1. এগ্ৰিপেডিয়া

পাণ গছত হোৱা ৰোগৰপৰা হাত সাৰিবলৈ কি কৰিব?

KJ Staff
KJ Staff
Betel leaf
Betel leaf

পাণ অসমৰ সমাজ জীৱন তথা কৃষ্টি সংস্কৃতিৰ সৈতে জড়িত। সকলাে ধৰণৰ মাংগলিক কৰ্মৰ লগতে দৈনন্দিন জীৱন আৰু অতিথি আপ্যায়নত তামােল-পাণ ব্যৱহৃত হয়। আনহাতে কৃষকৰ বাৰীত থকা পাণ কেইজোপাই বছৰজুৰি অর্থ উপার্জনও সহায়ক হয়। অসমৰ কৃষকসকলে সাধাৰনতে তামোল গছত পানৰোপণ কৰে যদিও বাঁহৰ খােজ বা খুটি পুতি ওখ উৰা মাটিত পাণৰ খেতি কৰিব পাৰি, এই পদ্ধতিত কম ঠাইত অধিক গছ ৰোপণ বেছি উৎপাদন পাব পাৰি। উল্লেখযােগ্য যে বহু কৃষকে মাথাে পাণ খেতিৰ জৰিয়তে পৰিয়াল পােহ-পালন কৰি আছে। কিন্তু দেখা যায় যে পাণ খেতিৰ প্রধান সমস্যা হৈছে ৰােগজনিত সমস্যা। খুটি পদ্ধতিৰে কৰা পাণ খেতিত যিহেতু গছৰ ঘনত্ব বেছি অর্থাৎ এজোপা গছৰ পৰা আনজোপালৈ দূৰত্ব কম (১.২-১.৫মিঃ), সেয়েহে সময়ােচিত ব্যৱস্থা গ্রহণ নকৰিলে তাৎক্ষণিকভাৱে গােটেই বাৰীখনতে ৰােগে আক্ৰমণ কৰে। পাণৰ প্ৰধান ৰােগ সমূহ আৰু ইয়াৰ নিয়ন্ত্রণ পদ্ধতিসমূহ তলত আলােচনা কৰা হৈছে।

(ক)পাণৰ পাত আৰু শিপা পঁচা (Leaf and foot rot)

বাৰিষা কালত অর্থাৎ বহাগ-জেঠ মাহত বৰষুণ আৰম্ভ হােৱাৰ পৰা ভাদ-আহিন মাহলৈকে এই ৰােগৰ প্রার্দুভাৱ দেখা যায়। Phytophthora, palmirora নামৰ ভেঁকুৰ বিধে এই ৰােগ কৰে বাবে ইয়াক Phytophthora Leaf rot আৰু Foot rot বােলা হয়।

লক্ষণঃ আক্রান্ত গছৰ পাতৰ আগ অংশ আৰু কাষৰ পৰা ডাঠ মটীয়া বৰণৰ দাগ ক্রমান্বয়ে বাঢ়ি আহি পাতখিলাৰ আধা অংশলৈকে গেলি যােৱা দেখা যায়। বেলিৰ পােহৰৰ বিপৰীতে লক্ষ কৰিলে গেলা অংশ ধনুভিৰিয়া কৈ ক্রমে ডাঠ আৰু পাতল মটীয়া ৰঙৰ ৰিং দেখা যায়। আক্রান্ত গছৰ নিৰাময়ৰ ব্যৱস্থা নলেলে আহিন কাতি মাহৰ পৰা আগ অংশৰ পৰা লেৰেলি আহে, ওপৰৰ পৰা খামুচি থকা শিপাবােৰ এৰাই আহে, শেষত গছজোপা লেৰেলি শুকাই মৰি যায়।

ৰােগৰ সংক্রমণঃ একেৰাহে কেইবাদিন ধৰি বৰষুণ দি থাকিলে এই ৰােগ আৰম্ভ হয়। আক্রান্ত বাৰীৰ সঁচ শােধন নকৰাকৈ ৰােপন কৰিলে, আক্রান্ত বাৰীত পান চিঙি একেজন মানুহে একে সামগ্রী (জখলা, খাং, বস্তা আদি) লৈ বাৰীৰ ভিতৰত সােমালে, পানী জমা হলে, বাৰীখন হাবি বনৰে অপৰিষ্কাৰ হ'লে লগতে আক্রান্ত বাৰীত তাৎক্ষণিক ব্যৱস্থা গ্রহণ নকৰিলে এই ৰােগ হােৱাটো নিশ্চিত।

নিয়ন্ত্রণ ব্যৱস্থাঃ

১। নতুনকৈ পাণৰ আগ ৰােৱাৰ আগতে ১ শংতাশ “বৰড’ মিশ্রন”ত কমেও ১০ মিনিট সময় তিয়াই শােধন কৰিব লাগে।

২। এই ৰােগৰ লগতে আন ৰােগৰ নিৰাময়ৰ বাবে বছৰত দুবাৰ, চত-ব'হাগ আৰু আঘােণ-পুহ মাহত ট্রাইক'ডাৰ নামৰ ভেঁকুৰযুক্ত কেচুসাৰ আৰু সৰিয়হৰ খলিহৈ মিশ্রণ পাণৰ গুৰিত প্রয়ােগ কৰিব লাগে। ইয়াৰ বাবে ১০০ কেজি কেচুসাৰৰ সৈতে ২/৩ কেজি সৰিয়হৰ খলিহৈ।

ভালদৰে মিহলাই ট্রাইক'ডাৰ্মা যুক্ত জৈৱনাশক ১ কেজি বা ১ লিটাৰ হাতেৰে মিহলাই ৩ দিন ছাঁ ঠাইত কলপাত, বস্তা বা প্লাষ্টিক কাপােৰৰে ঢাকি ৰাখিব লাগে। এনেদৰে ৩ দিনৰ পিছত এবাৰ ভালদৰে লৰাই পুনৰ দুদিন ৰাখি এই মিশ্রণৰ ৫০০ গ্রামকৈ প্রতিজোপা গছৰ গুৰিত বছৰত দুবাৰ প্ৰয়ােগ কৰিব লাগে।

৩। এই ৰােগ দেখা দিলে বা ওচৰৰ বাৰী আক্রান্ত হলে গছৰ গুৰি আৰু শিপাই আৱৰি থকা অংশত ১ শতাংশ “বৰড’ মিশ্রণ” মাটিৰ ডেৰ-দুই ইঞ্চিলৈ যােৱাকৈ স্প্রে কৰিব লাগে। বেছিকৈ আক্রান্ত হলে ১৫-২০ দিনৰ মূৰে মূৰে ৮ বাৰ পৰ্য্যন্ত প্ৰে কৰিব লগা হ'ব পাৰে।

৪। আক্রান্ত পাত আৰু লেৰেলি যােৱা গছ বাৰীৰ পৰা আঁতৰাই দ-গাত খান্দি পুতি পেলাব লাগে।

৫। গছৰ গুৰি অংশত পানী জমা নােহােৱাকৈ নলাৰ ব্যৱস্থা কৰাটো অতি দৰকাৰী।

Disease management
Disease management

(খ) এনথ্রাকন’জ (Anthracnose)

পাণবাৰীসমূহত সচৰাচৰ দেখা আন এবিধ ৰােগ হ’ল পাতত দাগ পৰা বা এনথ্রাকন’জ। Colletrotricum নামৰ ভেঁকুৰৰ দ্বাৰা এই ৰােগ হয়।

লক্ষণঃ বাৰিষা কালত ৰাতিৰ ভাগত বৰষুণ আৰু দিনত বেছি গৰম হলে এই ৰােগৰ দ্বাৰা আক্রান্ত হয়। পাতৰ আঁহবােৰৰ মাজত বিভিন্ন আকাৰৰ কোণীয়া মটীয়া বৰণৰ দাগ দেখা যায়। দাগবােৰৰ চাৰিওফালে উজ্জল হালধীয়া ৰঙে আৱৰি থাকে।

নিয়ন্ত্রণ ব্যৱস্থাঃ

১। সৰি পৰা আক্রান্ত পাতবােৰ আৰু দাগলগা পাতবােৰ তাৎক্ষণিকভাবে আতৰাই পেলাব লাগে।

২। গুৰি অংশত পানী জমা নােহােৱাকৈ নলাৰ ব্যৱস্থা কৰিব লাগে।

৩। অপতৃন বা হাবি বন চিকুনাই ৰাখিব লাগে।

৪। ৰােগৰ প্রকোপ বেছি হ'লে শতকৰা ১ শতাংশ ‘বৰড মিশ্রণ” ১০-১৫ দিনৰ ব্যৱধানত ৩/৪ বাৰ স্প্রে কৰিব লাগে। ঔষধ স্প্রে কৰাৰ ১৫-২০ দিনৰ পিছতহে খাবৰ বাবে পাণ চিঙিব লাগে।

(গ) পাণৰ পাত জ্বলা ৰােগ (Leaf blight)

খুটি পদ্ধতিৰে কৰা পাত খেতিত দেখা দিয়া আন এবিধ ৰােগ হ’ল পাণৰ পাত জ্বলা। এই ৰােগ Xanthomonas নামৰ এবিধ বেক্টেৰীয়াৰ দ্বাৰা হয়। এই ৰােগ হলে পাণৰ তল পিঠিত সৰু সৰু কোনীয়াকৈ মটীয়া বৰণৰ দাগ হয়। পিছলৈ দাগবােৰ বহল হৈ জ্বলি যােৱাৰ দৰে হয়। আনহাতে ওপৰৰ পিঠিত উজ্জল হালধীয়া বৰণৰ দাগ পৰে আৰু দেখাত পাণবােৰ অকালতে পকি যােৱাৰ দৰে হয়।

নিয়ন্ত্রণ ব্যৱস্থাঃ

১। আক্রান্ত পাতবােৰ তাৎক্ষণিক ভাৱে আতৰাই পেলাব লাগে।

২। গুৰি অংশত পানী জমা নােহােৱাকৈ নলাৰ ব্যৱস্থা কৰিব লাগে।

৩। ৰােগৰ প্রাদুর্ভাৱ বৃদ্ধি হলে ঔষধৰ দোকানত পােৱা এন্টিবায়টিক ঔষধৰ পেকেটত উল্লেখ কৰা নিয়ম অনুসৰি প্ৰে কৰিব লাগে।

৪। শতকৰা ১ শতাংশ “বড’মিশ্রণ” প্ৰে কৰিলে এই ৰােগ নিয়ন্ত্রণ হয়।

 

এখন সুস্থ পাণবাৰীৰ বাবে কৃষক সকলে বছৰজুৰি পালন কৰিবলগীয়া নিয়ম কেইটামান তলত উল্লেখ কৰা হ'ল।

১। পাণ ৰােৱাৰ বাবে সুস্থ বাৰীৰ কমেও ২/৩ বছৰীয়া গছৰ পৰা সঁচনির্বাচিত কৰিব লাগে।

২। পাণ ৰােৱাৰ ঠাইত পানী জমা হ’ব নেলাগে বা ৰষুণৰ বতৰত পানী সহজে ওলাই যাব পৰাকৈ নর্দমাৰ ব্যৱস্থা কৰিব লাগে।

৩। পাণ ৰােৱাৰ আগতে আগবােৰ ১ শংতাশ শক্তিযুক্ত “বড’মিশ্রন”ত কমেও ১০ মিনিট সময় শােধন কৰিব লাগে।

৪। বছৰত দুবাৰ (চত-ব’হাগ আৰু আঘােণ-পুহ মাহত) ট্রাইকডাৰমা যুক্ত পচন সাৰ বা কেঁচুসাৰ আৰু সৰিয়হৰ খলিহৈ মিশ্রন তৈয়াৰ কৰি প্ৰয়ােগ কৰিব লাগে।

৫। সময় মতে বনবাত নিৰাই বাৰীখন পৰিস্কাৰ কৰি ৰাখিব লাগে।

১ শতাংশ ‘বৰড’ মিশ্রন”ৰ প্রস্তুত প্রণালীঃ

প্রয়ােজনীয় সামগ্রী ও চুন - ১০০ গ্রাম, টুটীয়া (Copper Sulphate) ১০০ গ্রাম, পানী- ১০ লিটাৰ, প্লাষ্টিক পাত্র - ৩ টা।

প্রণালীঃ

১। প্লাষ্টিকৰ এটা পাত্ৰত ৫ লিটাৰ পানীত ১০০ গ্রাম টুটীয়া ভালদৰে মিহলাই ল'ব লাগে।

২। দ্বিতীয় পাত্ৰটোত ৫ লিটাৰ পানীত ১০০ গ্রাম চূণ গলাই মিশ্রণ প্রস্তুত কৰিব লাগে।

৩। এতিয়া তৃতীয় পাত্ৰটোত টুটীয়া আৰু চূণৰ মিশ্রণ খিনি একেলগে বাকি, লাহে লাহে মিহলাই মুঠ ১০ লিটাৰ মিশ্রণ তৈয়াৰ কৰিব লাগে।

৪। এখন পৰিস্কাৰ কটাৰী বা ব্লেড মিশ্রণখিনিত ডুবাই পৰীক্ষা কৰিব লাগে। এনেদৰে ডুবাই ৰখাৰ পিছত কটাৰী বা ব্লেড খনত যদি মামৰে ধৰাৰ দৰে ৰং দেখা যায় তেন্তে লাহে লাহে অতি কম পৰিমানে চূণ মিহলাই প্রতিবাৰে পৰীক্ষা কৰিব লাগে। কটাৰী বা ব্লেডত ৰং নেলাগিলে মিশ্ৰণটো সঠিক বুলি ধৰিব লাগে আৰু প্ৰস্তুত কৰা এক-ডেৰ ঘন্টাৰ ভিতৰত স্প্রে কৰিব লাগে।

উৎস - গুঞ্জন গগৈ, কৃষি বিজ্ঞান কেন্দ্র ধেমাজি ৷

লগতে পঢ়কঃ অৱশেষত গৱেষকেও কৈ দিলে- ‘ঠাণ্ডা দিনত দৈনিক গা ধোৱাৰ প্ৰয়োজন নাই!’

English Summary: Earn money cultivating betel piper step by step guide here

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.