1. পশুপালন

মুগা খোলা সিজোৱা আৰু মুগা সূতা কটা পদ্ধতি-

RAHUL ALI
RAHUL ALI
মুগা পালন
মুগা পালন

 

মুগাশিল্প অসমৰ এটি ডাঙৰ গৌৰৱ৷ গোটেই পৃথিৱীৰ ভিতৰত কেৱল ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমত এই সোণালী ৰঙৰ মুগা সূতা উৎপন্ন হয় ৷ সকলো ৰেচমৰ ভিতৰতে ই মূল্যৱান ৷ দেশৰ অৰ্থনৈতিক উন্নতিত এই শিল্পৰ প্ৰসাৰণে যথেষ্ট অৰিহণা যোগাব পাৰে যদিহে ইয়াৰ সকলো দিশ বৈজ্ঞানিক ভিত্তিত আগবঢ়াই নিব পৰা যায়৷

মুগাশিল্পৰ প্ৰায় সকলোবোৰ দিশৰ কাম-কাজ পুৰণা নিয়মতে চলাই থকা হৈছে ৷ বৈজ্ঞানিক ভিত্তিত কিছু কাম কৰা হৈছে যদিও সীমিত৷ ইয়াত প্ৰধানকৈ মুগা খোলা সিজোৱা আৰু সূতা কটাৰ বিষয়ে আলোচনা কৰা হ’ব৷

মুগা খোলা খাৰ পানীত সিজাই তাৰ পৰা আঁহ উলিয়াই পাক দি সূতা প্ৰস্তুত কৰা হয়৷ এই খোলা সিজাওঁতে বিশেষ সাৱধানতা অৱলম্বন নকৰিলে সূতাৰ গুণ সমূহ অটুত নাথাকে৷ খাৰ বেছি হ’লে বা কম হ’লে, পানী হিচাবতকৈ কম বা বেচি হ’লে, সিজোৱা সময় বঢ়া-টুতা হ’লে, সূতা কাটোতে আৰম্ভণিৰ পৰা শেষলৈকে সমান সমান খোলা ব্যৱহাৰ নকৰিলে, সমান জোখত পাক নিদিলে ইত্যাদি বিশেষ কিছুমান কাৰণত সূতাৰ গুণ নষ্ট হয় আৰু কেতিয়াবা সূতা পেলনিও যাব পাৰে৷

উপযুক্ত মাধ্যমত, নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত সূতা কাটিলে সূতাৰ জোৰ তথা স্হিতিস্হাপকতা, উজ্জ্বল সোণালী ৰঙ, আৱশ্যক পৰিমাণৰ মিহি আদি গুণ সমূহ ভালে থাকে৷ বজাৰত উজ্জ্বল সোণোৱালী ৰঙৰ চাহিদা বেচি ৷

বতাহ চলাচল কৰা, ধোঁৱা বিহীন পৰিবেশ সূতা সিজোৱা আৰু কটা সকলৰ বাবে বৰ আৱশ্যক৷ ধোঁৱাৰে পৰিপূৰ্ণ আৰু লেতেৰা পৰিবেশত কাম কৰাটো স্বাস্হ্যৰ পক্ষে বৰ ক্ষতিকাৰক৷

তলত এটি উপযুক্ত মুগা খোলা সিজোৱা পদ্ধতি দিয়া হ’ল৷

  1. মুগা খোলা = ৪০০ (এবাৰত লব লাগে)

  2. খাৰ = চ’ডা ১৬ গ্ৰাম নাইবা কলখাৰ ১০০ গ্ৰাম নাইবা ধানখেৰ ৭০০ গ্ৰাম ৷

  3. পুখুৰীৰ পানী = ৮ লিটাৰ ৷

  4. এবিধ পিচলকাৰী ৰাসায়নিক পদাৰ্থ = ৮ মি.লি. (প্ৰায় চাহ চামুচেৰে দুচামোচ) ‘টিপল’ ৷

  5. ষ্টেইনলেচ ষ্টীলৰ ঢাকোন থকা চচপেন = ২০ লিটাৰ পানী ধৰা ৷

  6. উষ্ণতা জোখা যন্ত্ৰ = থাৰ্মমিটাৰ এডাল ৷

  7. কাঠৰ চামোচ = এখন ৷

  8. ‘ভাউৰী’ বা মুগা সূতা কটা যিকোনো মেচিন = এটা ৷

উপৰোক্ত বস্তুখিনি মুগা সূতা কাটিবৰ বাবে প্ৰয়োজন হয়৷ খোলা সিজাওঁতে ল’ব লগা সাৱধানতা তলত উল্লেখ কৰা হ’ল –

  1. খোলা সিজাবৰ বাবে সমানকৈ তাপ পাব পৰা ধোঁৱা নোলোৱা চৌকা ব্যৱহাৰ কৰিব লাগে ৷

  2. এবাৰত ৪০০ খোলা সিজালে যি পৰিমাণৰ অন্য বস্তু লাগিব সেইয়া ওপৰত উল্লেখ কৰা হ’ল ৷

  3. তিনিবিধ খাৰৰ ভিতৰত এবাৰত যিকোনো এবিধ খাৰ ব্যৱহাৰ কৰিব লাগে ৷ খোলা সমূহৰ ওজন খুব বেচি হ’লে বা পুৰণা খোলা হ’লে খাৰৰ পৰিমাণ সামাণ্য বেচি ল’ব লগা হ’ব পাৰে ৷

  4. ‘দমকল’ বা ‘টেপৰ’ পানী পৰাপক্ষত ব্যৱহাৰ কৰিব নালাগে ৷ তেনে পানীত দ্ৰৱীভূত হৈ থকা খনিজাত লৱণে সূতাৰ গুণ আৰু ৰঙ দুয়োটাই নষ্ট কৰে ৷

  5. খাৰ পানীৰ লগত ‘টিপল’ নামৰ ৰাসায়নিক পদাৰ্থবিধ ব্যৱহাৰ কৰিলে সূতাৰ পৰা আঠা সহজে এৰাই যোৱাত সহায় কৰে; তাৰোপৰি সূতা কাটোতে পিচল গুণ দিয়ে ৷ জবা ফুলৰ পাত, ডেমডেৰুকা, ঔটেঙা বীজ আদি ব্যৱহাৰ কৰিলেও সূতাৰ পিচল গুণ আহে ৷ টিপলে সূতাৰ পৰা যিহেতু সহজে আঠা এৰাই অহাত সহায় কৰে গতিকে সিজোৱা সময় কম লাগে ৷

  6. খোলা সিজাওঁতে খাৰ পানীৰ উষ্ণতা ১০০oচেন্টিগ্ৰেডৰ ওপৰত গ’লে খোলা সমূহ ফাটি যায় ৷ সেইবাবে উষ্ণতা ১০০o চেন্টিগ্ৰেডৰ তলত ৰাখিবলৈ যত্ন কৰা ভাল ৷

  7. খোলা সিজাওঁতে ষ্টেইনলেচ ষ্টীলৰ চচপেন ব্যৱহাৰ কৰা ভাল ৷ ইয়াৰ লগত ৰাসায়নিক বস্তুৰ বিক্ৰিয়া নঘটে ৷

খোলা সিজোৱা আৰু কটা

  • খোলা সিজোৱা আগদিনাই ৰাতি উপযুক্ত পৰিমাণৰ খাৰপানীত টিপল সহ খোলাখিনি চচপেনটোত তিয়াই থ’ব ৷ এনে কৰিলে কম সময়ত খোলা খিনি সিজিব৷ কলখাৰ বা ধানখেৰ ব্যৱহাৰ কৰিব লগা হ’লে কাপোৰত বান্ধি উপযুক্ত পৰিমাণৰ পানীত তিয়াই থ’লে খাৰপানী প্ৰস্তুত হয় ৷ চ’ডা ব্যৱহাৰ কৰিলে পানীত ভালদৰে গুলি ল’ব লাগে ৷

  • পিচদিনা পুৱা চচপেনটোৰ তলত ২০-৩০ মিনিট জুই দিব লাগে ৷ চচপেনৰ ঢাকোনখন প্ৰথমতে দি থ’ব লাগে ৷ খাৰপানীত উতল অহাৰ পাচত ৫/৬ মিনিটৰ মূৰে মূৰে কাঠৰ হেঁতাৰে খোলাখিনি লৰাই তল ওপৰ কৰি দিব লাগে যাতে সকলো খোলা একেসময়তে ভালদৰে সিজে ৷

  • খোলা সিজাৰ পাচত জুইৰ পৰা চচপেনটো নমাই খাৰপানী সহ খোলাখিনি বহল মুখৰ চৰিয়াত ল’ব লাগে ৷ খোলা ভালদৰে সিজিলে তাৰ ওপৰৰ পাতল আৱৰণখন গুচাই দিলে সূতাৰ আঁত পোৱা যায় ৷ এতিয়া চৰিয়াটোত পুনৰ ১ লিটাৰ মান কুহুমীয়া পানী আগৰ খাৰপানীৰ লগত মিলাই দিলে সূতা কাটোতে খোলাখিনি সেই পানীত উপঙি থাকিব ৷ এনে কৰিলে সূতা সহজে খোলাৰ পৰা ওলাই পৰে ৷ ৮/৯ টা খোলাৰ আঁহ একেলগে গোটাই হাতৰ ঠাৰিত পাক দি ‘ভাউৰী’ বা অন্য মেচিনৰ সহায়ত সূতা কাটিব লাগে ৷ মন কৰিব লাগে যাতে ৮/৯ টা খোলাৰ আঁহ অনবৰত সূতাত আহি থাকে ৷ এটা খোলা শেষ হ’লে বা ছিগিলে তৎক্ষণাত আন এটা খোলাৰ আঁহ লগ লগাই দিব লাগে ৷ এনে কৰিলে সমান জোখৰ সূতা পোৱা যায় ৷

  • উল্লিখিত পদ্ধতিটোত উজ্জ্বল সোনোৱালী ৰঙৰ, সকলো গুণ অটুত হৈ থকা মিহি মুগা সূতা পাব পাৰি৷ এই বিজ্ঞান সন্মত পদ্ধতিটোত খৰচ যথেষ্ট কম হয় আৰু পেলনি নোযোৱাকৈ বহু সূতা পাব পাৰি৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়

লগতে পঢ়ক-Black Pepper: জালুকৰ খেতি আৰি ইয়াৰ পৰিচৰ্যা-

English Summary: Silk worm Farming

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.