আৰু অন্য মাছপোনা মেলাৰ অতিকমেও দুমাহ পিছত চিতলৰ পোনা পুখুৰীত মেলিব লাগে। কিয়নো চিতল মাছ হ’ল মাংসহাৰী মাছ। ই সৰু মাছৰ পোৱালি খাই শেষ কৰিব পাৰে। সেয়েহে অন্য মাছৰ পোৱালিবোৰ অলপ ডাঙৰ হ’লে এই মাছৰ পোনা মেলিব লাগিব। মাছপোনা পুখুৰীত মেলাৰ পিছত পুখুৰীত কৃত্ৰিম খাদ্য যোগান ধৰিব লাগে। পুখুৰীত প্ৰাকৃতিক খাদ্য উভৈনদী হ’লেও কৃত্ৰিম খাদ্য যোগান ধৰাটো দৰকাৰী। খাদ্য যোগানৰ ফলত পুখুৰীত মাছৰ বৃদ্ধিৰ হাৰ খৰতকীয়া হ’ব। কৃত্ৰিম খাদ্য হিচাপে পৰম্পৰাগত খাদ্য চাউলৰ মল, খলিহৈ সমপৰিমাণত মিহলি কৰি পুখুৰীত প্ৰয়োগ কৰা দৰকাৰ। তদুপৰি আজি-কালি উন্নত জাতৰ কৃত্ৰিম খাদ্য বজাৰত কিনিব পোৱা যায়। মাছক খাদ্য পুৱা বা গধূলি দিব লাগে। দিনৰ ভাগত খাদ্য দিয়াৰ প্ৰয়োজন নাই। খাদ্যৰ ব্যৱহাৰ কৰোঁতে যাতে খাদ্যৰ অপব্যৱহাৰ নহয়, তাৰ বাবে খাদ্য বেগত ভৰাই পুখুৰীত দিব পৰা যায়। একোটা পুখুৰীত নিৰ্দিষ্ট দূৰত্বত বেগত খাদ্য ভৰাই পুখুৰীত দিব পৰা যায়। একোটা পুখুৰীত নিৰ্দিষ্ট দূৰত্বত বেগত খাদ্য ভৰাই প্ৰয়োগ কৰিব পৰা যায়। মাছৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্দিষ্ট হাৰত পুখুৰীত খাদ্য প্ৰয়োগ কৰিব লাগে।
প্ৰতি ২-৩ মাহৰ মূৰে মূৰে পুখুৰীৰ মাছৰ স্বাস্থ্য আৰু বৃদ্ধিৰ পৰীক্ষা কৰিব লাগে। জাল মাৰি মাছৰ বৃদ্ধি আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত কিবা আসোঁৱাহ থাকিলে ওচৰৰ মীন উন্নয়ন বিষয়াৰ লগত যোগাযোগ কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এনেদৰে যদি মীন পালন সময়মতে কৰোঁ, তেনেহ’লে মাছৰ বৃদ্ধি হ’ব আৰু উৎপাদন বৃদ্ধি হ’ব। বৈজ্ঞানিক দৃষ্টিভংগীৰে মাছ পালন কৰিলে আমি লাভান্বিত হ’ব পাৰিম আৰু ই নিবনুৱা সমস্যা সমাধানত সহায় আগবঢ়াব।
লেখক: প্ৰতুল ডেকা, মীন উন্নয়ন বিষয়া, মীন বিভাগ
লগতে পঢ়ক-মাছৰ প্ৰজনন আৰু পোনা সংগ্ৰহ-