1. পশুপালন

কম খৰছত কুচিয়া মাছ পালনৰ পদ্ধতি-

RAHUL ALI
RAHUL ALI
কুচিয়া মাছ
কুচিয়া মাছ

বৰ্তমান মৎস্যপালন অতি সম্ভাৱনাপূৰ্ণ এক ডাঙৰ ব্যৱসায়। কম কষ্ট কৰি উচিত লাভ অৰ্জনৰ ই এক সুন্দৰ পন্থা। আমাৰ ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধানৰ এক অতি সুদূৰ প্ৰসাৰী সম্ভাৱনা থকা ক্ষেত্ৰ হৈছে মৎস্য পালন। এই মৎস্যপালনত বিশ্বৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পৰা এবিধ মাছ হ’ল কুচিয়া। এই মাছবিধ দেখাত সাপৰ দৰে এবিধ মাছ হ’ল কুচিয়া। এই মাছবিধ দেখাত সাপৰ দৰে যদিও ই বৰ সোৱাদযুক্ত। বেমাৰী মানুহে এই মাছবিধ খালে যথেষ্ট শক্তি

কুচিয়া মাছ পালনৰ পদ্ধতি

  • পুখুৰী প্ৰস্তুতকৰণ আৰু ষ্টকিং-কুচিয়া মাছ পালনৰ বাবে দুটা চিমেন্টৰ টেংকীৰ দৰকাৰ হয়, যাৰ দৈৰ্ঘ্য ২ মিটাৰ, প্ৰস্থ ১ মিটাৰ আৰু উচ্চতা ১ মিটাৰ। টেংকীৰ উপৰিভাগৰ কালি ৪ বৰ্গ মিটাৰ হ’ব। টেংকীত যাতে কোনো ছিদ্ৰ নাথাকে, সেইটো নিশ্চিত কৰিব লাগিব। পানী বাহিৰলৈ যোৱাৰ বাবে বহিৰ্গমন পাইপ থাকিব লাগে।

  • চিমেন্টৰ টেংকীৰ ভিতৰত কেইটামান তৰপ দিব লাগিব-

ক) ১০ ছেন্টিমিটাৰ ডাঠ বোকামাটিৰ এটা তৰপ (ধাননিৰ বোকা হ’লে ভাল) একেবাৰে তলত দিব লাগে।

খ) ১০ ছেন্টিমিটাৰ ডাঠ পচন সাৰৰ (খেৰৰ পৰা প্ৰস্তুত কৰা) এটা তৰপ থাকিব লাগে, প্ৰথম তৰপৰ ওপৰত।

গ) তৃতীয় তৰপত এসপ্তাহ আগেয়ে কাটি থোৱা কলগছৰ শিপাৰ গুৰি ১০ ছেন্টিমিটাৰ ডাঠকৈ দিব লাগে।

ঘ) ১০ ছেন্টিমিটাৰ ডাঠকৈ গৰুৰ গোবৰ তৃতীয় তৰপৰ ওপৰত দিব লাগে।

ঙ) একেবাৰে ওপৰৰ তৰপত এফালে এঢলীয়াকৈ বোকা মাটিৰ তৰপ দিব লাগে।

  • মাটিৰ তলৰ পানী বা স্প্ৰীং ৱাটাৰ ব্যৱহাৰ কৰিব লাগে। অন্য পানীও ব্যৱহাৰ কৰিব পাৰি।, য’ত ক্লৰিণৰ পৰিমাণ কম থাকে।

  • একেবাৰে ওপৰৰ অৰ্থাৎ পঞ্চম তৰপতকৈ ১৫ ছেন্টিমিটাৰ বেছি পানী ভৰাই এসপ্তাহৰ বাবে এইবিলাক পচিবলৈ দিব লাগে।

  • টেংকীৰ তলত থকা বহিৰ্গমন নলীৰে পানী উলিয়াই পুনৰ নতুন পানী ভৰাই সপ্তাহত এবাৰকৈ এই কাম কৰিব লাগে।

  • পুখুৰীৰ/টেংকীৰ পানী মাছৰ বাবে উপযোগী হৈছে নে নাই, তাক চাবৰ বাবে টিলাপিয়া বা কাৰ্পৰ পোনা মেলিব লাগে। যদি এই মাছৰ পোৱালি নমৰে, তেতিয়া বুজিব লাগিব যে ই কুচিয়াৰ বাবে উপযুক্ত হৈছে।

  • কুচিয়া মাছ মেলাৰ আগত টেংকীত পানী মেটেকা ৰাখিব লাগে। এই পানী সূৰ্য্যৰ পোহৰ প্ৰত্যক্ষভাৱে পৰাত বাধা দিয়ে আৰু ইয়াত কুচিয়া মাছ লুকাই থাকিব পাৰে।

  • ওপৰত উল্লেখ কৰা আকৃতিৰ টেংকীত ১৯৫-২০০ টা কুচিয়া মাছৰ পোৱালি আৰু ২০০ টা প্ৰাপ্তবয়স্ক মাছ ৰাখিব পাৰি।

  • মোনোপটেৰাছ কুচিয়াৰ কণী এৰাৰ প্ৰাবল্য কম (১০০-৭০০ কণী প্ৰতি প্ৰজনন) গতিকে ভালদৰে যত্ন ল’ব লাগে।

  • এই টেংকীত অন্য ঠাইৰ পৰা ফিংগাৰলিং আনিও প্ৰতিপালন কৰিব পাৰোঁ।

খাদ্যৰ পৰিমাণ আৰু পৰিচালনা

  • কুচিয়া মাছৰ ওজনৰ ৩-৬ শতাংশ হাৰত প্ৰতিদিনে খাদ্যৰ যোগান ধৰিব লাগে। খাদ্য হিচাপে মাছৰ ফিংগাৰলিং পোনা, কেঁচু শামুক, জলজ কীট-পতংগ, ছিল্ক ৱৰ্ম, কুকুৰাৰ লিভাৰ, নাড়ী, ছাল ইত্যাদি দিব লাগে।

  • টেংকীৰ পানী যাতে নষ্ট নহয়, তাৰ বাবে আটা বা ভিটামিনৰ মিশ্ৰণ লাড়ু কৰি ব্যৱহাৰ কৰিব লাগে।

  • খাদ্যসমূহ বেলেগ বেলেগকৈ বা একেলগে দুটা বা অধিক সামগ্ৰী মিহলাই ব্যৱহাৰ কৰিব লাগে। প্ৰাকৃতিক খাদ্য হিচাপে অন্য মাছৰ ফিংগাৰলিং ব্যৱহাৰ কৰিব পাৰি।

  • ফিংগাৰলিং অৱস্থাত কুচিয়া মাছে জলজ পোক-পতংগ খায়, যিবিলাক বন্ধ পানীত নিজে উৎপাদন হয়।

  • কুচিয়া মাছৰ হেচ্চলিঙৰ পৰা ফিংগাৰলিঙলৈ নাৰ্ছাৰী পুখুৰীত পালন কৰিলে সেই টেংকীত পুখুৰীৰ বোকামাটি ব্যৱহাৰ কৰিলে ভাল।

পৰিবেশৰ ওপৰত কুচিয়া মাছৰ প্ৰভাৱ

কুচিয়া মাছে শামুক জাতীয় বস্তু খাদ্য হিচাপে গ্ৰহণ কৰে। গতিকে ধাননিত কুচিয়া মাছ পালন কৰিলে ধাননিডৰা শামুকৰ পৰা ৰক্ষা পৰে। এই মাছে জলজ পোক-পতংগ আদি খায়, যাৰ বাবে ধাননিডৰা বিভিন্ন ৰোগৰ পৰা ৰক্ষা পৰে। ধাননিত কুচিয়া পালন কৰাৰ বাবে ধানৰ উৎপাদন বৃদ্ধি পায়। অৱশ্যে কুচিয়াৰ মাটিত গাঁত খন্দা স্বভাৱৰ বাবে পাৰত গাঁত কৰাৰ বাবে ধাননিডৰাত পানীৰ পৰিমাণ কমি যাব পাৰে। সেয়ে সেই কথাটোত অলপ গুৰুত্ব দিব লাগিব।

ওপৰত আলোচনা কৰা ধৰণে আমি কুচিয়া মাছ চিমেন্টৰ টেংকী বা ধাননিত কৰিব পাৰোঁ। কুচিয়াৰ চাহিদা বজাৰত যিহেতু যথেষ্ট বেছি, সেয়ে এই খেতি কৰি আমাৰ অৰ্থনৈতিক ভেটি সবল কৰাৰ যথেষ্ট থল আছে।

লগতে পঢ়ক-অসমৰ থলুৱা আলংকাৰিক মাছ আৰু ইয়াৰ সংৰক্ষণ

English Summary: Kuchia Fish Farming a Profitable Business

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.