Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 18 October, 2024 6:07 PM IST
Rabbit Farming for Business Purpose

শহা পহু, এবিধ অতি শান্ত প্ৰকৃতিৰ পোহনীয়া জন্তু। পৃথিৱীত অতীতৰে পৰাই মানুহে শহা পহু পালন কৰি আহিছে। শহা পহু সাধাৰণতে সঙ্গী প্ৰাণী হিচাপে পালন কৰে। কিন্তু ইয়াৰ ব্যৱহাৰিক উপযোগিতাও আছে। সেই কাৰণে সমগ্ৰ পৃথিৱীতে শহা পহু ব্যৱসায়িক ভিত্তিত পালন আৰু উৎপাদন কৰা হয়।

শহা পহু পালনৰ কাৰণ-

১। সঙ্গী প্ৰাণী হিচাপে।

২। নোম আৰু ছাল উৎপাদনৰ বাবে।

৩। মাংস উৎপাদনৰ বাবে।

৪। পৰীক্ষাগাৰত বিভিন্ন প্ৰকাৰৰ গবেষণা কৰাৰ বাবে।

৫। ঔষধ আৰু প্ৰতিষেধক ছিটা তৈয়াৰ কৰাৰ বাবে।

শহা পহুৰ মাংস কুকুৰাৰ মাংসৰ দৰে বগা মাংস (White meat) বুলি কোৱা হয়। শহাৰ মাংসত মাংসসাৰ (Protein) বেছি আৰু চৰ্বী (Fat) কম থাকে কাৰণে ইয়াৰ মাংস উত্তম খাদ্য হিচাপে পৰিগণিত। শহা পহুৰ মাংসত কলেষ্টৰেল কম থাকে কাৰণে উচ্চ ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ ৰোগীৰ বাবে উপযুক্ত খাদ্য।

শহা পহু পালনৰ উপযোগিতা-

১। শহা পহুৰ মাংস কুকুৰাৰ মাংসৰ দৰে সুস্বাদু আৰু পুষ্টিকৰ।

২। ইহঁতৰ দ্ৰুত গতিত বংশ বৃদ্ধি হয়। এবাৰত ৮-১৪  টালৈ পোৱালি জন্ম হয়। এজনী মাইকী শহাই বছৰেকত প্ৰায় ৩২-৬৪ টালৈকৈ পোৱালি জন্ম দিবলৈ সক্ষম।

৩। শহা পহুৰ খাদ্য কম খৰচী আৰু সকলো ঠাইতেই উভৈনদী। ঘাঁহ-বন,  খেৰ,  খেতিৰ অৱশিষ্ট, শাক-পাচলিৰ অৱশিষ্ট, পাকঘৰৰ পেলনীয়া,  ফল-মূলৰ অৱশিষ্ট, গছ-লতিকাৰ পাত আদি খুৱাই শহা পহু পালন কৰিব পাৰি।

৪। শহা পহু পালনৰ বাবে বেছি ঠাইৰ প্ৰয়োজন নহয়। ঘৰৰ পিছফালে কম ঠাইতেই ৩০-৫০ টা শহা কোনো অসুবিধা নোহোৱাকৈ পালন কৰিব পাৰি।

৫। শহা পহুৰ বংশ বৃদ্ধি অতি কম দিনৰ ভিতৰতে হয়। সেয়েহে বিনিয়োগ কৰা ধন ৬-৯ মাহৰ ভিতৰতে ঘূৰি আহে।

৬। বিনিয়োগৰ তুলনাত আয় যথেষ্ট বেছি।

৭। শহা পহু বৰ শান্ত। গতিকে মহিলা আৰু কম বয়সীয়া ল'ৰা-ছোৱালীয়েও অনায়াসে পালন কৰিব পাৰে।

৮। শহা পহুৱে বেছি চিঞৰ বাখৰ নকৰে বাবে ওচৰ চুবুৰীয়াৰ কোনো অসুবিধা নহয়। সেয়েহে চুবুৰীয়াৰ লগত সামাজিক সম্পৰ্ক বেয়া নহয়।

৯। শহা পহুক প্ৰাকৃতিক ৰিফ্ৰিজাৰেটৰ বুলি কয়। কাৰণ আলহী আহিলে বজাৰলৈ নোহোৱাকৈ ঘৰতেই মাংস পোৱা যায়।

১০। শহাপহু উত্তম সঙ্গী প্ৰাণী। পোহনীয়া কুকুৰ-মেকুৰীৰ পৰা শিশু আৰু বৃদ্ধৰ ক্ষতি হ'ব পাৰে কিন্তু শহাপহুৰ পৰা কোনো ক্ষতি নহয়।

১০। শহা পহুৰ পামৰ পৰা বছৰৰ সকলো সময়তেই ধন আহৰণ কৰিব পাৰি। ইহঁতৰ বাৰ মাহেই উৎপাদন হৈ থাকে।

১১। শহা পহুৰ নোমৰ পৰা উন্নত মানদণ্ডৰ মূল্যবান গৰম কাপোৰ তৈয়াৰ কৰা হয়।

১২। শহাপহুৰ ছালৰ পৰা চৌখিন বিলাসী পোছাক,  বেগ,  জোতা, টুপী আৰু বহু সামগ্ৰী তৈয়াৰ কৰা হয়।

শহা পহুৰ জাত (Breed of rabbit)

পৃথিৱীৰ বিভিন্ন দেশত বিভিন্ন জাতৰ শহা পহু আছে। ইয়াৰে ভিতৰত ব্যৱসায়িক ভিত্তিত পালন কৰিবলৈ কিছুমান নিৰ্দিষ্ট জাতহে নিৰ্বাচিত কৰা হয়। বিভিন্ন সময়ত বিভিন্ন উদ্দেশ্যত বেলেগ বেলেগ জাতৰ শহা পালন কৰা হয়।

নোম উৎপাদনৰ বাবে ব্যৱহৃত উপযুক্ত জাত -

১। এঙ্গোৰা(Angora) - ৩-৪.৫ কেজি।

২। ফ্লেমিছ জায়েণ্ট (Flemish Giant) - ৭ কেজি।

৩। আৰ্জেণ্টি (Argente)- ৬-৮ কেজি।

৪। হাভানা (Havana)- ২-২.৯ কেজি।

৫। পোলিচ হোৱাইট (Polish White)- ৪ কেজি।

এই জাত বিলাক ঠাণ্ডা ঠাইত পালনৰ বাবে উপযুক্ত। ইহঁতে ১০-১৫ ডিগ্ৰী উষ্ণতাত অধিক উৎপাদন দিয়ে।

মাংস উৎপাদনৰ বাবে ব্যৱহৃত উপযুক্ত জাত -

১। ছোভিয়েট চিনচিলিয়া (Soviate Chinchilia)- ৪.৫ কেজি।

২। নিউজিলেণ্ড জায়েণ্ট (Newzialand Giant)- ৩-৪ কেজি।

৩। গ্ৰে জায়েণ্ট (Grey Giant)- ৪.৫-৫ কেজি।

৪। হোৱাইট জায়েণ্ট (White  Giant)- ৩.৮ কেজি।

৫। কেলিফ'ৰ্ণিয়া হোৱাইট (California White)- ৩.৫-৪.৮ কেজি।

৬। পপিলনো (Papillno) - ৪.৫-৫ কেজি।

৭। ডেনিচ হোৱাইট (Denish white)- ৩.৮-৪.৫ কেজি।

৮। ফ্ৰেঞ্চ চিলভাৰ (French Silver)- ৪.৫ কেজি।

৯। ব্লু ভিয়েনা (Blue viena)- ৪.৫ কেজি।

১০। হোৱাইট ভিয়েনা (White viena)- ৪ কেজি।

১১। ফ্ৰেঞ্চ লʼপ (French lop)- ৫.৫-৬.৫ কেজি।

এই জাত বিলাক উষ্ণ আৰু নাতিশীতোষ্ণ অঞ্চলত পালন কৰিবলৈ উপযুক্ত। ইহঁতে ২০-৩০ ডিগ্ৰী ছেন্টিগ্ৰেড উঞ্চতাত অধিক উৎপাদন দিয়ে।

লগতে পঢ়ক- 

শূন্য বাজেটেৰে শূন্য পৰিশ্ৰমেৰে কৃষিভূমিৰ চাৰিসীমাতে ৰোপন কৰক এইবোৰ ঘাঁহ

শহাপহু পালনৰ পদ্ধতি-

১। পিছফালৰ চোতালত পালন (Backyard system) - ঘৰৰ পিছফালে কম ঠাইতেই ৩০-৫০ টা শহা কোনো অসুবিধা নোহোৱাকৈ পালন কৰিব পাৰি।

২। ব্যৱসায়িক ভিত্তিত পালন (Commercial system) - ব্যৱসায়িক ভিত্তিত পালন কৰিবলৈ হ'লে উপযুক্ত ঠাইত, উপযুক্ত ঘৰ সাজি বহল ভিত্তিত পালন কৰিব লাগে।

শহাপহু পালনৰ বাবে উপযুক্ত ঘৰ আৰু সজা নিৰ্মাণ-

১। শহা পহু পাম স্হাপন কৰা ঠাই ওখ, পানী বন্ধ নোহোৱা আৰু ৰ'দ পৰা হ'ব লাগে।

২। শহা পহু ঘৰৰ মজিয়া আৰু সজা দুইটাতেই পালন কৰিব পাৰি।

৩। ২ ফুট দীঘল, ১ ফুট বহল আৰু ১.৫ ফুট উচ্চতাৰ সজা এটাত এজনী মাইকী শহাপহু পালন কৰিব পাৰি।

৪। মতা শহাপহুৰ সজাটো  ২ ফুট দীঘল, ২ ফুট বহল আৰু ১.৫ ফুট উচ্চতাৰ হ'ব লাগে। বিভিন্ন জাত, শৰীৰৰ আকৃতি আৰু প্ৰাকৃতিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি সজাৰ আকাৰ সৰু বা ডাঙৰ হ'ব পাৰে।

৫। মূকলি ঘৰ হ'লে সজাবোৰ মজিয়াৰ পৰা কমেও ৩-৪ ফুট ওখত সংস্হাপন কৰিব লাগে। আৱদ্ধ ঘৰ হ'লে মজিয়াৰ পৰা ৬ ইঞ্চিমান ওপৰ হ'লেও হ'ব। চাৰিওফালে পৰ্দাৰ ব্যবস্থা কৰিব লাগে।

৬। মজিয়াত পালন কৰিলে প্ৰতিটো শহাপহুৰ বাবে প্ৰায় ৪ বৰ্গফুট ঠাইৰ আৱশ্যক।

৭। পোৱালি জগোৱা সজাটো ১.৫ ফুট দীঘল, ১ ফুট বহল আৰু ৬ ইঞ্চি উচ্চতাৰ হ'ব লাগে। সজাটোৰ আটাইকেইটা ফাল ঢাকি দিব লাগে আৰু এখন দুৱাৰ ৰাখিব লাগে। বায়ু চলাচলৰ বাবে সজাৰ বেৰ বিলাকত সৰু সৰু বিন্ধা কিছুমান তৈয়াৰ কৰি দিব লাগে।

( শৰীৰৰ আকৃতি, প্ৰকৃতি, প্ৰাকৃতিক বাতাবৰণ আদিৰ ওপৰত নিৰ্ভৰ কৰি সজা বিলাকৰ দীঘল আৰু পুতল ১X২, ২X৩, ৩X৪ ফুট আৰু উচ্চতা ১-২ ফুট কৰিব লাগে)

৮। সজা এজনীয়া (Single) বা বহুজনীয়া / সামূহিক (Colony) হ'ব পাৰে। সজা বিলাক এতৰপীয়া (Single layer) বা বহুতৰপীয়া (Multiple layered) হ'ব পাৰে।

৯। সজাবিলাক বাঁহ, কাঠ, প্লাষ্টিক বা লোৰে বনাব পাৰি। লোৰে বনালে খৰচ বেছি হয় যদিও মজবুত আৰু সুৰক্ষিত হয়।

১০। সজাৰ মজিয়া আৰু বেৰবোৰ লোৰ জালিকাৰ (Iron Net) হ'লে ভাল। মজিয়াৰ জালিকাৰ ফাক (Hole) ১-১.৫ ছেন্টিমিটাৰ আৰু বেৰৰ জালিকাবোৰৰ ফাক ২.৫-৩ ছেন্টিমিটাৰ হ'লে ভাল। যি ঠাইত এন্দুৰ, নিগনি আৰু সাপৰ উপদ্ৰৱ আছে সেই ঠাইত পোৱালি জগোৱা সজাৰ জালিকা বোৰ ঘন হ'ব লাগে যাতে এন্দুৰ নিগনি আৰু সাপে পোৱালি বোৰৰ ক্ষতি কৰিব নোৱাৰে।

১১। প্ৰজনন পামৰ বাবে সজাবিলাক এজনীয়া হোৱা ভাল। মাংস বা নোমৰ বাবে পাম কৰিলে সজাবিলাক সমূহীয়াকৈ বনালে খৰচৰ পৰিমাণ কমি যায়।

১২। প্ৰজননৰ বাবে ব্যৱহৃত সজাবিলাকত শুকান খেৰ, গছৰ পাত আদিৰে বিছনা (Beding) বনাই দিব লাগে যাতে গৰ্ভৱতী শহাজনী আৰু নৱজাত পোৱালি বোৰে কষ্ট আৰু ঠান্ডা নাপায়।

পামৰ বাবে শহা নিৰ্বাচন

১।  নিজৰ প্ৰয়োজন আৰু বজাৰৰ চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি জাত নিৰ্বাচিত কৰিব লাগে।

২। বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি আপোনাৰ পাৰিপাৰ্শ্বিকতাত কি জাতৰ শহা পালন কৰিলে সিহঁতৰ জীয়াই থকাৰ হাৰ বেচি হ'ব আৰু উৎপাদন অধিক হ'ব সেইটো ভালদৰে জানি লৈ জাত নিৰ্বাচিত কৰিব লাগে।

৩। নিৰ্ভৰযোগ্য উৎসৰ পৰাহে শহাপহু কিনিব লাগে।

৪।  শহাপহু বিলাক সুস্হ - সৱল আৰু নিৰোগী হ'ব লাগে।

৫। কিনিব খোজা শহাপহু বিলাকৰ পিতৃ- মাতৃৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, প্ৰজনন সক্ষমতা, উৎপাদনশীলতা আদি চাইহে নিৰ্বাচন কৰিব লাগে।

৬। মনত ৰাখিব লগিয়া কথা যে প্ৰজননৰ বাবে নিৰ্বাচিত মতা আৰু মাইকী শহা পহু ওচৰ সম্পৰ্কীয় হ'ব নালাগে। ওচৰ সম্পৰ্কীয়ৰ মাজত প্ৰজনন হ'লে সিহঁতৰ পোৱালি বিলাকৰ শাৰিৰীক বিসংগতি, উৎপাদনশীলতা হ্ৰাস আদি হ'ব পাৰে।

৭। মতা মাইকী উভয়ৰে প্ৰজনন অংগবোৰৰ ঠিক আছে নে নাই ভালদৰে পৰীক্ষা কৰি চাব লাগে।

মাইকী বিলাকৰ সাধাৰণতে ৮ টা স্তন থাকে। কিনাৰ আগতে স্তনৰ গঠন, সংখ্যা আদি ভালদৰে পৰীক্ষা কৰা উচিত।

৮। ১০-১২ জনী মাইকী শহা পহুৰ বাবে এটাকৈ মতা প্ৰজননৰ বাবে পালন কৰিব লাগে।

শহাপহুৰ খাদ্য (Rabbit feed)

প্ৰাকৃতিক পৰিৱেশত শহাপহুৱে ঘাঁহ-বন, গছৰ পাত, শস্য, তল সৰা গছৰ গুটি আৰু ফল আদি খাই জীয়াই থাকে। ইহঁত তৃণভোজী প্ৰাণী। ঘৰত তাকৰীয়াকৈ পালন কৰিলে পাকঘৰৰ অৱশিষ্ট আৰু ঘৰৰ চৌহদৰ ঘাঁহ-বন খুৱাইপালন কৰিব পাৰি ।ব্যৱসায়িক ভিত্তিত শহা পহু পালন কৰিলে ঘাঁহৰ লগত সমতুল আহাৰ যোগান ধৰা হয়।  সাধাৰণতে ৪০-৫০ শতাংশ ঘাহ আৰু বাকী ৫০-৬০ শতাংশ সমতুল আহাৰ যোগান ধৰিব লাগে। সমতুল আহাৰ (Balanced feed) বয়স আৰু অন্যান্য কাৰকৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগকৈ তৈয়াৰ কৰি যোগান ধৰা হয়।

কৰ্মশ্ৰীডাঃ অম্বিকা ডেকা

পৰিচালকজিলা কুকুৰা পাম

জাৱজাৱকুছিনলবাৰীঅসম

লগতে পঢ়ক-

3 Tips of Duck Farming : হাঁহ পালনৰ তিনিটা আধুনিক পদ্ধতি

English Summary: How to Rabbit Farming for Business Purpose
Published on: 18 October 2024, 06:06 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now