আমাৰ ৰাজ্য তথা দেশৰ জনসাধাৰণে গড় হিচাপত বছৰেকত খাবলৈ পোৱা কণী আৰু মাংসৰ পৰিমাণ অতি কম। বৰ্তমান সময়ত প্ৰতিজন ভাৰতীয়ই বছৰত খাবলৈ পোৱা কণীৰ সংখ্যা মাত্ৰ ৫২ টা। যি প্ৰয়োজনীয় স্ংখ্যাতকৈ (১৮০ টা প্ৰতিজন মানুহৰ বাবে প্ৰতি বছৰে) যথেষ্ট কম, য’ত খাবলৈ পাব লাগিছিল ১১ কিলোগ্ৰাম মাংস। গতিকে দেখা যায় আমাৰ ৰাজ্যত কণী আৰু মাংসৰ চাহিদা আৰু প্ৰয়োজনীয়তা যথেষ্ট আছে।
গ্ৰামাঞ্চলৰ মানুহে হাঁহ কুকুৰা পালনৰ যোগেদি কণী উৎপাদনত যথেষ্ট অৰিহণা যোগায় যদিও ইয়াৰ দ্বাৰা মুঠ প্ৰয়োজনীয়তা পূৰণ কৰাটো সম্ভৱপৰ নহয়। কাৰণ গাওঁবোৰত মানুহে অকল স্থানীয় প্ৰজাতিৰ হাঁহ-কুকুৰাহে পালন কৰে যাৰ বৃদ্ধিৰ হাৰ আৰু কণী উৎপাদন ক্ষমতা ইমান সন্তোষজনক নহয়। ফলস্বৰুপে মানুহৰ শৰীৰত প্ৰটিনৰ প্ৰয়োজনীয়তা অসম্পূৰ্ণ হৈ ৰয় আৰু পুষ্টিহীনতাত ভোগে। এই প্ৰটিনৰ অভাৱৰ ফলত বিশেষকৈ গৰ্ভৱতী মহিলা, শিশুক দুগ্ধপান কৰাওতা মাতৃ, বাঢ়ি অহা কণ-কণ শিশুহঁত বিভিন্ন ৰোগৰ চিকাৰ হ’ব লগা হয়।
সেয়ে, এনেধৰণৰ প্ৰটিন পুষ্টিহীনতা দূৰ কৰাৰ কাৰণে গ্ৰামাঞ্চলত পোৱা কম উত্পাদনক্ষম স্থানীয় প্ৰজাতিৰ হাঁহ-কুকুৰাৰ ঠাইত উন্নত জাতৰ খাকী কেম্ববেল নামৰ হাঁহৰ জাতিটো পুহিব পাৰে। আনহাতে দেখা যায়, হাঁহ পালন অসমৰ গ্ৰাম্য জীৱনৰ এক অবিচ্ছেদ্য অংগ। গাঁওবোৰৰ প্ৰায়বোৰ মনুহৰ ঘৰতে থকা সৰু-বৰ পুখুৰী, খাল, বিল, পিটনি আদিয়ে হাঁহ পালন প্ৰক্ৰিয়া সহজ কৰি তোলে।
স্থানীয়ভাবে পোৱা পাতি হাঁহৰ তুলনাত খাকী কেম্পবেল হাঁহৰ কণী উৎপাদন যথেষ্ট বেছি আৰু ইহতে অতি কম বয়সতে কণী পৰা আৰম্ভ কৰে। একেধৰণৰ পালন পদ্ধতিৰ দ্বাৰাই আৰু ঘৰ-বাৰীত উপলবদ্ধ একে খিনি খাদ্য-বস্তুৰদ্বাৰাই অধিক স্ংখ্যক কণীৰ উত্পাদন পাব পাৰি। এই প্ৰজাতিৰ হাঁহৰ আকৰ্ষণীয় লক্ষণবোৰ হৈছে-
(ক) ইহঁতৰ পাখীৰ ৰ্ং মদৰুৱা বা খাকী ৰঙৰ হয়।
(খ) পাতি হাঁহৰ দৰে ইহঁতক ঘৰৰ চৌহদত আৰু পুখুৰীত এৰি পুহিব পাৰি।
(গ) সহজে প্ৰতিকুল পৰিৱেশৰ লগত খাপ খুৱাই লব পাৰে আৰু থলুৱা হাঁহৰ দৰেই বেমাৰ প্ৰতিৰোধী ক্ষমতা বেছি।
(ঘ) পুখুৰীৰ ওপৰত গড়াল বনাই এই হাঁহ পুহিলে মাছৰ বাবে খাদ্য যোগানৰ প্ৰয়োজনীয়তা কমে আৰু কম খৰচত মাছ মাংস আৰু কণীৰ উত্পাদন পাব পাৰি।
হাঁহৰ গড়ালটো সদায় ওখ, ৰদ পৰা আৰু বতাহ চলাচল কৰা ঠাইত সাজিব লাগে। ঘৰৰ বেৰ কেইখন দুইফুটমান উচ্চতালৈকে বাঁহেৰে ডাঠকৈ দি ওপৰৰ খিনি জালনাৰে বন্ধ কৰি দিব লাগে। প্ৰতিজনী হাঁহৰ কাৰণে ঘৰটোত ২.৫-৩ বৰ্গফুট ঠাই দিব লাগে আৰু মাছ পালনৰ লগত সমন্বিত ভাবে হাঁহ পুহিলে পুখুৰীৰ চাৰিওফালে ঘনকৈ জেওৰা মাৰি দিব লাগে যাতে হাঁহখিনি বাহিৰলৈ যাব নোৱাৰে।
এদিনীয়া পোৱালী কিনি আনিলে গড়ালৰ মজিয়াত তুহঁ, কাঠৰ গুৰি, ধানখেৰ আদি পাৰি ব্যৱস্থা কৰিব লাগে। প্ৰথম অৱস্থাত পোৱালীবোৰক সিজোৱা ভাত, চাউলৰ মল আদি দিব পাৰি। আজি কালি হাঁহ পোৱালীক ব্ৰইলাৰ কুকুৰাৰ ষ্টাৰটাৰ দানা পানীৰ লগত মিহলাই এমাহ মান বয়সলৈকে দিব পাৰি। ইয়াৰ পাছত লাহে লাহে শুকান মাছৰ গুড়ি, কেছু, শামুক আদি দিব পাৰি আৰু বিল, পুখুৰী, পথাৰ আদিত চৰিবলৈ এৰি দিব পাৰি।
খাকী কেম্পবেল হাঁহে ২০-২২ সপ্তাহ বয়সৰ পৰা কণী পৰা আৰম্ভ কৰে আৰু এই খিনি বয়সত সিহতৰ ১-১.৫ কিলোগ্ৰাম মান ওজন হয়। তেনে বয়সতে প্ৰজননৰ বাবে প্ৰয়োজনীয় মতা হাঁহ (৮ জনী মাইকীৰ বিপৰীতে ১ টা মতা হাঁহ)ৰাখি বাকী মতা হাঁহবোৰ বিক্ৰী কৰি দিব পাৰি।
হাঁহৰ খাদ্য
হাঁহে বাহিৰত বা মুকলি পথাৰত চৰি থকা সময়ত ঘাঁহ-বন, পোক-পৰুৱা, পথাৰ বা চোতালত পৰি ৰোৱা শস্যৰ বীজ বা গুটি, শামুক, শেলুৱৈ, কেঁছু-কুমটি আদি খায়ে পেট ভৰাব পাৰে। সেয়ে, এনে মুকলি পদ্ধতিৰে পুহিলে হাঁহক বৰকৈ দানা যোগান নধৰিলেও হয়। এনে হাঁহক তুঁহগুৰি, খুদ চাউল, ভাত, ভাতৰ মাৰ আদি পানীৰ লগত মিহলি কৰি দিলেও হয়। আনহাতে কণী পৰা আৰম্ভ কৰাৰ আগৰ পৰা আৰু কণী পাৰি থকা অৱস্থাত হাঁহক পাৰিলে অলপ কেলচিয়াম আৰু ফচফৰাছৰ যোগান ধৰিলে কোমল খোলাৰ বা খোলা বিহীন কণী পৰাৰ সমস্যা দেখা নাযায়। কেলচিয়ামৰ উৎস হিচাপে শামুকৰ খোলা বা চুণশিলৰ গুৰি ব্যৱহাৰ কৰিব পাৰি। এনে পদাৰ্থৰ ২-৪ গ্ৰাম মান দৈনিক যোগান ধৰিলে কণীৰ খোলাৰ লগত ওলাই অহা কেলচিয়ামৰ অভাৱ পূৰণ হয়।
হাঁহৰ কাণী উমনিৰ বাবে নিৰ্বাচন কৰোতে মন কৰিবলগীয়া বিষয়
১) কণীবোৰ অতি ডাঙৰ বা তেনেই সৰু হব নালাগে। কণীবোৰৰ ওজন ৬০-৭০ গ্ৰামৰ ভিতৰত হব লাগে।
২) কণীবোৰ সঠিক ভাবে ডিম্বাকৃতিৰ হোৱা আৱশ্যক। ঘুৰণীয়া বা দীঘলীয়া আকৃতিৰ কণী বাচিব নালাগে।
৩) সামান্যভাবে হলেও ভঙা বা ফটা কণী ল’ব নালাগে।
৪) পৰিস্কাৰ চোকোৰাৰ কণীহে নিৰ্বাচন কৰিব লাগে। লেতেৰা কণীবোৰ বিজানুনাশক দ্ৰব্যৰে (যেনে-ডেটল)ভিজোৱা কাপোৰেৰে মোহাৰি পৰিস্কাৰ কৰি লব লাগে।
৫) কণী পৰাৰ লগে লগে স্ংগ্ৰহ কৰিব লাগে আৰু উমনিত দিয়া কণীবোৰ ১৫ দিনতকৈ পুৰণা হব নালাগে।
৬) নতুনকৈ কণী উত্পাদন আৰম্ভ কৰা জাক এটাৰ কণী উমনিৰ বাবে লব নালাগে। কণী পৰা আৰম্ভ হোৱাৰ ডেৰ-দুই মাহ পিছৰ পৰাহে কণী ল’ব লাগে।
৭) হাঁহজাকত মতা আৰু মাইকীৰ অনুপাত ১:৮ মান হব লাগে।
৮) কণীবোৰ একোটা ঠাণ্ডা আৰু আন্ধাৰ কোঠালীত (বিচনা তলত) কণী থোৱা কাগজৰ ট্ৰেত ভালদৰে স্ংৰক্ষণ কৰি ৰাখিব লাগে।
হাঁহৰ বিভিন্ন ৰোগ আৰু প্ৰতিকাৰ ব্যৱস্থা
ক) হাঁহত হোৱা আটাইতকৈ মাৰাত্মক বেমাৰটো হৈছে-হাঁহ প্লেগ বা মহামাৰী। ইয়াৰ প্ৰাথমিক লক্ষণবোৰ হৈছে হাঁহবিলাক হঠাৎ মৰিবলৈ ধৰে। আক্ৰান্ত হাঁহবোৰৰ মূৰ, ডিঙি আৰু গা কপিবলৈ ধৰে, পোহৰলৈ ভয় কৰি চকু মুদি থাকে আৰু সেউজীয়া ৰঙৰ পনীয়া শৌচ কৰে।
এই বেমাৰৰ কোনো ফলদায়ক চিকিৎসা নাই। গতিকে বেমাৰ হোৱাৰ আগতেই প্ৰতিষেধক ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ বাবে হাঁহবোৰক ৬ সপ্তাহ বয়সত ডাক প্লেগ ছিটা দিব লাগে। এই ছিটা হাঁহৰ পাখিৰ তলৰ ছাল ফুটাই ০.৫ মি:লি: হিচাপত বেজিৰ দ্বাৰা দিব লাগে। এবছৰৰ মূৰত ছিটা পুনৰই দিব লাগে।
খ) হাঁহত হোৱা আন এটা গুৰুত্বপূৰ্ণ বেমাৰ হৈছে- কলেৰা। অস্বাস্থ্যকৰ সেমেকা আৰু ৰদ নপৰা পৰিৱেশত এই বেমাৰ বেছিকৈ হয়। ইয়াৰ লক্ষণবোৰ হৈছে-দানা পানী নোখোৱা, সঘনে পাতল বগা বা হালধীয়া ৰঙৰ পায়খানা হোৱা, নাকৰ পৰা আঠা জাতীয় বিজলুৱা পদাৰ্থ বাহিৰ হোৱা, ঠেঙৰ জোৰা ফুলিবলৈ ধৰি খোজ কাঢ়িব নোৱাৰা হোৱা আদি। অনতি পলমে চিকিৎসা নাপালে আক্ৰান্ত হাঁহবোৰ মৃত্যু মুখত পৰে। লগে লগে এণ্টিবায়’টিক ঔষধ খুৱালে হাঁহে আৰোগ্য লাভ কৰিব পাৰে। প্ৰতিষেধক হিচাপে ডাক কলেৰা ছিটা ডেৰমাহৰ বয়সৰ ওপৰৰ হাঁহক ০.৫ মি: লি: হিচাপত পাখিৰ তলৰ ছাল ফুটাই দিব লাগে আৰু প্ৰতি দুমাহৰ মূৰে মূৰে এই ছিটা দি থাকিব লাগে।
গ) হাঁহত হোৱা পেৰ’চিচ নামৰ বেমাৰ মেংগানিজৰ অভাৱত হয়। এনে হ’লে ঠেঙৰ আঠুৰ অংশটো ফুলি উঠে আৰু ক্ৰমান্বয়ে ধেনুভিৰীয়া হৈ খোজ কাঢ়িব নোৱাৰা হয়। এনে ধৰণৰ লক্ষণ দেখিলে ১ গ্ৰাম মেংগানিজ ১০ কিলোগ্ৰাম দানাৰ লগত মিহলাই খুৱাব লাগে।
ঘ) তদুপৰি পেলুজনিত ৰোগৰ পৰা হাত সাৰিবলৈ হাঁহ জাকক ৩ মাহ মানৰ মূৰে মূৰে পেলুৰ ঔষধ, যেনে-এলবমাৰ বা পাইপাৰজিন নামৰ ঔষধ আৰু লগতে যকৃত বৰ্দ্ধক (liver tonic)খুৱাব লাগে।
ডা: অসীম কুমাৰ শইকীয়া, শ্ৰী গুঞ্জন গগৈ, কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজি (সংগৃহীত)
পূৰ্বে প্ৰকাশিতঃ বিকাশপেডিয়া
লগতে পঢ়ক-কাৱৈ, মাগুৰ, শিঙি মাছৰ পোনা উৎপাদনৰ পদ্ধতি