অসমত ঢেকীয়া উভৈনদী। এসময়ত গাওঁবিলাকত ঢেকীয়া এনেকেই আছিল যে তামোলখাই পিকখিনি পেলাই দিলেও ঢেকীয়া গছৰ ওপৰতেই পৰিব। তেনেক্ষেত্ৰত ঢেকীয়া খেতি প্ৰয়োজনীয়তা অসমীয়া মানুহৰ মনলৈ অহা নাছিল। তদুপৰি অসমীয়া বহু মানুহে আজিও নাজানে ঢেকীয়াৰ যে খেতি কৰে। কিন্তু ঢেকীয়াৰ খেতি কৰিব পাৰি। ইফালে ঢেকীয়া খুব সহজলভ্য গতিকে বহু মানুহে উপলব্ধি নকৰে যে ঢেকীয়াত দেহৰ প্ৰয়োজনীয় বিভিন্ন খনিজ লৱন, খাদ্য-আঁহ আৰু ঔষধি গুণেৰে পৰিপু্ৰ্ণ বুলি। গাঁৱত ভাত কিহে খালি বুলি সুধিলে বহুতে কোৱা শুনা যায়- নাই ও একো নাই ঢেকীয়াই খালোঁ।
কোনো বিখ্যাত সাহিত্যকেও লিখে সোণৰ চামুচ লৈ নহয় কচু, ঢেকীয়া খাই ডাঙৰ হোৱা বুলি। পিছে ঢেকীয়াৰ লগত পুঠি মাছ আৰু ঔ টেঙা দি ৰন্ধা আঞ্জাখন অভিজাত্যৰ চিনস্বৰূপ। পিছে পূৰ্বৰ দৰে এতিয়া ঢেকীয়া গাঁৱৰ দুখীয়া মানুহৰ খাদ্য হৈ থকা নাই। ঢেকীয়া চাহিদা নগৰে-চহৰে বাঢ়িছে। এমুঠি সৰু ঢেকীয়াৰ দাম এতিয়া ৭-১০ টকাৰ ভিতৰত। গতিকে অন্য শাক-পাচলিৰ খেতিৰ দৰে ব্যৱসায়িকভাৱে আমি ঢেকীয়াৰ খেতি কৰাৰ প্ৰাসংগিকতা আহি পৰিছে। কাৰণ বৰ্তমান প্ৰমাণিত হৈছে বিভিন্ন খনিজ লৱন, খাদ্য-আঁহ আৰু ঔষধি গুণেৰে পৰিপু্ৰ্ণ । গতিকে বজাৰত বাঢ়িছে ঢেকীয়াৰ চাহিদা। কিন্তু বাণিজ্যিক চাহিদা বৃদ্ধি হোৱাৰ বাবে ইয়াৰ উপলভ্যতা হ্ৰাস পাইছে। গতিকে ঢেকীয়া খেতিৰ প্ৰাসংগিকতা ঠাই বিশেষে আহি পৰিছে।
পিছে ঢেকীয়া শাকৰ খেতি কেনেকৈ কৰিব?
অতি সহজেই ঢেকীয়াৰ খেতি কৰিব পাৰি। তদুপৰি বহুবৰ্ষী হোৱাৰ বাবে ইয়াক এবাৰ ৰোপন কৰিলেই কেইবাবছৰো ফচল পাব পাৰি। খেতিৰ বাবে ছাঁ-পৰা বা আংশিক ছাঁ-পৰা মাটি ঢেকীয়াৰ বাবে উপযুক্ত। মাটিখিনি সেমেকা হলে ইয়াৰ বৃদ্ধি ভাল হয়। মাটিত পৰ্যাপ্ত পৰিমাণে জৈৱিক পদাৰ্থ থাকিব লাগে। অত্যধিক ৰ’দ পৰা নাইবা বেছিকৈ ছাঁ-পৰা ঠাইত ঢেকীয়াৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয়। মাটিৰ অম্লতাৰ পৰিমাণ ৫.৫-৬.৫ হ’ব লাগে।
মাটি প্ৰস্তুত কেনেকৈ কৰিব?
ঢেকীয়া ৰোৱাৰ আগতে মাটিখিনি ভালদৰে চহাই তাত প্ৰচুৰ পৰিমাণে পচনসাৰ, পাতসাৰ আৰু অন্যান্য জৈৱিকসাৰ প্ৰয়োগ কৰিব লাগে। শাৰী শাৰীকৈ নাইবা ভেটিত ঢেকীয়া ৰুব পাৰি। প্ৰতিজোপা ঢেকীয়াৰ মাজত ৫০ ছেন্টিমিটাৰ আৰু প্ৰতিটো শাৰীৰ মাজত ১.৫ মিটাৰ হ’ব লাগে।
ৰোৱাৰ সময় সময়ঃ
খৰালি কালতে, অৰ্থাৎ নবেম্বৰ-ডিচেম্বৰ মাহতে ঢেকীয়াৰ কন্দ ৰোপন কৰিব লাগে।
ৰোপন সামগ্ৰীঃ
ৰুবৰ বাবে প্ৰাকৃতিকভাবে হোৱা ঢেকীয়াৰ পৰা ইয়াৰ কন্দ সংগ্ৰহ কৰিব লাগে। ঢেকীয়াৰ কন্দ ৰুবৰ বাবে তাৰ জোখতকৈ কিছু বহল আৰু দ গাঁত কৰিব লাগে। কন্দটো ৰুই তাৰ কাষত কিছু মিহি সাৰুৱা মাটি মিহলাই লাহেকৈ হেঁচি দিব লাগে। ৰোপন দূৰত্ব ২-৩ ফুট হব লাগে। ৰোৱাৰ পিছত মাটিখিনি সদায় সেমেকা হৈ থাকিব।
লগতে পঢ়ক- গাহৰি পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শণ বাক্সাৰ নৱ দিহিৰাৰ চবিত্ৰ কুমাৰ ব্ৰহ্মৰ