1. পশুপালন

কম খৰচতে সৰু আকাৰৰ দুগ্ধ ফাৰ্ম খোলাৰ কৌশল!

RAHUL ALI
RAHUL ALI
Know How to Start a Small Dairy farm
Know How to Start a Small Dairy farm

যদি আপোনাৰ পকেটত টকা আছে, আপুনি গো ফাৰ্ম এখন আৰম্ভ কৰিব পাৰে। কিন্তু ফাৰ্ম এটা আৰম্ভ কৰাৰ আগতে আৰু পিছত বিবেচনা কৰিব লগা কাৰকবোৰ অতি গুৰুত্বপূৰ্ণ। উদাহৰণ স্বৰূপে, ফাৰ্মচাইটটো ক'ত আছে, চিকিৎসক, গৰুৰ খাদ্য, গাখীৰৰ মূল্য, গাখীৰ বিক্ৰী কৰাটো অতি সহজ নেকি কৃষকজনৰ বাবে জনাটো খুবেই গুৰুত্বপূৰ্ণ।

এই সকলোবোৰৰ উপৰিও, বহুলোকে জানিব বিচাৰে যে ফাৰ্মখন কেনেকুৱা হ'ব, কেইটা গৰুৰে ফাৰ্মখন আৰম্ভ কৰিলে লাভবান হ’ব  ইত্যাদি ইত্যাদি। যিসকলে কম বাজেটত অতি সৰু ৰূপত এখন ফাৰ্ম আৰম্ভ কৰিব বিচাৰে তেওঁলোকৰ সহায়ক হোৱাকৈ আজিৰ এই প্ৰবন্ধত কিছু কথা আলোচনা কৰিম-

পৰিকল্পনা আৰু ৰণনীতি:

বাজেট ৩,৮০,০০০/- টকা আৰু কমেও ১৫ লিটাৰ গাখীৰ গৰু (পোৱালীসহ)

গোহালি ঘৰ:

৩০ ফুট বাই ১৫ ফুট, বৈদ্যুতিক আৰু পানী প্ৰণালী থাকিব লাগিব। এতিয়া গণনালৈ আহক।

এককালীন খচ:

২ জনী গাখীৰ দিয়া গৰুৰ দামঃ ৩০০,০০০ টকা,

গোহালি ঘৰৰ খৰচঃ ৬০,০০০ টকা,

পানীঃ ২০,০০০ টকা

মাহেকীয়া আয়-ব্যয়ৰ হিচাপঃ

গাখীৰ বিক্ৰী কৰি আয়ঃ ২০ লিটাৰ*৫০ টকাকৈ=১০০০ টকা প্ৰতিদিনৰ আয়। তাৰ পিছত মাহিলী উপাৰ্জন: ১০০০*৩০=৩০,০০০ টকা।

মাহেকীয়া খৰচঃ

কৰ্মচাৰীৰ দৰমাহা ৭০০০ টকা, গৰু খোৱাৰ খৰচ প্ৰতিদনে ১৫০ টকা হলে মাহত ৯০০০ টকা। ঔষধ আৰু অন্যান্য ২০০০ টকা। মুঠ ব্যয় ১৮,০০০ টকা।

মাহিলী লাভ:

৩০,০০০-১৮,০০০= ১২,০০০ টকা। এই মাহিলী উপাৰ্জন কৌশলগতভাৱে বৃদ্ধি কৰিবলৈ আপুনি দ্বিতীয় পদক্ষেপত ৮  মাহৰ পিছত পুনৰ ২ টা গাখীৰ দিয়া গৰু কিনিব লাগিব। তেতিয়া আপুনি এটা বৃত্তত পৰিব আৰু খাদ্য আৰু দৰমহাৰ বাবে পৰিশোধ কৰিবলৈ আপুনি কেতিয়াও আপোনাৰ পকেটৰ পৰা টকা খৰচ কৰিব নালাগিব।

লগতে পঢ়ক-গৰুৰ গোবৰৰ পৰা মিনিটতে বৃদ্ধি হ’ব কৃষকৰ উপাৰ্জন! চৰকাৰে আৰম্ভ কৰিছে বৃহৎ পৰিকল্পনা

English Summary: How to Start a Small Dairy farm?

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.