 
            কুচিয়া এক দীঘল সাপজাতীয় মাছ, যাৰ বাকলি নাথাকে। মাগুৰ, শিঙি আদি মাছৰ দৰে ইয়াৰ ছাল থাকে। কুচিয়া মাছৰ প্ৰায় ১০০ বিধ প্ৰজাতি থাকে।
ইয়াৰ বিভিন্ন প্ৰজাতিৰ ভিতৰত মনোপটেৰাছ নামৰ প্ৰজাতিৰ কুচিয়া মাছৰ খেতি ফিলিপাইনছ, ইণ্ডোনেচিয়া, চীন আদি দেশত বহুলভাৱে কৰা হয়। মনোপটেৰাছ জেনাছৰ ছয় প্ৰজাতিৰ মাছ এছিয়া মহাদেশত পোৱা যায়। তাৰ ভিতৰত মনোপটেৰাছ কুচিয়া(Monopterus chuchia) প্ৰজাতিৰ মাছবিধ ধাননি পথাৰত পোৱা যায়।
এই মাছবিধ আমি চিমেন্টৰ পুখুৰীত উৎপাদন কৰিব পাৰোঁ। ইয়াৰ সুবিধা হ’ল-
- 
এই কুচিয়া মাছবিধ সৰু চিমেন্টৰ টেংকীত পালন কৰিব পাৰি। 
- 
ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ ইয়াক বন্ধ অৱস্থাত প্ৰজনন কৰিব পাৰি। 
- 
যিহেতু কুচিয়া বায়ুশ্বাসী মাছ, সেয়ে অক্সিজেন কম থকা পানীতো ইয়াক পালন কৰিব পাৰি। 
- 
ই প্ৰাকৃতিক খাদ্য হিচাপে মাছ, শামুক, পানীত থকা বিভিন্ন পোক-পতংগ, কেঁচু আদি খায়। 
কুচিয়া মাছ পালনৰ পদ্ধতি
- 
পুখুৰী প্ৰস্তুতকৰণ আৰু ষ্টকিং-কুচিয়া মাছ পালনৰ বাবে দুটা চিমেন্টৰ টেংকীৰ দৰকাৰ হয়, যাৰ দৈৰ্ঘ্য ২ মিটাৰ, প্ৰস্থ ১ মিটাৰ আৰু উচ্চতা ১ মিটাৰ। টেংকীৰ উপৰিভাগৰ কালি ৪ বৰ্গ মিটাৰ হ’ব। টেংকীত যাতে কোনো ছিদ্ৰ নাথাকে, সেইটো নিশ্চিত কৰিব লাগিব। পানী বাহিৰলৈ যোৱাৰ বাবে বহিৰ্গমন পাইপ থাকিব লাগে। 
- 
চিমেন্টৰ টেংকীৰ ভিতৰত কেইটামান তৰপ দিব লাগিব- 
ক) ১০ ছেন্টিমিটাৰ ডাঠ বোকামাটিৰ এটা তৰপ (ধাননিৰ বোকা হ’লে ভাল) একেবাৰে তলত দিব লাগে।
খ) ১০ ছেন্টিমিটাৰ ডাঠ পচন সাৰৰ (খেৰৰ পৰা প্ৰস্তুত কৰা) এটা তৰপ থাকিব লাগে, প্ৰথম তৰপৰ ওপৰত।
গ) তৃতীয় তৰপত এসপ্তাহ আগেয়ে কাটি থোৱা কলগছৰ শিপাৰ গুৰি ১০ ছেন্টিমিটাৰ ডাঠকৈ দিব লাগে।
ঘ) ১০ ছেন্টিমিটাৰ ডাঠকৈ গৰুৰ গোবৰ তৃতীয় তৰপৰ ওপৰত দিব লাগে।
ঙ) একেবাৰে ওপৰৰ তৰপত এফালে এঢলীয়াকৈ বোকা মাটিৰ তৰপ দিব লাগে।
- 
মাটিৰ তলৰ পানী বা স্প্ৰীং ৱাটাৰ ব্যৱহাৰকৰিব লাগে। অন্য পানীও ব্যৱহাৰ কৰিব পাৰি।, য’ত ক্লৰিণৰ পৰিমাণ কম থাকে। 
- 
একেবাৰে ওপৰৰ অৰ্থাৎ পঞ্চম তৰপতকৈ ১৫ ছেন্টিমিটাৰ বেছি পানী ভৰাই এসপ্তাহৰ বাবে এইবিলাক পচিবলৈ দিব লাগে। 
- 
টেংকীৰ তলত থকা বহিৰ্গমন নলীৰে পানী উলিয়াই পুনৰ নতুন পানী ভৰাই সপ্তাহত এবাৰকৈ এই কাম কৰিব লাগে। 
- 
পুখুৰীৰ/টেংকীৰ পানী মাছৰ বাবে উপযোগী হৈছে নে নাই, তাক চাবৰ বাবে টিলাপিয়া বা কাৰ্পৰ পোনা মেলিব লাগে। যদি এই মাছৰ পোৱালি নমৰে, তেতিয়া বুজিব লাগিব যে ই কুচিয়াৰ বাবে উপযুক্ত হৈছে। 
- 
কুচিয়া মাছ মেলাৰ আগত টেংকীত পানী মেটেকা ৰাখিব লাগে। এই পানী সূৰ্য্যৰ পোহৰ প্ৰত্যক্ষভাৱে পৰাত বাধা দিয়ে আৰু ইয়াত কুচিয়া মাছ লুকাই থাকিব পাৰে। 
- 
ওপৰত উল্লেখ কৰা আকৃতিৰ টেংকীত ১৯৫-২০০ টা কুচিয়া মাছৰ পোৱালি আৰু ২০০ টা প্ৰাপ্তবয়স্ক মাছ ৰাখিব পাৰি। 
- 
মোনোপটেৰাছ কুচিয়াৰ কণী এৰাৰ প্ৰাবল্য কম (১০০-৭০০ কণী প্ৰতি প্ৰজনন) গতিকে ভালদৰে যত্ন ল’ব লাগে। 
- 
এই টেংকীত অন্য ঠাইৰ পৰা ফিংগাৰলিং আনিও প্ৰতিপালন কৰিব পাৰোঁ। 
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments