বাৰিষা সময়তে গৰু-ম'হ বিভিন্ন বেমাৰত আক্ৰান্ত হয় । সঠিক সময়ত সঠিক ব্যৱস্থা নকৰিলে বা চিকিৎসাৰ ব্যৱস্থা নকৰিলে এই সময়ছোৱাত বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই অধিক ।
বাৰিষাৰ কাল অহাৰ লগে লগে গৰু-ম'হক বেমাৰৰ পৰা ৰক্ষাৰ কৰিবৰ বাবে কেইটামান প্ৰাথমিক ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজন । বাৰিষা সময়ছোৱাত গো-পালক সকলে কি ব্যৱস্থা গ্ৰহণ কৰিব-
- গো গোহালিৰ চাৰিওফালে পানী জমা হ'বলৈ পৰাপক্ষত নিদিব । বাৰিষাৰ সময়ত গোহালিৰ পৰা পানী উলাই যাব পৰাকৈ নলাৰ ব্যৱস্থা কৰিব ।
- গোহালিটো প্ৰত্যেক দিনে পৰিষ্কাৰ কৰক আৰু গোহালিৰ মজিয়াখন শুকান কৰি ৰাখিব চেষ্টা কৰক ।
- গৰু-ম'হক কেতিয়াও লেতেৰা পানী নোখোৱাব । সাম্ভাব্য বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ হ'লে পৰিষ্কাৰ খোৱা পানী ব্যৱস্থা কৰাটো অতি প্ৰয়োজন ।
- গোহালি কাষতে গোবৰ দম নকৰিব । পৰাপক্ষত গোহালিৰ পৰা এক দূৰত্বত গোবৰ থোৱাৰ ব্যৱস্থা কৰক ।
- গোহালিত যাতে কোনো ধৰণৰ বেক্টেৰিয়া সৃষ্টি নহয় তাৰ বাবে মাজে মাজে কীটনাশক দ্ৰৱ স্প্ৰে কৰাৰ ব্যৱস্থা কৰক ।
- বাৰিষাৰ সময়ত বোকা পথাৰ বাবে পানীত গৰু-ম'হ চৰিবলৈ নিদিব । পৰাপক্ষত ঘৰতে বা বাৰীত গৰু-ম'হ ৰাখি খাদ্য দিয়াৰ ব্যৱস্থা কৰক ।
- গৰু-ম'হৰ বাবে সংগ্ৰহ কৰা খাদ্য চিধাই খাবলৈ নিদিব । সংগ্ৰহ কৰা ঘাঁহ-বন ভালদৰে ধুই ৰ'দ শুকুৱাই হে গৰু-ম'হক খাবলৈ দিব ।
- এই সময়ছোৱাত গৰু-ম'হৰ প্ৰায়ে পেলুৰ সমস্যাই দেখা দিয়ে । গতিকে গো পালক সকলে চিকিৎসকৰ পৰামৰ্শ অনুসৰি পেলুৰ ঔষধ খুৱাব লাগে ।
Share your comments