পি.পি.আৰ.(পেষ্টিদিচ পেটিচ ৰুমিনেন্ট)নামৰ ৰোগ বিধ সম্প্ৰতি অসমৰ সকলো জিলাত দেখা দিয়া এবিধ নতুন আৰু মাৰাত্মক সংক্ৰামক বিজানু(ভাইৰাচ)জনিত ছাগলীৰ বেমাৰ। সকলো বয়সৰ ছাগলী এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়।
লক্ষণ সমূহ:-
এই ৰোগ হলে ছাগলীৰ মুখত ঘাঁ লাগে, জ্বৰ হয়,পাতল পায়খানা হয়, নাকেৰে পানী, শেঙুণ ওলায়, চকুত বিজলুৱা পদাৰ্থ দেখা যায় আৰু উশাহ-নিশাহত অতিপাত কষ্ট পায়। এই ৰোগ হলে ¾ দিনৰ ভিতৰতে ছাগলীৰ মৃত্যু হব পাৰে। বিশেষকৈ পোৱালীৰ মৃত্যু সৰ্বাধিক হয়।
চিটাৰ পৰিমাণ:-
2 মাহ বয়সৰ ওপৰত সকলো ছাগলীকে পি.পি.আৰ. (পেষ্টিদিচ পেটিচ ৰুমিনেন্ট)চিটা ছালৰ তলত 1 মি.লি.কৈ দিব লাগে।আনকি গাভিনী ছাগলীকো (3 মাহ) দিব পৰা যায়।
চিটা দিয়াৰ নিয়ম:-
সাধাৰণতে সৰু পি.পি.আৰ.(পেষ্টিদিচ পেটিচ ৰুমিনেন্ট)চিটাৰ বটলত ঔষধ খিনি 100 মি.লি. বটলৰ দ্ৰাৱকৰ লগত ভালকৈ মিহলাই 1 মি.লি. কৈ 100 টা ছাগলীক ছালৰ তলত চিটা হিচাপে দিয়া হয়।
পি.পি.আৰ.চিটাৰ যোগান:-
সাধাৰণতে এই পি.পি.আৰ. চিটাসমূহ খানাপাৰাত থকা জৈৱিক উৎপাদন প্ৰতিষ্ঠানে সকলো জিলা পশু-পালন ও পশু-চিকিৎসা বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে আৰু জিলা পশু-পালন ও পশু-চিকিৎসা বিষয়াৰ কৰ্যালয়ে সকলো উপকেন্দ্ৰ,পশু-চিকিৎসালয়লৈ বিনামূলীয়াকৈ যোগান ধৰে আৰু পশু-চিকিৎসালয়/উপকেন্দ্ৰ সমূহে বিনামূলীয়াকৈ সকলো ছাগলীকে এই ৰোগৰ প্ৰতিশেধক চিটা দিয়ে।
প্ৰতিক্ৰিয়া:-
চিটা দিয়া ঠাইখিনি 2-3 দিনলৈ অলপ ফুলি থাকে। তাৰ বাহিৰে কোনো ধৰণৰ অনিষ্টকাৰী প্ৰতিক্ৰিয়া নহয়।
ৰোগ প্ৰতিৰোধ ক্ষমতা:-
চিটা দিয়াৰ 7 দিনৰ ভিতৰত ছাগলীবোৰে ৰোগ প্ৰতিৰোধৰ ক্ষমতা আয়ত্ব কৰে আৰু 6 মাহলৈকে এই প্ৰতিৰোধ ক্ষমতা অটুট থাকে।
উৎস:অসম পশুপালন ও পশু-চিকিৎসা বিভাগ,কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ "এচকাড" আচনিৰ অধীনত প্ৰকাশিত আৰু প্ৰচাৰিত ।
লগতে পঢ়ক-
Share your comments