গ্রীষ্মকালটো মীনপালকসকলৰ বাবে অতি গুৰুত্বপূর্ণ সময়। এই সময়ছোৱাত তুলনামূলকভাবে আন মাহতকৈ সৌৰ ঘণ্টাৰ (Solar Hour) পৰিমাণ বেছি বাবে পানীত প্রাকৃতিক উৎপাদকতা অধিক হয়। তদুপৰি মাছৰ বৃদ্ধিৰ বাবে অনুকূল উষ্ণতা (২৬ ডিগ্ৰী ছেঃ পৰা ৩২ ডিগ্ৰী ছেঃ) এই মাহকেইটাত থাকে। পানীত হ’ব পৰা অপতৃণসমূহৰো বংশবৃদ্ধি গৰমৰ সময়ছোৱাত যথেষ্ট হোৱা দেখা যায়। মাছ পালনৰ বাবে অপকাৰী জলজ অপতৃণ মেটেকা, ভেট, পদুম, কলমৌ আদি বাঢ়িবলা ললেই লগে লগে সেইবোৰ নিয়ণ্ত্ৰণ কৰিব লাগে। কিয়নো অপতৃণসমূহে জলাশয়টোৰ পানীৰ গভীৰতালৈ সূৰ্যৰ পোহৰ বিচ্ছুৰিত হোৱাত বাধা দিয়ে, ফলস্বৰুপে মাছৰ খাদ্যৰ প্ৰাকৃতিক উৎপাদন হ্ৰাস হয়।
তদুপৰি অপতৃণসমূহে জলাশয়টোৰ পানীৰ পুষ্টদ্ৰব্য আহৰণ কৰি পানীৰ ভৌত ৰাসায়নিক গুমসমূহৰ ভাৰসাম্য নাইকিয়া কৰে। এই সময়ছোৱাত বৰষুণৰ পৰিমাণ অধিক হোৱাৰ বাবে পুখুৰীৰ পাৰত হাবি বন অধিক গজি উঠিব পাৰে আৰু সেইবোৰ শঘনাই পৰিস্কাৰ কৰিব লাগে। পানীৰ উষ্ণতাৰ লগত দ্ৰৱীভূত অম্লজানৰ সম্পৰ্ক আছে। উষ্ণতা বৃদ্ধি হলে দ্ৰৱীভূত অম্লজানৰ পৰিমাণ কমি যোৱাৰ ফলত তাত থকা মাছবোৰ ওপৰলৈ কাপ কাপকৈ উঠি অহা পৰিলক্ষিত হয়। এনে অৱস্হা হলে পনীখিনি বাহেৰে মৰিয়াই বা পাম্পেৰে উঠাই পুনৰ ছিটিকি পৰাৰ ব্যৱস্হা কৰিব লাগে।
গ্ৰীষ্ম কালছোৱাত পানীৰ গুণাগুণ অনুকূল পৰিসৰত ৰাখিবলৈ নিয়মিত চূন প্ৰয়োগ (প্ৰতিবিঘা পানীকালিৰ পুখুৰীত মাহিলি ৫ কিঃ প্ৰাঃ) কৰিব লাগে। চূনে পানীৰ অম্লতা হ্ৰাস কৰে আৰু পানী বিজানুমুক্ত কৰি তোলে। তদুপৰি চূনে জৈৱ আৰু অজৈৱ এচিডৰ ক্ৰিয়া বন্ধ কৰে তথা অতিৰিক্ত মেগনেচিয়াম, ছডিয়াম আৰু পটাছিয়াম আয়নৰ বিষক্ৰিয়া হ্ৰাস কৰে।
চূণ প্ৰয়োগৰ এসপ্তাহৰ পাছৰ পৰা পুখুৰীত কেঁচা গোবৰ প্ৰয়োগ কৰিব লাগে। প্ৰতিবঘা পানীকালিত মাহিলি প্ৰয়োগ কৰিব লগীয়া কেঁচা গোবৰৰ পৰিমাণ হ’ল ১০০ কিঃ গ্ৰাঃ। অৱশ্যে প্ৰতিজনী গৰুৰ গোবৰ দৈনিক হাৰত এবিঘা পানীকালিৰ পুখুৰীত প্ৰয়োগ কৰিলেও উপকৃত হ’ব পাৰি। জৈৱিক সাৰৰ উপৰিও অজৈৱিক সাৰ যোনে- ইউৰিয়া (৪ কিঃ গ্ৰাঃ) আৰু চিংগল চুপাৰ ফছফেট ৯৩ কিঃ গ্ৰাঃ) প্ৰতিবিঘা পানীকালিৰ পুখুৰীত মাহিলি প্ৰয়োগ কৰা উচিত। গ্ৰাছকাৰ্পক নিয়মিত ঘাঁহ, কলপাত আদি যোগান ধৰা উপৰি পৰিপূৰক খাদ্য যেনে- চাউলৰ মল, সৰিয়হৰ সলিহৈ অথবা বজাৰত উপলব্ধ সুষম আহাৰ ২-৩ শতাংশ দৈনিক হাৰত পুখুৰীত প্ৰয়োগ কৰিব লাগে। মাছৰ খাদ্যৰ যাতে অপচয় নহয় তাৰ বাবে পুখুৰীত বস্তাত বান্ধি অথবা দলা বান্ধি পৰিপূৰক খাদ্য যোগান ধৰিব লাগে।
গ্ৰীষ্মকালি মীনপালন পুখুৰীত কৰিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কাম হ’ল-
-
পুখুৰীত জাল মাৰি তাত যদি পালনৰ বাবে অনুপযোগী মাছ যেনে- পুঠি, মোৱা, খলিহণা আদি মাছ থাকে সেইববোৰ উঠাই পেলাব লাগে। এই মাছবোৰে দ্ৰৱীভূত অম্লজান আৰু খাদ্যৰ বাবে পালন কৰা মাছৰ লগত প্ৰতিযোগিতাত নামে।
-
এই সময়ছোৱাত পুখুৰী বানপানীৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। বানপানীৰ আক্ৰান্তৰ সম্ভাৱনা থকা পুখুৰীৰ চাৰিওফালে নাইলনৰ জাল, বাঁহ অথবা কাছৰ খূঁটাৰে বান্ধি ৰখাৰ ব্যৱস্হা কৰিলে বানপানীৰ পৰা হ’ব পৰা ক্ষয়ক্ষতি কমে।
-
নিৰ্গমণ নলীৰে পানী উলিয়াই দিয়াৰ ব্যৱস্হা থাকিলে পুখুৰীত ১.৫-২.০ মিঃ পানীহে ৰখাৰ ব্যৱস্হা কৰিব লাগে।
গ্ৰীষ্মকালত কোনো কোনো পুখুৰীত ৰঙচুৱা আৱৰণ দেখা যায়। এনে আৱৰণ মীন পালন পুখুৰীৰ বাবে ক্ষতিকাৰক। ৰঙচুৱা অথবা সেউজীয়া ৰঙৰ এন্ আৱৰণে ডাঠ চামনি হৈ মাছৰ বৃদ্ধিত কু প্ৰভাৱ পেলায়। গৰু প্ৰস্ৰাৱ অথবা অটা চুকত মেটেকা কিছু ৰাখি মাজে মাজে সেইবোৰ পানীত উপঙি ফুৰাৰ ব্যৱস্হা কৰিলে এনে ৰঙচুৱা আৱৰণ বহুখিনি হ্ৰাস হয়।
লগতে পঢ়ক-Fisheries: কাৰ্পৰ লগত চিতল আৰু মাগুৰ মাছ পালন!
লেখকঃ ড০ সঞ্জয় শৰ্মা