বৰ্তমান কৃষক সকলৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছে ছাগলীৰ ফাৰ্মিং । ছাগলীৰ গাখীৰ আৰু মাংসৰ বৰ্ধিত চাহিদাৰ বাবে বৃহৎ সংখ্যক কৃষকে এতিয়া ব্যৱসায়িক ভিত্তিত ছাগলী পালন কৰিবলৈ লৈছে । ইয়াৰ দ্বাৰা লাভজনক উপাৰ্জনো লাভ কৰিছে ছাগলী পালক সকলে ।
এনে ক্ষেত্ৰত ছাগলী পালক সকলক অধিক উৎসাহিত কৰিবৰ বাবে বিশেষ ঋণৰ ব্যৱস্থা কৰিছে নাবাৰ্ডে । নাবাৰ্ডে ছাগলী পালনৰ বাবে অতি আকৰ্ষণীয় হাৰত ঋণ প্ৰদান কৰাৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে । ই বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ সহযোগত ঋণ লওঁতাসকলক ঋণ প্ৰদান কৰে । বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰাম্য বেংক, ৰাজ্যিক সমবায় কৃষি আৰু গ্ৰামোন্নয়ন বেংক, ৰাজ্যিক সমবায় বেংক, নগৰীয়া বেংক আদিৰ সহযোগত ঋম প্ৰদান কৰি আহিছে নাবৰ্ডে ।
নাবাৰ্ডৰ ঋণ ল'বৰ বাবে যোগ্যতাঃ
নাবাৰ্ডৰ আঁচনিৰ অধীনত, ঋণ লওঁতাই ৰাজসাহায্য হিচাপে ছাগলী ক্ৰয়ৰ বাবে ব্যয় কৰা ধনৰ ২৫-৩৫% লাভ কৰাৰ অধিকাৰ আছে । অনুসূচীত জাতি/জনজাতি সম্প্ৰদায়ৰ লোক আৰু বিপিএল শ্ৰেণীৰ লোকসকলে ৩৩ শতাংশ লৈকে ৰাজসাহায্য লাভ কৰিব পাৰে । আনহাতে অ'বিচিৰ সকলক ২৫ শতাংশ ৰাজসাহায্য দিয়া হয়, সৰ্বাধিক ২.৫ লাখ টকাৰ ৰাজসাহায্য।
ছাগলিৰ ঋণৰ বাবে আবেদন কৰাৰ লাভালাভঃ
এনে ঋণ পোৱাৰ এটা মুখ্য লাভালাভ হ'ল ব্যক্তিজনে কৃষি আৰম্ভ কৰিবলৈ এক মূলধন লাভ কৰিব । পশুপালন আৰম্ভ কৰিব বিচৰা বহুতো ব্যক্তিৰ বাবে পৰ্যাপ্ত বিত্তৰ অভাৱ এটা ডাঙৰ সমস্যা ।
বৰ্তমান সময়ত ঋণ পোৱাৰ পৰৱৰ্তী সুবিধাটো হ'ল যে , বহুতো বেংকে পশুপালনৰ বাবে ঋণৰ লগতে বীমা প্ৰদান কৰে । ই পশু ফাৰ্মৰ গৰাকীক অতিৰিক্ত লাভালাভ আৰু বিত্তীয় সুৰক্ষা প্ৰদান কৰে ।
ছাগলী পালনৰ বাবে ঋণ ল'বলৈ প্ৰয়োজনীয় নথিপত্ৰঃ
- ৪ খন পাছপোৰ্ট আকাৰৰ ফটো ।
 - ঠিকনাৰ প্ৰমাণ: ৰেচন কাৰ্ড, ভোটাৰ আইডি, বিদ্যুতৰ বিল ।
 - পৰিচয় প্ৰমাণ: আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ ।
 - জাতিপ্ৰমাণপত্ৰ (অনুসূচীত জাতি/জনজাতি) STআবেদনকাৰীসকলৰ বাবে ।
 
ছাগলী পালনৰ বাবে ঋণ লাভ কৰাৰ প্ৰক্ৰিয়াঃ
- যিকোনো স্থানীয় কৃষি বেংক বা আঞ্চলিক বেংকলৈ যাওক আৰু নাবাৰ্ড অধীনত ছাগলী পালনৰ বাবে আবেদন পত্ৰ পূৰণ কৰক।
 - নাবাৰ্ডৰ পৰা ৰাজসাহায্য পাবলৈ আপোনাৰ ব্যৱসায়িক পৰিকল্পনা দাখিল কৰাটো প্ৰয়োজনীয়। পৰিকল্পনাটোত ছাগলী প্ৰতিপালন প্ৰকল্পৰ বিষয়ে সকলো প্ৰাসংগিক বিৱৰণ অন্তৰ্ভুক্ত থাকিব লাগে।
 - নাবাৰ্ডৰ পৰা অনুমোদন পাবলৈ ব্যৱসায়িক পৰিকল্পনাৰ সৈতে আবেদন পত্ৰ দাখিল কৰক।
 - এজন কাৰিকৰী বিষয়াই ঋণ আৰু ৰাজসাহায্য মঞ্জুৰ কৰাৰ আগতে ফাৰ্মলৈ যাব আৰু অনুসন্ধান কৰিব।
 - ঋণৰ পৰিমাণ মঞ্জুৰ কৰা হয় আৰু ধনঋণ লওঁতাৰ একাউণ্টলৈ স্থানান্তৰ কৰা হয়। এইটো উল্লেখ কৰাতো গুৰুত্বপূৰ্ণ যে, ঋণৰ পৰিমাণ প্ৰকল্পব্যয়ৰ মাত্ৰ ৮৫% (সৰ্বাধিক)। ঋণ লওঁতাই ১৫% ব্যয় বহন কৰিব লাগিব।
 
লগতে পঢ়কঃ মৎস পালন কৰাৰ আগতে জানিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা-
                    
                    
                    
                    
                                        
                                            
                                            
                        
                        
                        
                        
Share your comments