1. পশুপালন

Livestock Farming:লাভ উপাৰ্জনৰ বাবে বাছনি কৰক এই কেইটা পশুধন...

KJ Staff
KJ Staff
Business Ideas
Livestock Farming

আমাৰ অসমীয়া সমাজত পশুপালন এক পৰম্পৰা বুলিয়ে ক'ব পাৰি । গাঁও সমূহৰ বেছি সংখ্যক পৰিয়ালৰ উপাৰ্জনৰ মূল পথ হৈছে পশুপালন । বিশেষকৈ ঘৰৰ গৃহিণী, বোৱাৰী সকলে প্ৰায়ে পশুপালনক জৰিয়তে উপাৰ্জনৰ এক বৃত্তি হিচাপে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

যদি আপুনি ব্যৱসায়িক ভিত্তিত পশুপালন কৰিবলৈ বিচাৰিছে, তেন্তে প্ৰথমে চাহিদা অনুসৰি পশুধন চিনাক্ত কৰাতো অতি প্ৰয়োজন । কি পশুধনৰ লাভ উপাৰ্জন অধিক হ'ব সেই বিষয় ধাৰণা থকাতো অতি প্ৰয়োজন । গতিকে অপোনাৰ সহাঁয়ৰ বাবে এই প্ৰৱন্ধটি কেইটামান লাভজনক পশুপালনৰ বিষয়ে উল্লেখ কৰা হৈছে-

দুগ্ধ পালন (Diary Farming)

দুগ্ধ পালন সমগ্ৰ বিশ্বতে জনপ্ৰিয় । দুগ্ধ পালন কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে অধিক পুষ্টিকৰ খাদ্য প্ৰাপ্ত কৰাৰ এক উৎকৃষ্ট উপায় । বৰ্তমান সময়ত বজাৰ সমূহতো গাখীৰৰ চাহিদা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ।

ছাগলী পালন (Goat Farming)

অধিক লাভ উপাৰ্জন কৰিবলৈ হ'লে আপুনি ছাগলী পালন কৰিব পাৰে । বৰ্তমান বজাৰত ছাগলিৰ গাখীৰ আৰু মাংস চাহিদা অধিক । তদুপৰি কম মূলধনৰ পৰা অধিক উপাৰ্জন কৰিবলৈ হ'লে আপুনি ছাগলী পালন কৰিব পাৰে । আপোনাৰ যদি ঠাই বহু কম তথা কম ঠাইতে পশুপালন কৰিব বিচাৰে তেন্তে আপুনি ছাগলী পালন কৰিব পাৰে ।

কেঁকোৰা পালন (Crabs Farming)

ভাৰত, বাংলাদেশ, ফিলিপাইন, থাইলেণ্ড আদি এছিয়াৰ দেশসমূহত মাটিৰ কেঁকোৰা এতি জনপ্ৰিয় । এই দেশবোৰ হৈছে বোকা কেঁকোৰাৰ মুখ্য উৎপাদক । উল্লেখ্যে যে, আন্তৰ্জাতিক বজাৰতো কেঁকোৰাৰ চাহিদা অধিক ।  অতি কম মূলধন বিনিয়োগৰ কৰি আপুনি সহজে মাটিৰ কেঁকোৰা পালন কৰি লাভ উপাৰ্জন কৰিব পাৰি ।

মৎস পালন (Fishery)

অসমৰ প্ৰায় সংখ্যক কৃষকে অধিক লাভ উপাৰ্জনৰ বাবে মৎস পালনৰ বাবে আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে । কিয়নো অসমৰ বজাৰত আমদানিকৃত মাছতকৈ থলুৱাভাৱে উৎপাদিত মাছৰ চাহিদা অধিক । গতিকে আপুনি মাছ পালন কৰি লাভ উপাৰ্জন কৰিবলৈ হ'লে বিভিন্ন প্ৰকাৰৰ কাৰ্প মাছ, মিছামাছ, কেটফিছ, প্ৰন আৰু চালমন বাছনি কৰিব পাৰে ।

শামুকৰ খেতি (Pearls Farming)

বৰ্তমান শামুকৰ পালনে যথেষ্ট গুৰুত্ব লাভ কৰিছে । বৰ্তমান সময়ত বজাৰৰ চাহিদা পূৰণ কৰিব পৰাকৈ কৃত্ৰিমভাৱে আপুনি শামুক পালন কৰিব পাৰে । মন কৰিব, শামুক পালন কৰিবৰ বাবে আপোনাৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন হ'ব ।

গাহৰি পালন (Pig Farm)

অসমত কৃষক সকলৰ আটাইতকৈ জনপ্ৰিয়তা লাভ কৰিছে গাহৰি পালনে । গাহৰি মাংস মানুহৰ শৰীৰিৰ বাবেও অতি পুষ্টিকৰ । তদুপৰি  ইয়াৰ ছাল, চৰ্বি আৰু অন্যান্য সামগ্ৰীবোৰ কাপোৰ, প্ৰসাধন সামগ্ৰী, সংসাধিত খাদ্য উপাদান আৰু চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰা হয় । গতিকে আন্তৰ্জাতিক বজাৰতো ইয়াৰ চাহিদা আছে ।

বটা চৰাই (Quail Bird)

যদিও বটা চৰাই শাৰীৰিক গঠনত তেনেই সৰু কিন্তু ই লাভ উপাৰ্জনৰ এক উৎস । বাট চৰাইৰ পালনৰ লাভালাভবোৰ হৈছে দ্ৰুত বিকাশ, প্ৰাৰম্ভিক যৌন পৰিপক্কতা, কণী উৎপাদনত হ্ৰস্ব প্ৰজন্মৰ ব্যৱধান আৰু প্ৰচুৰতা । লগতে বাট চৰাইৰ মাংসত কম চৰ্বি আৰু কম কেলৰি থাকে, যাৰ ফলত ই স্বাস্থ্য-সচেতন লোকসকলৰ বাবে জনপ্রিয় খাদ্য হৈ পৰিছে । কোৱেলৰ কণীৰ লগতে মাংস ভিটামিন, অত্যাৱশ্যকীয় এমিনো এচিড, ফছফোলিপিড আৰু অসংপৃক্ত ফেটি এচিডৰ সমৃদ্ধ উৎস হিচাপে সুপৰিচিত ।

হাঁহ পালন (Duck Farming)

সমগ্ৰ বিশ্বতে মাংস আৰু কণী উৎপাদনশীল হাঁহৰ কেইবাটাও প্ৰজাতি উপলব্ধ । যদি আপুনি কম খৰচতে পশুপালন আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে তেনেহ'লে আপুনি হাঁহৰ পালন কৰিব পাৰে । আপুনি পানী অবিহনে হাঁহও পালন কৰিব পাৰে। যিহেতু হাঁহবোৰ হাৰ্ডি চৰাই, সেইবোৰক অতিৰিক্ত যত্ন আৰু ব্যৱস্থাপনাৰ প্ৰয়োজন নাই ।

মুৰ্গীৰ পোৱালীৰ উৎপাদন (Poultry Farming)

এজন ব্যক্তিয়ে কণীৰ লগতে মাংসৰ বাবে কুকুৰা পালন আৰম্ভ কৰিব পাৰে । সাধাৰণতে, কণী উৎপাদক কুকুৰাবোৰ হৈছে লেয়াৰ (Layers)আৰু মাংস উৎপাদক কুকুৰাবোৰ হৈছে ব্ৰইলাৰ (Broiler)। যিহেতু কুকুৰাৰ মাংসৰ চাহিদা দিনে দিনে বাঢ়ি আহিছে, কুকুৰা পালন কৃষকসকলৰ বাবে এক লাভজনক পশুধন ।

লগতে পঢ়কঃ ব্যৱসায়িক ভিত্তিত ভোট জলকীয়াৰ খেতি কৰাৰ পূ্ৰ্বে জানিবলগীয়া কেইটামান তথ্য

English Summary: Best Livestock Farming Business Ideas

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.