1. পশুপালন

ঘৰৰ বাৰীৰখনতেই মৌ-পালন কৰি বছৰি ৭-৮ লাখ টকা উপাৰ্জনৰ কিটিপ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Bee Keeping
Bee Keeping

বৰ্তমান সময়ত মৌ জোল বা মৌ ৰসৰ চাহিদা কথা সকলোৱে। অকণমানি মৌজোলৰ বটল এটাৰ দামেই ৮০ পৰা ১০০ টকা। গতিকে কৃষকসকলে মৌপালন কৰি মৌ ৰস উতপাদন কৰিলে যথেষ্ট লাভান্বিত লাভান্বিত হ’ব। মৌ-পালন সকলোৱে কৰিব পাৰে কাৰণ মৌ পালনৰ বাবে এটা শকত পূঁজিৰো প্ৰয়োজন নাই। মৌ-মাখি আৰু বাকচটো কিনাৰ বাবদ অলপ মান পইচা লাগে। তদুপৰি মৌ পুহিবলৈ অতিৰিক্ত মাটিও নালাগে, খৰচো নাই লগতে অন্য কামৰ সমান্তৰালভাৱে মৌ পালন কৰিব যাব পাৰে কৃষকসকলে। আনহাতে অন্য কামৰ দৰে দিনে নিশাই কাম কৰিবও নালাগে। গৰু-ছাগলী পোহাৰ দৰে যতনৰো প্ৰয়োজন নাই, খাবলৈয়ো দিব নালাগে। সিহঁতে নিজে নিজে খাব আৰু আপোনাৰ বাবে মৌজোল গোটাই পইচা দি থাকিব।

মৌ পালন কৰিবলৈ কৃষকগৰাকীক প্ৰথম অৱস্থাত এটা মৌ বাকচৰ প্ৰয়োজন হ’ব। যিজন মৌ পালকৰ মৌ-মাখি কিনি আনিম বুলি ভাৱিছে তেওঁক প্ৰথমে মৌ বাকচটো দিব আৰু মৌ বাকচটোত মৌ-মাখি ভৰাই দিব। মৌবাহটো আনি আপুনি ঘৰৰ বাৰী, পিড়ালী আদি যিকোনো ঠাইত ৰাখিব লাগে। এটা ডাঙৰ মৌ-মাখি ৰখা বাকচৰ দাম ১৭০০ ৰ পৰা ১৮০০ টকা। এবাহ মৌ-মাখিৰ দাম ১০০০ টকাৰ কেতিয়াবা বেছি হয় কেতিয়াবা কম হয়। বছ সিমানেই বাকী প্ৰয়োজনীয় দুই এটা বস্তু লাগিব যিবোৰ ঘৰতে পাবই। পৰৱৰ্তী সময়ত সেই মৌ-বাহৰ পৰাই মৌ-মাখিৰ সংখ্যা বঢ়াই যাব পাৰিব। মৌ পালক প্ৰদীপ ফুকনে জানিবলৈ দিয়া মতে, এবাহ মৌ-মাখিৰ পৰা বছৰি ৭ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে।

লগতে পঢ়ক- 

Bee Farming : মৌ পালনেৰে স্বাৱলম্বী টীয়কৰ এজন ব্যক্তিৰ মনৰ কথা

এনেদৰে ঘৰৰ বাৰীখনতে এজন কৃষকে মৌ-পালন কৰিব পাৰে। যদি এজন কৃষকে এনেদৰে ৫০ টা মৌবাহো পোহে বছৰত ৩ লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব। গাঁৱৰ মহিলাসকলেও মৌ-পালন কৰিব পাৰে। কাৰণ মৌ পালনত শাৰিৰীক কষ্ট একেবাৰে নহয়। ঘৰৰ কাম-বন কৰাৰ লগতে মহিলাসকলে এই ব্যৱসায় কৰি উপাৰ্জন কৰিব পাৰে।

মৌৰ লগত কৃষকসকলে নিজৰ বাৰীৰখনত শাক-পাচলি, ফল-মূলৰ খেতিও কৰিব পাৰে। ফল-মূল, শাক-পাচলিৰ খেতিৰ পৰা উপাৰ্জন কৰিব পাৰে। মৌপালক প্ৰদীপ ফুকনে জানিবলৈ দিয়া মতে, মৌ-পালন কৰা বাৰীত শাক-পাচলি, ফল-মূল বেছি উতপাদন হয়। মৌ-মাখিবোৰে পৰাগ ৰেণু সৃষ্টি কৰাত সহায় কৰে আৰু মৌ-মাখিবোৰেও এই ফল-ফুল, ফল-মূলবোৰৰ পৰা ৰস সংগ্ৰহ কৰিব পাৰে।

লগতে পঢ়ক- 

কেনেকৈ প্ৰতিৰোধ কৰিব মৌ-মাখিৰ জাক উৰোৱা প্ৰতিৰোধ ? পঢ়ক এই প্ৰবন্ধ

English Summary: Bee farming System & its benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.