Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 March, 2024 2:39 PM IST
দৈনিক ১০০ ৰ পৰা ১৫০ লিটাৰ গাখীৰ উৎপাদন কৰিছে শিৱসাগৰৰ অনিৰ্বাণ দত্তই

দুগ্ধ উৎপাদনেৰে আত্মনিৰ্ভৰ হৈছে শিৱসাগৰ নগৰৰ ৮ নং ৱাৰ্ডৰ নিবাসী অনিৰ্বাণ দত্ত । গো পালক দত্তই শিৱসাগৰ নগৰৰ সমীপৰ বেতবাৰীত থকা এই পাম খনৰ পৰা দৈনিক ১০০ ৰ পৰা ১৫০ লিটাৰ গাখীৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে। উদ্যমী দত্তৰ বেতবাৰীত থকা চাহ বাগিছা এখনৰ বাবে প্ৰয়োজন হোৱা গোবৰৰ বাবে তেওঁ গো পালনৰ সৈতে জড়িত হৈ পৰিছিল।প্ৰাথমিক পৰ্যায়ত কিছু প্ৰত্যাহ্বান সন্মুখীন হৈছিল যদিও বৰ্তমান দত্ত এজন সফল গো পালক।গাখীৰ উৎপাদনৰ ক্ষেত্ৰত দেখুওৱা সফলতাৰ বাবে এইবাৰ ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানলৈ  তেওঁ বিশেষ ভাবে নিমন্ত্ৰণ লাভ কৰিছিল।

চাহ বাগিচা,মীন পালন, আদিৰ সমান্তৰাল ভাৱে গো পালন কৰা দত্তৰ দৈনন্দিন জীৱন আৰম্ভ হয় নিজৰ পাম খনৰ এই গোহালিতে।পুৱাই তেওঁ গোহালি পৰিষ্কাৰ কৰি,দান দিয়া,গাখীৰ খীৰোৱা আদি কামত ব্যস্ত হৈ পৰে।দত্তক এই কাম কাজ সমূহত সহায় কৰে তেওঁৰ ৮ গৰাকী কৰ্মচাৰীয়ে। সৰ্বোচ্চ উৎপাদনৰ সময়ত দত্তই দৈনিক নিম্নতম ১০  হেজাৰ টকাৰ গাখীৰ বিক্ৰী কৰে।

লগতে পঢ়ক- 

ধেমাজিৰ তৰানিপথাৰৰ ৰাজু ভাজনিয়ে কেনেদৰে কৰি আছে জানো আঁহক

Anirban Dutta

বিজ্ঞানসন্মত পদ্ধতিৰে গো পালন কৰি নিজৰ লগতে আন ৮ টা পৰিয়ালক সংস্থাপন দিয়া দত্ত এই ব্যৱসায়ক লৈ অতিশয় আশাবাদী । থলুৱা প্ৰজাতিৰ কেইজনীমান গৰুৰে গো পালন আৰম্ভ কৰা দত্ত সম্প্ৰতি এজন সফল গো পালক। পশু চিকিৎসা বিভাগৰ কৃত্ৰিম প্ৰজনন আঁচনিৰ সহায়ত তেওঁ কেইবাজনীও বৰ্ণসংকৰ জাতৰ গাই গৰুৰ গৰাকী হবলৈ সক্ষম হৈছে।দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰা ৰাষ্ট্ৰীয় গকুল মিচনৰ অধীনত দত্তই কেইটামান বছৰ পূৰ্বে গো পালন আৰম্ভ কৰিছিল।দত্তৰ গোহলিত বৰ্তমান ১৮ জনী উন্নত প্ৰজাতিৰ চাহেৱাল আৰু জাৰ্চি গৰু আছে।  গো পালনত সফল হোৱাৰ বাবে গোহালিৰ গৰুৱে ভাল আহাৰ পোৱাটো অতি প্ৰয়োজনীয়।  তেওঁ এই দিশত বিশেষ ভাবে গুৰুত্ব আৰোপ কৰিছে আৰু পাম খনৰ চৌহদতে উন্নত প্ৰজাতিৰ ঘাঁহৰ খেতি কৰি এই সমস্যা সমাধানৰ পথ উলিয়াই লৈছে।

পৰম্পৰাগত গো পালনৰ বিপৰীতে বিজ্ঞান সন্মত ভাবে উন্নত জাতৰ গৰুৰ পামৰ জৰিয়তে উদ্যমী দত্তই দুগ্ধ উৎপাদনৰ দিশত এক উল্লেখযোগ্য সফলতা লাভ কৰিছে।উৎপাদিত গাখীৰ তেওঁ স্থানীয় বজাৰত বিক্ৰী কৰি লাভবান হোৱাৰ সমান্তৰাল ভাৱে গো পালন যে এক লাভ জনক ব্যৱসায় হব পাৰে সেই কথা প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে।যি সময়ত একাংশ যুৱক যুৱতী চৰকাৰী চাকৰিৰ আশাত হাত সাৱটি বহি আছে বা নগৰমুখী হৈছে সেই সময়ত এই যুৱ গো পালক গৰাকীয়ে গাঁৱলৈ ঘূৰি গৈ প্রায় অকলশৰে সমৃদ্ধিৰ বাট নির্মাণ কৰিছে।স্বাস্থ্য সচেতন দত্ত শিৱসাগৰৰ আগশাৰীৰ এজন সমাজকৰ্মী হোৱাৰ লগতে শিৱসাগৰ জিলা চাইকেলিষ্ট এছোচিয়েচনৰো সভাপতি। স্বাস্থ্য আৰু সম্পদ অন্বেষণত ব্যস্ত হৈ নিজৰ লগতে আন বহু জনৰ বাবে সংস্থাপনৰ দিহা কৰা দত্ত নতুন প্ৰজন্মৰ অনেকৰ বাবে এক অনুকৰণীয় ব্যক্তিত্ব।

প্ৰতিবেদক- মুজাহিদ আলি, শিৱসাগৰ

লগতে পঢ়ক- 

Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক

English Summary: Daily 100 to 150 liters milk productions of Anirban Dutta
Published on: 11 March 2024, 02:39 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now