1. পশুপালন

মাত্ৰ এটা দিনতে থলুৱা গাইজনী অধিক গাখীৰ দিয়া এজনী গাইলৈ পৰিণত কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Artificial Insemination Process & its Benefit
Artificial Insemination Process & its Benefit

অধিক উৎপাদনত কৃত্ৰিম গো-প্ৰজনন পদ্ধতি উন্নত মান বিশিষ্ট সঁচৰ ব্যৱহাৰ যে উৎপাদন ক্ষমতা বৃদ্ধিৰ প্ৰথম আৰু প্ৰধান স্বৰ্ত্ত সেয়া আজি সৰ্ব্বজন স্বীকৃত। অৱশ্যে উন্নত সঁচ ব্যৱহাৰৰ লগে লগে অন্যান্য গুৰুত্বপূর্ণ মনত ৰাখিব লগীয়া বিষয়সমূহ হৈছে বৈজ্ঞানিক প্রতিপালন, উপযুক্ত খাদ্যৰ যোগান, বেমাৰ-আজাৰৰ প্ৰতিৰোধ আৰু প্ৰতিকাৰ ইত্যাদি। উন্নত জাতৰ গৰুৰ ভিতৰত দেখা গৈছে যে পশ্চিমীয়া জার্চি, ৰেড-ডেন, হ’লষ্টেইন-ফ্রিজিয়ান আদি জাতৰ গাইৰ উৎপাদন ক্ষমতা আন ভাৰতীয় জাত সমূহতকৈ যথেষ্ট বেছি আৰু ইহঁতৰ অসমৰ জলবায়ুৰ প্ৰতি সহনশীলতাও বেছি। সেয়েহে ওপৰোক্ত তিনি জাতৰ বিশেষকৈ জাৰ্চি ষাঁড়ৰ লগত অসমৰ থলুৱা গাইৰ প্ৰজনন কৰোৱাই অধিক উৎপাদনক্ষম বৰ্ণসংকৰ গাই এজনী লাভ কৰিব পৰা যায়।

তলত থলুৱা আৰু উন্নত জাতৰ গাইৰ উৎপাদনৰ তুলনামূলক বিৱৰণ গুণ দাঙি ধৰা হ’ল।                

বিৱৰণ

থলুৱা    

উন্নত জাতৰ গাই

 

এটা পিয়নত পোৱা গাখীৰৰ পৰিমাণ

৩০০ – ৪০০ লিটাৰ

৪০০০-৬০০০ লিটাৰ

প্রথম পোৱালি দিয়া বয়স

৪ – ৫ বছৰ

২- ৩ বছৰ

দুটা পোৱালিৰ জন্ম হোৱা সময়ৰ ব্যৱধান

১৮ মাহৰ পৰা ২৪ মাহ

১২ মাহৰ পৰা ১৫ মাহ

এজনী গাইৰ জীৱনত পাব পৰা পোৱালিৰ সংখ্যা

৪-৫ টা

৬ টাৰ পৰা ৭ টা ওপৰৰ

 

ওপৰৰ তুলনামূলক ছবিখনৰ পৰা উন্নতজাতৰ গাইৰ পৰা যে লাভবান হ’ব পৰা যায় সেয়া সহজে বুজা যায় কিন্তু অসমৰ সকলো গাঁৱতেই যদি উন্নত জাতৰ ষাঁড় গৰুৰ যোগান ধৰিব লগা হয়। তেনেহ’লে ১০,০০০ তকৈ অধিক ষাঁড়ৰ প্রয়োজন হয়।— যিটো অত্যন্ত ব্যয়বহুল আৰু প্ৰায় অসম্ভৱ। সেয়ে কৃত্রিম প্রজনন পদ্ধতিৰ সহায় লোৱা হৈছে যাতে কম খৰচত উন্নতমান বিশিষ্ট ষাঁড়ৰ শুক্র ব্যৱহাৰ কৰি অসমৰ থলুৱা গাইবোৰৰ পৰাই অধিক উৎপাদনক্ষম গৰু লাভ কৰিব পৰা যায়।

লগতে পঢ়ক- 

Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক

কৃত্রিম প্রজনন পদ্ধতিৰ উপকাৰিতা সমূহ (১) কৃত্ৰিম প্রজনন পদ্ধতিৰে সহজে, সোনকালে আৰু কম খৰচতেই থলুৱা নিম্ন মানদণ্ডৰ গো-ধনৰ জাতৰ উন্নতি সাধিব পাৰি। (২) এই পদ্ধতিত এটা ষাঁড়ৰ পৰা এবাৰ শুক্র, আহৰণ কৰি ৪০০ – ৫০০ গাইক গৰ্ভধাৰণ কৰাব পাৰি। (৩) এই পদ্ধতিৰ প্রয়োগৰ ফলত ক্ষুদ্র গো-পামৰ মালিক সকলে নিজাকৈ ষাঁড় গৰু ৰখাৰ প্ৰয়োজন নোহোৱা হৈছে। ফলত এটা গৰুৰ পালনৰ খৰচ, কষ্ট আদি লাঘৱ হৈছে। (৪) এই পদ্ধতিত যৌন ৰোগ বিয়পাৰ কোনো ভয় নাথাকে। (৫) এই পদ্ধতিৰ দ্বাৰা এঠাইৰ পৰা আন ঠাইলৈ আনকি দেশ দেশান্তৰৰ পৰাও শুক্ৰ অনা নিয়া কৰি নিম্নমানৰ জাতৰ উন্নতি সাধিব পৰা হৈছে। (৬) এই পদ্ধতিত শুক্রানু বহু বছৰলৈ সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা থকাৰ বাবে ষাঁড়ৰ মৃত্যুৰ পিছতো বহু বছৰলৈ উচ্চমানৰ শুক্র কৃত্রিম প্ৰজননৰ বাবে ব্যৱহাৰ কৰিব পাৰি। (৭) উচ্চমানৰ ষাঁড়ৰ শুক্রানুৰে কৃত্রিম ভাৱে জন্ম পোৱা পোৱালি সাধাৰণতে স্বাস্থ্যৱান হয়, চেঁউৰীয়ে কম সময়তেই পোৱালি দিয়ে আৰু দমৰা বিলাকো অধিক শক্তিশালী হয়।

প্ৰজনন কৰোৱাৰ সময় কৃত্ৰিম পদ্ধতিত প্রজনন কৰাবলৈ হ’লে সময়ৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব লাগে। সাধাৰণতে থলুৱা গাই এজনীক গৰম হোৱাৰ ১২–১৫ ঘণ্টা আৰু উন্নত জাতৰ গাইক ১৫–২০ ঘণ্টাত প্ৰজনন কৰাব লাগে। গাই পাল খোৱা বা গৰম হোৱাৰ লক্ষণ সমূহ গৰম আহিলে বা পাল খালে গাইয়ে হেম্বেলিয়াব ধৰে, কাষত থকা আন গৰুৰ গাত জপিয়াই উঠে, ঘাঁহ দানা খোৱাৰ আগ্রহ কমে, ঘনাই প্ৰস্ৰাৱ কৰে, যোনিৰে পৰিষ্কাৰ বিজলুৱা তৰল পদার্থ বাহিৰ হয়। উল্লেখিত লক্ষণসমূহ দেখিলেই গাইজনীক ওচৰৰ কৃত্ৰিম প্রজনন কেন্দ্ৰ লৈ নিব লাগে নহ’লে, বিভাগীয় কর্মচাৰীক খবৰ দি উপযুক্ত সময়ত ঘৰতেই উন্নত জাতৰ শুক্ৰৰ দ্বাৰা প্ৰজনন কৰোৱাৰ ব্যৱস্থা কৰিব লাগে। মনত ৰাখিব “উন্নত সঁচৰ প্রয়োগেই হৈছে অধিক উৎপাদনৰ মূল মন্ত্র।”

লগতে পঢ়ক- 

শূন্য বাজেটেৰে শূন্য পৰিশ্ৰমেৰে কৃষিভূমিৰ চাৰিসীমাতে ৰোপন কৰক এইবোৰ ঘাঁহ

English Summary: Artificial Insemination Process & its Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.