1. পশুপালন

Organic silk : অসমৰ জৈৱিক মুগা ৰেচমৰ সম্ভাৱনা আৰু প্ৰয়োগিক দিশসমূহ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
জৈৱিক মুগা ৰেচম
জৈৱিক মুগা ৰেচম

জৈৱিক ৰেচম হৈছে ৰেচম উদ্যোগৰ শেহতীয়া জনপ্ৰিয় এক ধাৰা। জৈৱিক কৃষি ব্যৱস্থাৰ জৰিয়তে উৎপাদিত ৰেচমক জৈৱিক ৰেচম বুলি কোৱা হয়। ৰাসায়নিক কীটনাশক অথবা ৰাসায়নিক সাৰ আদি ব্যৱহাৰ নকৰাকৈ জৈৱিক ৰেচম সৃষ্টি কৰা হয়। জৈৱিক ৰেচম প্ৰায়ে থলুৱা লোকৰ দ্বাৰা উৎপাদিত হয় আৰু আটাইতকৈ বিশুদ্ধ ৰেচম হিচাপে মানুহে পছন্দ কৰে। জৈৱিক ৰেচম বহুতো ছালৰ যত্নৰ সামগ্ৰীত সফলতাৰে আৰু বৈজ্ঞানিকভাৱে ব্যৱহাৰ কৰা হৈছে ।‌

চুলি চিকমিকনি অনাত সহায় কৰিবলৈ আৰু চুলিৰ জট নাইকিয়া কৰাত সহায় কৰিবলৈ জৈৱিক ৰেচম ব্যৱহাৰ কৰা হয়। এইটো সৌভাগ্যজনক যে উত্তৰ-পূব ভাৰতত উৎপাদিত সিংহভাগ মুগা ৰেচম সম্পূৰ্ণৰূপে জৈৱিক প্ৰকৃতিৰ, কিয়নো মুগা খেতিয়কসকলে তেওঁলোকৰ খেতিত কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে আৰু কোনো কৃত্ৰিম বস্তু ব্যৱহাৰ নকৰে। পকা পলু তললৈ বগাবলৈ বাধা দিয়া গাৰি বান্ধ কলৰ পটুৱা বা পাতেৰে দিয়া হয় । সীমিত চৰকাৰী আচঁনি অন্তৰ্ভুক্ত কম সংখ্যক চোমনিতহে সাৰ ব্যৱহাৰ কৰা হয় ।

লগতে পঢ়ক- 

Silk tourism : পৰ্যটন ক্ষেত্ৰত ৰেচম ক্ষেত্ৰৰ সম্ভাৱনা

সূতা উৎপাদনৰ সময়ত খেতিয়কসকলে কলৰ বাকলি, ধানৰ খেৰ, তুঁহ জ্বলাই তৈয়াৰ কৰা খাৰ ব্যৱহাৰ কৰি মুগা খোলা সিজাবলৈ ব্যৱহাৰ কৰে। সাম্প্ৰতিক সময়ত, জৈৱিক কৃষি প্ৰণালীয়ে প্ৰায়বিলাক কৃষিৰ সকলো ক্ষেত্ৰতে যথেষ্ট গুৰুত্ব লাভ কৰিছে। জৈৱিক কৃষি হৈছে কৃষিৰ বিভিন্ন প্ৰকাৰ, যাৰ ভিতৰত আছে এডোখৰ মাটিত বিভিন্ন সময়ত বিভিন্ন শস্য , সেউজসাৰ, পচন সাৰ, জৈৱিক কীট নিয়ন্ত্ৰণ আৰু মাটিৰ উৎপাদনশীলতা বজাই ৰাখিবলৈ কৰা জৈৱিক প্ৰচেষ্টা  ইত্যাদি।

জৈৱিক কৃষিয়ে সংশ্লেষিত সাৰ আৰু সংশ্লেষিত কীটনাশক, উদ্ভিদ বৃদ্ধি নিয়ন্ত্ৰক দ্ৰব্য, পশুধন এণ্টিবায়টিক  আৰু আনুবংশিকভাৱে পৰিৱৰ্তিত জীৱৰ ব্যৱহাৰ নকৰে বা কঠোৰভাৱে সীমিত কৰে। মানুহে উপলব্ধি কৰিব পাৰিছে যে, মাটিত কৃত্ৰিম সাৰ আৰু কীটনাশকৰ নিৰ্বিচাৰ ব্যৱহাৰে তীব্ৰ পানী আৰু পৰিৱেশ প্ৰদূষণৰ সৃষ্টি হোৱাত অৰিহণা যোগায়। মুগাৰ খাদ্য বৃক্ষ‌ চোম গছৰ ক্ষেত্ৰত সেউজ সাৰ, গোবৰ সাৰ, কেঁচু সাৰ প্ৰয়োগৰ দ্বাৰা জৈৱিক চোম গছৰ সফলতাৰ কৰি অহা হৈছে । এইক্ষেত্ৰত ‌আয় ব্যয়ৰ অনুপাত ইতিবাচক পৰিলক্ষিত হৈছে ।

ড° মৃদুল চন্দ্ৰ শৰ্মা

অৱসৰপ্ৰাপ্ত ৰেচম বিজ্ঞানী

কেন্দ্ৰীয় ৰেচম বোৰ্ড, ভাৰত চৰকাৰ

লগতে পঢ়ক :

Erie : কম সময় আৰু কম খৰচৰে অধিক উপাৰ্জন কৰিবলৈ এৰী পলু পালন কৰক

English Summary: Potential and practical aspects of organic velvet silk in Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.