আমাৰ গ্ৰাম্য অৰ্থনীতিত হাঁহ-কুকুৰা পালনে এক বিশেষ ভূমিকা পালন কৰি আহিছে। তৎক্ষণাৎ ল’ৰা ছোৱালীৰ স্কুলৰ মাচুল দিয়াৰ পৰা আৰম্ভ কৰি আকস্মিকতে ওলোৱা আলহীলৈ বুলি হাঁহ-কুকুৰাৰ মাংস বা কণীৰ গুৰুত্বৰ কথ আমাৰ সৰ্বজন বিদিত। তাৰোপৰি বৰ্তমানৰ নিবনুৱা সমস্যা উপশমৰ বাবে সমন্বিত কৃষিৰ লগতে উন্নত জাতৰ হাঁহ পালনে কৰ্ম সংস্থাপন যোগানত সহায় কৰিব পাৰে। আমাৰ পৰম্পৰাগত হাঁহ-কুকুৰা পালনক কিছু পৰিমাণে হ’লেও বৈজ্ঞানিক ব্যবস্থা প্ৰণালীৰ স্পৰ্শ প্ৰদান কৰিব পাৰিলে আমি অধিক উৎপাদন আৰু আয় বৃদ্ধিত সফলতা অৰ্জন কৰিব পাৰো। আমাৰ অসমৰ গ্ৰামাঞ্চলৰ প্ৰায় প্ৰতি ঘৰতেই সৰু পুখুৰী নাইবা পানী জমা হোৱা গাত বাখাল থাকে। তাৰোপৰি ওচৰে পাজৰে খাল, বিল, নদী আদি অতি সহজতে পোৱা যায়। তেনেকুৱা ঠাই বোৰত এটি স্বাস্থ্য সুলভ পৰিবেশ গঢ়ি বৈজ্ঞানিক পদ্ধতিত হাঁহ পালন কৰিলে আৰ্থিক উন্নতি কৰিব পাৰি। ঘৰতে কেইটা মান হাঁহ পোহাৰ বাবে পানীৰ ডাঙৰ উৎস অত্যাৱশ্যকীয় নহয় যদিও হাঁহৰ বাবে অলপ অচৰপ পানীৰ ব্যৱস্থা থাকিলে ভাল।
মুকলি ভাৱে ৰখা পদ্ধতি:
এই পদ্ধতিত হাঁহ পোহাৰ খৰচ যথেষ্ট কম। কিন্তু হাঁহৰ বাবে গোটেই বছৰটোত পানী থকা খাল, বিল, পুখুৰী, নদী, পিটনি ইত্যাদি থকাটো বাঞ্চনীয়। জলাশয়বোৰত মাছ, শামুক, শেলুৱৈ, পানীত উৎপন্ন হোৱা উদ্ভিদ যথেষ্ট পৰিমাণে থাকিব লাগিব। ওচৰে পাজৰে কেঁচু, কুমতি, ঘাঁহ-বন থাকিব লাগিব।
আংশিক আবদ্ধ পদ্ধতিঃ সমিশ্রিত মীন-হাঁহ পালনৰ বাবে এইটো এটা উপযুক্ত পদ্ধতি। দিনৰ ভাগত হাঁহবোৰক এটা নির্দিষ্ট সীমাৰ ভিতৰত চৰিবলৈ আবদ্ধ কৰি ৰখা হয়। বাতিৰ ভাগত সিহঁতক এটা ঘৰত আশ্রয় দিয়া হয়।
আবদ্ধ পদ্ধতিঃ আবদ্ধ পদ্ধতিত হাঁহজাকক সম্পূর্ণ আবদ্ধ কৰি ৰখা হয়। এই পদ্ধতিত প্ৰতিজনী হাঁহৰ বাবে ২.৫-৩ বর্গফুট মজিয়াৰ কালি প্রয়োজন হয়। আবদ্ধ পদ্ধতিত হাঁহ পোহাৰ খৰছ বেছি হয়। অসমত এই পদ্ধতিৰ জনপ্রিয়তা কম।
হাঁহৰ ঘৰ
নিশাটোৰ বাবে হাঁহজাকক আবদ্ধ কৰি ৰাখিবলৈ এটা ঘৰ অথবা গড়ালৰ প্রয়োজন। ইয়াৰ বাবে নিম্নোক্ত কথাকেইটালৈ বিশেষভাবে মন দিব লাগে। গড়ালটো ওখ ৰ'দ পৰা আৰু সহজে বতাহ চলাচল কৰিব পৰা ঠাইত হ'ব লাগে। গড়ালটো কোনো কাৰণতে জেকা আৰু সেমেকা হ'ব নালাগে। গড়াল সাজিবলৈ স্থানীয় কম দামী আহিলা ব্যৱহাৰ কৰিবলাগে। বেৰবোৰ ৩ ফুটমান ওখলৈকে ডাঠকৈ দি বতাহ চলাচল আৰু ৰ'দ পৰিবৰ বাবে বাকী ওপৰৰ ৩ ফুটমান জালনাৰে আবদ্ধ কৰি দিব লাগে। ঘৰৰ ছালখন টিনপাত অথবা খেৰেওে দিব পাৰি। হাঁহজাকৰ মাজৰ বেমাৰী হাঁহকেইটাক আছুতীয়াকে ৰাখিবৰ বাবে সুকীয়া কোঠা এটা নির্মাণ কৰি লব লাগে। গড়ালৰ মজিয়াখনতচ ১-২ ইঞ্চিমান ডাঠকৈ উলু খেৰ বা ধান খেৰৰ টুকুৰা বা কাঠৰ চলি বা শুকান ভূঁহ দিব পাৰি। প্রতিটো হাঁহৰ বাবে গড় হিচাপে ২.৫-৩ বর্গফুট মজিয়াৰ কালি প্রয়োজন হয়। অৰ্থাৎ ১০০ জনী হাঁহৰ বাবে বনোৱা গড়ালটো দীঘে ২০ ফুট আৰু পথালিয়ে ১৫ ফুট কৰি সাজি লব পাৰি। মুকলিভাৱে ৰখা পদ্ধতিত এই ধৰণৰ গড়ালৰ প্রয়োজন নহয়। তেনে ক্ষেত্ৰত ৰাতিটোৰ জিৰণিৰ বাবে সৰুকৈ গড়াল এটা বনাই দিলেই হয়।
লগতে পঢ়ক-