Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 21 June, 2022 5:04 PM IST
Know about Uses of fertilizers in Shali rice cultivation (Representative Photo-Source Google)

শস্যানুসৰি বিভিন্ন অত্যাৱশ্যকীয় মৌলৰ আৱশ্যকতা অথবা শস্যবিধৰ পোষক মৌলৰ প্ৰয়োজনৰ সঠিক পৰিমাণ মাটি পৰিক্ষাগাৰত মাটি পৰিক্ষাৰ মাধ্যমত নিৰ্ধাৰণৰ ফলাফল অনুসৰি সাৰ প্ৰয়োগ কৰাটো বাঞ্চনীয়।

আৰু শস্যত সাৰ সদায় সুষম মাত্ৰাত প্ৰয়োগ কৰিলে গছৰ বৃ্দ্ধি আৰু ফচলৰ মানদণ্ড আৰু উত্পাদন লাভজনক ভাবে বৃদ্ধি পোৱাৰ লগতে কীট পতঙ্গ তথা ৰোগৰ প্ৰতিৰোধী ক্ষমতাও বৃদ্ধি পায়। বেলেগ বেলেগ শস্যৰ বাবে বেলেগ বেলেগ সুষম মাত্ৰাত সাৰৰ প্ৰয়োজন হয়।

সাৰ প্ৰয়োগৰ মাত্ৰা ধানৰ ক্ষেত্ৰতো ধানৰ শস্যকাল অনুসৰি বেলেগ বেলেগ হয়। যেনে শালি ধান, বৰোধান, নিয়মীয়া আহুধান, আগতীয়া আহুধান তাৰোপৰি চাপৰ জাত, মধ্যমীয়া জাত আৰু ওখ জাত অনুসৰি সুষম সাৰৰ মাত্ৰা ভিন্ন হয়।

ৰায়ানিক সাৰৰ ওপৰিও মাটিৰ গুণাগুণ আৰু পানী ধাৰণ ক্ষমতা  অটুট ৰখাৰ বা বৃদ্ধি কৰাৰ কাৰণে প্ৰচুৰ পৰিমাণে গোৱৰ বা পচন সাৰ প্ৰয়োগ কৰিব লাগে।

বাৰিষাকালত কৰা শালিধান কেতিয়াবা এবাৰ, আকৌ কেতিয়াবা বাৰে বাৰে বানপানীৰ সম্মুখীন হব লগা হয় বা কৃষক ৰাইজ ক্ষতিগ্ৰস্ত হয়। সেইকাৰণে শালিধানৰ ক্ষেত্ৰত দ ভূমিত সাৰ প্ৰয়োগ কৰাটো এটা জটিল বিষয় হৈ পৰে। তথাপিতো ওখ বা বাম মাটিত বানপানীৰ প্ৰকোপ নথকা শালিধানৰ ক্ষেতিত অনায়াসে সাৰ প্ৰয়োগ কৰিব পাৰি। তাৰোপৰি বানপানীৰ পিচত টপ ড্ৰেচ কৰি সাৰ প্ৰয়োগ কৰিলেও গছৰ শ্ৰীবৃদ্ধি তথা উত্পাদন বৃদ্ধিত অৰিহণা যোগায়।

 ইফকো (ইণ্ডিয়ান ফাৰ্মাৰ্চ ফাৰ্টিলাইজাৰ কোওপাৰেটিভ লিমিটেড)ই উলিওৱা তথা প্ৰস্তুত কৰা নেনো ইউৰিয়া খেতিত টপ ড্ৰেচিং হিচাবে ব্যৱহাৰ কৰা ইউৰিয়াৰ সলনি অথবা ইউৰিয়াৰ নাটনিৰ সময়ত লিকুইড (জুলিয়া) নেনো ইউৰিয়া খেতিত ফলিয়াৰ স্প্ৰে হিচাবে পাতত স্প্ৰে কৰি প্ৰয়োগ কৰিব পাৰি। এটা ৫০০ মিলি নেনো ইউৰিয়াৰ বোটলে ১ বেগ ইউৰিয়া ( অৰ্থাত্ ৪৫ কেজি ইউৰিয়া)ৰ কাম কৰে। নেনো ইউৰিয়া ব্যৱহাৰৰ কাৰণে যথেষ্ট উপযোগী যেনেকুৱা দোকানৰ পৰা কৰিওৱা, ক্ৰয় মূল্য কম, তথা পাতৰ পত্ৰৰন্ধ্ৰইদি খুব কাৰ্যকৰী হিচাবে গছৰ ভিতৰত সোমাই যায় আৰু গছজোপাক নাইট্ৰোজেনৰ যোগান ধৰে আৰু প্ৰকৃতিক প্ৰদুষণৰ পৰা কিছু ৰক্ষা কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে। নেনো ইউৰিয়া প্ৰতি লিটাৰ পানীত ৩-৪ মিলি মিহলাই দুবাৰ স্প্ৰে কৰি প্ৰয়োগ কৰিব লাগে।

শালি ধানৰ ক্ষেত্ৰত বিঘা প্ৰতি অনুমোদিত হাৰত প্ৰয়োজনীয় জৈৱ সাৰ আৰু ৰাসায়নিক সাৰৰ তথ্য এখন দাঙি ধৰা হল (মাটি পৰিক্ষা কৰি নাইট্ৰোজেন, ফছফৰাছ, আৰু পটাছিয়ামৰ হাৰ মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰকৰি অনুমোদিত হাৰতকৈ প্ৰয়োজনীয় হাৰ কম বা বেছিও হব পাৰে।):

 

 

 

ক্ৰমিক

নং

 

 

সাৰৰ নাম

সুষম তথা অনুমোদিত সাৰৰ পৰিমাণ (প্ৰতি বিঘাত)

চাপৰ আৰু মধ্যমীয়া জাতৰ বাবে

ওখ জাতৰ বাবে

বীজতলিত সাৰ প্ৰয়োগ ( ১০ মিটাৰ দীঘল x ১.২৫ মিটাৰ বহল x ১০ ছেমি ওখ বীজতলিৰ বাবে) পচন সাৰ প্ৰয়োগৰ উপৰিও

ইউৰিয়া

৮০ গ্ৰাম

একক চুপাৰ ফচফেট

৮০ গ্ৰাম

পটাচ সাৰ

৪০ গ্ৰাম

 

মূল পথাৰত সাৰ প্ৰয়োগ (৪০ : ২০ : ২০ কেজি এনপিকে প্ৰতি হেক্টৰ হিচাবে প্ৰতি বিঘাত ৰাসায়নিক সাৰৰ পৰিমান)

পচন সাৰ বা গোৱৰ সাৰ

১৩ কুইন্টাল

১৩ কুইন্টাল

ইউৰিয়া সাৰ

১২ কেজি

৬ কেজি

এছএছপি (ছুপাৰ সাৰ)

১৮ কেজি

৯ কেজি

এম, ও, পি, (পটাছ সাৰ)

৪ কেজি

২ কেজি

জিংক

৪ কেজি

২ কেজি

 

বিকল্প

 

যদি ডি, এ, পি, সাৰ ব্যৱহাৰ কৰা হয় তেতিয়াহলে ৰাসায়নিক সাৰৰ পৰিমাণটো তলত দিয়া ধৰণে হব :

ইউৰিয়া

৯ কেজি

৪.৫কেজি

ডি, এ, পি,

৬ কেজি

৩ কেজি

এম, ও, পি,

৪ কেজি

২ কেজি

জিংক

৪ কেজি

২ কেজি

 

বিকল্প

 

যদি এন-পি-কে(১৫-১৫-১৫) প্ৰয়োগ কৰিলে ৰাসায়নিক সাৰৰ পৰিমাণ হব

এন-পি-কে (১৫-১৫-১৫)

১৭ . ৭৮ কেজি

৮.৮৯ কেজি

ইউৰিয়া

৫.৭৭ কেজি

২.৮৯ কেজি

জিংক

৪ কেজি

২কেজি

 

বিকল্প

 

যদি এন-পি-কে-এছ(২০-২০-০০-১৩)প্ৰয়োগ কৰিলে ৰাসায়নিক সাৰৰ পৰিমাণ হব

এন-পি-কে-এছ

(২০-২০-০০-১৩)

১৩.৩৩ কেজি

৬.৬৭ কেজি

ইউৰিয়া

৫.৭৭ কেজি

২.৮৯ কেজি

এম ও পি (পটাচ সাৰ)

৪ কেজি

২ কেজি

জিংক

৪ কেজি

২ কেজি

 

বৰ্ণ সংকৰ (হাইব্ৰীড) শালি ধানৰ ক্ষেত্ৰত অনুমোদিত সাৰৰ মাত্ৰাঃ

বৰ্ণ সংকৰ (হাইব্ৰীড) ধান গছৰ বৃদ্ধি আৰু ইয়াৰ উত্পাদন উচ্ছ ফলনশীল জাততকৈ বহুত বেছি। সেই অনুপাতে ইয়াৰ অনুমোদিত সাৰৰ মাত্ৰা উচ্ছ ফলনশীল জাততকৈ প্ৰায় আড়াই গুণ বেছি।

 

 

ক্ৰমিক নং

 

সাৰৰ নাম

বৰ্ণ সংকৰ ধানত অনুমোদিত সাৰৰ পৰিমাণ

বীজতলিত সাৰ প্ৰয়োগ (১০ মিটাৰ দীঘল * ১.২৫ মিটাৰ বহল আৰু ১০ ছেমি ওখ বীজতলিৰ বাবে) পচন সাৰ প্ৰয়োগৰ উপৰিও

ইউৰিয়া

৮০ গ্ৰাম

একক চুপাৰ ফচফেট

৮০ গ্ৰাম

পটাচ সাৰ

৪০ গ্ৰাম

 

মূল পথাৰত সাৰ প্ৰয়োগ ( প্ৰতি বিঘাত )

পচন সাৰ বা গোৱৰ সাৰ

২০ কুইন্টাল

ইউৰিয়া সাৰ

৩০ কেজি

এছএছপি (ছুপাৰ সাৰ)

৪২ কেজি

এম, ও, পি, (পটাছ সাৰ)

১১ কেজি

জিংক

৬ কেজি

 

বিকল্প

 

যদি ডি, এ, পি, সাৰ ব্যৱহাৰ কৰা হয় তেতিয়াহলে ৰাসায়নিক সাৰৰ পৰিমাণটো তলত দিয়া ধৰণে হব :

ইউৰিয়া

২৪ কেজি

ডি, এ, পি,

১৫ কেজি

এম, ও, পি,

১১ কেজি

জিংক

৬ কেজি

 

বিকল্প

 

যদি এন-পি-কে(১৫-১৫-১৫) প্ৰয়োগ কৰিলে ৰাসায়নিক সাৰৰ পৰিমাণ হব

এন-পি-কে (১৫-১৫-১৫)

৪৪ কেজি

ইউৰিয়া

১৪.৫৭ কেজি

জিংক

৬ কেজি

 

বিকল্প

 

যদি এন-পি-কে-এছ(২০-২০-০০-১৩)প্ৰয়োগ কৰিলে ৰাসায়নিক সাৰৰ পৰিমাণ হব

এন-পি-কে-এছ

(২০-২০-০০-১৩)

৩৩.২৫ কেজি

ইউৰিয়া

১৪.৪৬ কেজি

এম ও পি (পটাচ সাৰ)

১১ কেজি

জিংক

৬ কেজি

ধান খেতিত জৈৱ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগ পদ্ধতি :

ধানখেতিৰ ক্ষেত্ৰত উপৰোক্ত অনুমোদিত সাৰৰ ব্যৱহাৰ তলত দিয়া ধৰণে কৰিলে গছৰ কৃষিকালৰ প্ৰত্যেক পৰ্যায়তে সমুচিত ধৰণে গছে ব্যৱহাৰ কৰে ফলত গছৰ বৃদ্ধি আৰু উচ্চ মানদণ্ডৰ উত্পাদন লভিব পৰা যায় ।

বীজ তলিত প্ৰয়োগ :

বীজ তলিৰ মাটি প্ৰস্তুতিৰ সময়ত বীজ সিঁচাৰ আগতে অনুমোদিত সাৰখিনি প্ৰয়োগ কৰিব লাগে ।

মূল পথাৰত সাৰ প্ৰয়োগ :

(ক)  পচন বা গোৱৰ সাৰ-কঠীয়া ৰোৱাৰ ২০ ৰ পৰা ২৫ দিন আগতে মাটিত প্ৰয়োগ কৰি মাটিখিনি এবাৰ চহাই পানীৰ যোগান ধৰি পচন ক্ৰিয়া হবলৈ ৰাখি দিব লাগে।

(খ)  ৰাসায়নিক সাৰৰ প্ৰয়োগ পদ্ধতি :

 (১) ইউৰিয়া সাৰখিনি তিনিভাগত ভগাই তাৰে এভাগ আৰু একক চুপাৰ ফচফেঠ আৰু এম ও পি (পটাছ)সাৰৰ গোটেইখিনি মাটি প্ৰস্তুতিৰ শেষৰ বাৰ হাল বোৱাৰ সময়ত আৰু কঠীয়া ৰোৱাৰ আগদিনা মাটিত প্ৰয়োগ কৰিব লাগে ।

ইউৰিয়া সাৰৰ বাকী থকা ২য় ভাগ কঠীয়া ৰোৱাৰ এমাহ পিচত অৰ্থাত্ পোখা মেলাৰ সময়ত টপ ড্ৰেছ কৰি প্ৰয়োগ কৰিব লাগে।

ইউৰিয়া সাৰৰ বাকী থকা ২য় ভাগ কঠীয়া ৰোৱাৰ এমাহ পিচত অৰ্থাত্ পোখা মেলাৰ সময়ত টপ ড্ৰেছ কৰি প্ৰয়োগ কৰিব লাগে।

ইউৰিয়া সাৰৰ বাকী থকা ৩য় ভাগ কঠীয়া ৰোৱাৰ দুমাহ পিচত অৰ্থাত্ থোক মেলাৰ সময়ত টপ ড্ৰেছ কৰি প্ৰয়োগ কৰিব লাগে।

(২) ডি এ পি অথবা এন-পি-কে গ্ৰেডেড সাৰ ব্যৱহাৰ কৰিলে, ডি এ পি অথবা এন-পি-কে গ্ৰেডেড সাৰখিনি লগতে এম ও পি (পটাছ)সাৰৰ গোটেইখিনি

মাটি প্ৰস্তুত কৰাৰ শেষৰ বাৰ হাল বোৱাৰ সময়ত আৰু কঠীয়া ৰোৱাৰ আগদিনা মাটিত প্ৰয়োগ কৰিব লাগে ।

ইউৰিয়া সাৰখিনি দুভাগ কৰি তাৰে এভাগ কঠীয়া ৰোৱাৰ এমাহ পিচত অৰ্থাত্ পোখা মেলাৰ সময়ত টপ ড্ৰেছ কৰি প্ৰয়োগ কৰিব লাগে।আৰু ২য় ভাগ কঠীয়া ৰোৱাৰ দুমাহ পিচত অৰ্থাত্ থোক মেলাৰ সময়ত টপ ড্ৰেছ কৰি প্ৰয়োগ কৰিব লাগে।

(৩) বৰ্ণসংকৰ (হাইব্ৰীড)ধানৰ ক্ষেত্ৰত ইউৰিয়া সাৰখিনি ৪ অথবা ৫ টা স্পিলিট দোজত প্ৰয়োগ কৰিলে ভাল ফল লভিব পৰা যায় ।

ইউৰিয়া সাৰৰ স্পিলিট দোজ:

ইউৰিয়া সাৰখিনি মাটিত প্ৰয়োগ কৰাৰ পিচত তিনি ধৰণেৰে অপচয় হয়। মাটিত ইউৰিয়া সাৰখিনিৰ ৰাসায়নিক বিক্ৰিয়া ঘটাৰ ফলত এমোনিয়া (এনএইচ৩) আৰু নাইট্ৰেট ৰূপলৈ ৰূপান্তৰিত হয়। ইয়াৰে এমোনিয়া অংশ পানীত দ্ৰৱণীয় হয় ফলত পানীৰ লগত মিহলি হৈ কিছু পৰিমাণে পানীৰ লগত বৈ যায় আৰু মাটিৰ তললৈও যায়। আৰু ৰূপান্তৰিত হোৱা নাইট্ৰেট খিনি কিছু পৰিমাণে বায়ুলৈ গুচি যায়। ফলত, আমি পোৱা মতে, প্ৰয়োগ কৰা ইউৰিয়া সাৰৰ আধা অংশৰেই অপচয় ঘটে।

এই অপচয়ৰ পৰিমাণ কমাবলৈ ইউৰিয়া সাৰখিনি শস্যত প্ৰয়োগ কৰোতে ২টা বা ৩টা অথবা ততোধিক স্পিলিট দোজত প্ৰয়োগ কৰা হয়।

লগতে পঢ়ক-Jhum Cultivation: পাহাৰীয়া জনগোষ্ঠীৰ আদিম কৃষি প্ৰথা, জুম খেতি

English Summary: Uses of fertilizers in shali rice cultivation
Published on: 21 June 2022, 05:04 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now