1. পশুপালন

দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে আপুনি গ্ৰহণ কৰক এই কেইটা উপায়...

KJ Staff
KJ Staff
Milk Production
Milk Production

বৰ্তমান সময়ত দুগ্ধ উৎপাদনৰ জৰিয়তে লাভজনক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে গো-পালক বা ম'হ পালক সকলে । সমান্তৰালভাৱে নতুন কৃষক সকলেও দুগ্ধ উৎপাদনৰ বাবে আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে । আমাৰ বজাৰ ব্যৱস্থালৈ লক্ষ্য কৰিলে দেখা পাম, বজাৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গাখীৰৰ চাহিদা ।

গতিকে বজাৰত চাহিদা অনুসৰি আমাৰ গো-পালক বা ম'হ পালক সকলে অধিক দুগ্ধ উৎপাদন কৰিবলৈ বিচাৰে ।  দুগ্ধ উৎপাদন বৃদ্ধি কৰিবৰ বাবে আমাৰ গো-পালক বা ম'হ পালক সকলৰ বাবে বহুটো উপায় আছে । তেওঁলোকে উপায় সমূহ অৱলম্বন কৰি দুগ্ধ উৎপাদন বৃদ্ধি কৰিব পাৰে ।

এই প্ৰৱন্ধটিত কেইটামান দুগ্ধৰ উৎপাদন বৃদ্ধিৰ উপায় উল্লেখ কৰা হ'লঃ

  • প্ৰথম উপায় হৈছে যেতিযা এজনী গাই প্ৰসৱৰ বাবে এমাহ থাকে তেতিয়া ১০ মিলিকৈ ২৫ দিনৰ বাবে এডাৰ-এইচ দিব পাৰে । ই গাই জনীক সুস্থ্য কৰি ৰাখে । যেতিয়া প্ৰসৱৰ বাবে ১৫ দিন থাকে তেতিয়া গাই জনীক ১০০ গ্ৰামকৈ দৈনিক এনবুষ্ট পাউডাৰ খোৱাব পাৰে । ইয়াৰ দ্বাৰা গাখীৰ উৎপাদন বৃদ্ধিয়েই নহয়, গৰু বা ম'হৰ পোৱালীটোৰ বিকাশত অধিক অৰিহণা যোগাব ।
  • দ্বিতীয় উপায় হৈছে প্ৰসৱৰ দিনৰ পৰা এজনী গাইক ১০ দিনৰ বাবে ১০০ মিলি ইউট্ৰাভিন খোৱাব লাগিব ।
  • তৃতীয় উপায় হৈছে প্ৰসৱৰ ১১ দিনৰ পৰা, আপুনি গাই জনীক ১০ দিনৰ বাবে ৰাতিপুৱা আৰু সন্ধিয়া ডাইজামেক্স ফৰ্ট বোলাছ খুৱাব আৰু তাৰ পিছত আপুনি গাই জনীৰ পৰা অধিক গাখীৰ লাভ কৰিব ।
  • প্ৰসৱৰ এমাহৰ পিছত দৈনিক ৫০ গ্ৰাম বায়োবিয়ন-সোণৰ পাউডাৰ খুৱাব যাতে আপোনাৰ গাইজনীয়ে গাখীৰ উৎপাদন বাহাল ৰাখিব পাৰে আৰু সময়মতে গৰ্ভধাৰণ কৰিব পাৰে । যদি আপুনি এই পদ্ধতিবোৰ সঠিকভাৱে অনুসৰণ কৰে, আপোনাৰ গৰু বাব ম'হ জনীয়ে প্ৰায় ২০ ৰ পৰা ২৫ লিটাৰ গাখীৰ দিব আৰু লগতে প্ৰতি বছৰে এটা পোৱালী জন্ম দিবলৈ সক্ষম হ'ব ।

লগতে পঢ়কঃ লাভজনক উৎপাদনৰ বাবে প্ৰথমে কৰক মাটিৰ পৰীক্ষা; কেনেকৈ ল'ব নমুনা ?

English Summary: best way to get more quantity of milk from animals

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.