Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 21 April, 2022 3:56 PM IST
পশুধনৰ চবকা ৰোগ

চবকা বা খুৰাফটা ৰোগ (Foot and Mouth Disease) পশুৰ এবিধ ভয়াবহ সংক্রামক ৰোগ। বৰ্ত্তমান বিশ্বৰ প্ৰায় ২০ খন মান দেশ এই ৰোগৰ পৰা মুক্ত, কিন্তু আমাৰ দেশত এই ৰোগৰ প্ৰাদূৰ্ভাৱ এতিয়াও উল্লেখনীয়। ভাৰতত এই ৰোগৰ ফলত বছৰি আনুমানিক প্রায় ৫০০ কৌটি টকা লোকচান হয়।

চবকা ৰোগৰ কাৰণ

চবকা এবিধ ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ। ভাইৰাছবোৰ খালি চকুৰে মনিব নোৱাৰি, অতি শক্তিশালী অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে ইহঁতক দেখা যায়। চবকা ভাইৰাছৰ কেবাটাও প্রকাৰ আৰু উপপ্রকাৰ (Sub type) আছে। বৰ্ত্তমান সাতটা প্রকাৰ যেনে – ‘ও’, ‘এ’, ‘চি, এচিয়া, এছ. এ. টি. এছ এ.টি. এছ.এ.টি. আৰু আশীৰ ওপৰত উপ-প্ৰকাৰ আছে। ভাৰতবৰ্ষত হোৱা চবকা ৰোগৰ প্ৰথম চাৰিটা প্রকাৰ আৰু এ২২ নামৰ এবিধ উপ-প্ৰকাৰ পোৱা গৈছে।

সাধাৰণতে সকলো ধৰণৰ ঘৰচীয়া আৰু বণৰীয়া প্রাণী এই ৰোগত আক্রান্ত হ’ব পাৰে। উন্নত আৰু বৰ্ণসংকৰ জাতৰ গৰুৰ ক্ষেত্ৰত ই মাৰাত্মক ধৰণেৰে হোৱা দেখা যায়। মানুহো কেতিয়াবা চবকা জীৱাণুৰ দ্বাৰা আক্রান্ত হ’ব পাৰে। সাধাৰণতে, এই ৰোগৰ প্ৰাদুৰ্ভাৱ জুনৰ পৰা চেপ্তেম্বৰ মাহত বেছি হোৱা দেখা যায় যদিও বছৰৰ যিকোনো সময়তেই ই হ’ব পাৰে।

  1. দূষিত বায়ুৰ দ্বাৰা: আক্রান্ত জন্তুৰ লালটিৰ লগত এই ভাইৰাছ বহু পৰিমানে নিঃসৰিত হয়। পাছত ই ধূলিকণাৰ লগত মিহলি হৈ বতাহত উৰি ফুৰে আৰু আনকি ৬০ মাইল পর্যন্ত যাব পাৰে। বতাহৰ লগত মিহলি হোৱা চবকা ভাইৰাছৰ জীৱনী শক্তি অৱশ্যে তাপ, আৰ্দ্ৰতা, বৰষুণ আদিৰ ওপৰত নিৰ্ভৰ কৰে।

  2. আক্রান্ত জন্তু: নিৰোগী প্রাণী আক্রান্ত প্ৰাণীৰ লগত প্রত্যক্ষ সংস্পৰ্শলৈ আহিলে ৰোগৰ দ্বাৰা আক্রান্ত হ’ব পাৰে। আক্রান্ত প্ৰাণী এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ ফলত নতুন ঠাইতো এই বেমাৰ বিয়পিব পাৰে।

বেমাৰী গাই গৰুৰ গাখীৰতো ভাইৰাছবোৰ আহে আৰু সেই গাখীৰ খোৱাৰ ফলত পোৱালি বেমাৰৰ দ্বাৰা আক্রান্ত হ’ব পাৰে।ৰোগত মৃত্যু হোৱা জন্তুৰ হাড়, মজ্জা, চাল আদিত ভাইৰাছবোৰ কিছুদিনলৈ জীয়াই থাকে আৰু ‘শ’ ভালদৰে সৎকাৰ নকৰিলে সুস্থ জন্তু তাৰ সংস্পৰ্শলৈ আহি ৰোগৰ দ্বাৰা আক্রান্ত হ’ব পাৰে।

বেমাৰী প্ৰাণীৰ আলপৈচান ধৰা বা চিকিৎসা কৰা মানুহৰ কাপোৰ-কানি, জোতা আদিত এই ভাইৰাছবোৰ লাগি থাকিব পাৰে আৰু তেনে মানুহ আন ঠাইলৈ গৈ নিৰোগী প্রাণীক ৰোগাক্রান্ত কৰি তুলিব পাৰে। চবকা হৈ থকা ঠাইৰ ঘাঁহ, খেৰ আদিতো জীৱানু বহুদিন জীয়াই থাকিব পাৰে আৰু তাৰ দ্বাৰা আন ঠাইতো বেমাৰ বিয়পি পৰিব পাৰে।

ৰোগৰ লক্ষণ 

ভাইৰাছ সুস্থ প্ৰাণীৰ দেহত সোমোৱাৰ দুইৰ পৰা আঠ দিন মানৰ ভিতৰত ৰোগৰ লক্ষণ দেখা যায়। চবকাত আত্রান্ত জন্তুৰ সাধাৰণতে জ্বৰ উঠে, লাহে লাহে অৱশ হৈ আহে, আভোক হয়। খীৰতী গাইৰ গাখীৰ কমে। কেইঘন্টামানৰ ভিতৰত জিভা, ওঁঠ, দাঁতৰ আলু, খুৰাৰ মাজ আদি ৰঙা পৰে আৰু পানী জোলা বান্ধে। মুখেৰে ফেন আৰু লালতি ওলাব ধৰে। খোজ কাঢ়িব নোৱাৰা হয়। ওহাৰ আৰু বাটত কেতিয়াবা পানী জোলা বান্ধে। কেতিয়াবা গৰ্ভৱতী গাইৰ পোৱালি অকালতে নষ্ট হ’ব পাৰে। বৰ্ণসংকৰ গৰুৰ কেতিয়াবা মৃত্যুও হোৱা দেখা যায়। পোৱালিয়ে আন কোনো বাহ্যিক লক্ষণ নেদেখুৱাকৈয়ে মৃত্যু মুখত পৰে।

গাহৰিৰ ক্ষেত্ৰত বাকীবোৰ লক্ষণ প্রায় একে যদিও মুখেৰে লালটি নোলায়। গাভিনী গাহৰিৰ গর্ভপাত হয়। ওহাৰ আৰু বাটত পানীজোলা বেছিকৈ হোৱা দেখা যায়।

চবকা ৰোগৰ চিকিৎসা

চবকা ৰোগৰ কোনো নির্দিষ্ট চিকিৎসা নাই। তথাপিও বেমাৰৰ উপশম ঘটাবলৈ আৰু আৰোগ্য প্রক্রিয়াক তড়িত কৰিবলৈ কিছু চিকিৎসা দিয়া প্রয়োজন যেনে-

(১) ১৫ গ্রাম (৩ চামুচ) বাৰিক পাউদাৰ ১ লিঃ পানীত মিহলাই মুখ জিভা আদি ভালকৈ প্রতিদিনে ধুই দিব লাগে।

(২) ১ গ্রাম পটাছিয়াম পাৰমাঙ্গনেট তিনি লিটাৰ পানীত মিহলাই মুখ ভৰিৰ ঘা আদি দিনে তিনিবাৰকৈ ধুই দিব লাগে।

(৩) ১ চামুচ ফিট্‌কিৰি ১ লিটাৰ পানীত মিহলাই মুখ/ ঠেঙৰ ঘা দিনত দুই/তিনিবাৰ ধুব লাগে।

(৪) ধুওৱাৰ পাছত ১গ্রাম বৰিক পাউদাৰ ১০০ মিঃ লিঃ গ্লিচাৰিনত মিহলাই মুখৰ ঘাত লগাব লাগে।

খুৰাৰ ঘাত ৪০ মিঃ লিঃ ফিনাইল ১ লিটাৰ পানীত মিহলাই সদায় ধুব লাগে। নাইবা ৪০ গ্রাম জিঙ্ক অক্সাইড ১ লিঃ পানীত মিহলাই ধুব লাগে। খুৰাৰ ঘাত যদি পোক লাগে পোকবোৰ উলিয়াই দি তাৰপিন তেল কপাহত লগাই ঘাত লগাব লাগে। তাৰোপৰি ঘাত দিয়া বিভিন্ন মলমো লগাব পাৰি। ওহাৰ আৰু বাটৰ ঘাঁত এণ্টিছেপ্তিক ক্রীম দিনত তিনিবাৰকৈ লগাব পাৰি।

ইয়াৰ উপৰিও আক্রান্ত জন্তু আন জীৱাণুৰ দ্বাৰা আক্রান্ত নোহোৱাকৈ ৰাখিবলৈ হ’লে চিকিৎসকৰ পৰামৰ্শ মর্মে এন্টিবায়টিক আদি দৰৱৰ প্ৰয়োগ কৰিব লাগে। আক্রান্ত প্ৰাণীক দুর্বল নহ’বৰ বাবে খনিজ পদার্থৰ মিশ্রণ, ভাতৰ মাৰ, জুলীয়া দানা, কোমল গছ-পাত আদিৰ যোগান ধৰিব লাগে। অতি দুর্বল হ’লে চেলাইন আদি দিয়াৰ ব্যৱস্থা কৰিব লাগে।

প্ৰতিৰোধ ব্যৱস্হা

 উপযুক্ত ছিটা প্রদানেৰে এই বেমাৰ প্ৰতিৰোধ কৰিব পৰা যায়। বজাৰত এই ৰোগৰ বিভিন্ন ছিটা পোৱা যায়। ছিটা সদায় চিকিৎসকৰ পৰামৰ্শ মতেহে দিয়াব লাগে। সঘনে চবকা আক্রান্ত অঞ্চলত প্রতিষেধক ছিটা প্রতি চাৰিমাহৰ অন্তৰত দিয়াব লাগে। ছিটাৰ উপৰিও আৰু কিছুমান সাৱধানতা অৱলম্বনৰ প্রয়োজন আছে। যেনে –

(ক) ওচৰত চবকা হোৱাৰ খবৰ পালে সেই ঠাইৰ জন্তু, মানুহ, জন্তুৰ খোৱা খাদ্য আদি গোহালিত সোমাব দিব নালাগে। গোহালিৰ মজিয়া মাজে-সময়ে আধা কেজি কাপোৰ ধোৱা চৌডা ১০ লিটাৰ পানীত মিহলাই ধুই দিব লাগে।

(খ) ঘাঁহ-খেৰ আদি আক্রান্ত অঞ্চলৰ পৰা আনিব নালাগে।

(গ) আক্রান্ত অঞ্চলৰ পৰা জীৱ-জন্তু কিনি আনিব নালাগে।

(ঘ) নিৰোগী প্ৰাণীক আক্রান্ত অঞ্চলৰ প্ৰাণীৰ লগত একে লগে চৰি ফুৰিব দিব নালাগে।

(ঙ) আক্রান্ত খিৰতী গাইৰ গাখীৰ গৰম নকৰাকৈ পোৱালীক খাবলৈ দিব নালাগে।

(চ) চবকা লক্ষণ এবাৰ দেখা দিয়াৰ পাচত ছিটা দিয়াটো নিৰৰ্থক। গোহালিত কোনো জন্তুৰ গাত বেমাৰৰ লক্ষণ দেখা দিলে সুস্থ হৈ থকা জন্তুবোৰকো ছিটা দিব নালাগে।

(ছ) ৰোগাক্রান্ত প্রাণীক নদী বা আন বোৱতী পানীত বান্ধি ৰাখিব নালাগে।

(জ) আক্রান্ত প্ৰাণীৰ মৃত্যু হ’লে য’তে-ত’তে নেপেলাই দ’ গাঁত কৰি পুতি পেলাব লাগে।

ৎসঃ সংগৃহীত (অসম কৃষি বিশ্ববিদ্যালয়)

লগতে পঢ়ক-কৃত্ৰিম গো-প্ৰজনন পদ্ধতি সম্পৰ্কে-

English Summary: Animals Foot and Mouth (Sobka) Disease
Published on: 21 April 2022, 03:54 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now