সাৰুৱা, পলসুৱা আৰু বালঅহীয়া মাটি মিঠা বা মিৰি আলু খেতিৰ বাবে উপযোগী। এই খেতিয়ে খৰাং বতৰ সহ্য কৰিব পাৰে৷ গতিকে নদীৰ চাপৰি বা নদীৰ পাৰৰ বালীয়া মাটিত এই খেতি কৰিব পাৰি। যিহেতু এই ঠাইসমূহত আন শস্যৰ খেতি ভাল নহয়। চেপ্তেম্বৰ-অক্টোবৰৰ সময়ছোৱাত সাধাৰণতে এই মিৰি আসুৰ খেতি কৰা হয়। মিঠা আলুৰ পূৰঠ লতাবোৰক টুকুৰা টুকুৰকৈ কাটি ৰোপন কৰা হয়৷
এই লতাবোৰ দুই তিনিটা গাঠি ৰাখি ২০-২৫ চে:মিটাৰ দীঘলকৈ কটা হয়। এই খেতিৰ বাবে মাটিখিন চহাই এফুট পৰা ডেৰফুট ব্যৱধানত দীঘল ভেঁটি বনাই টুকুৰা-টুকুৰকৈ কটা মিৰি আলুৰ লতাবোৰ ৰোপন কৰা হয়। মিঠা আলুৰ শস্যই পৰ্য্যাপ্ত পৰিমানে মাটিৰ পৰা সাৰ সংগ্ৰহ কৰে, গতিকে অধিক উৎপাদন পাবলৈ হ’লে নিয়মিত সুষম সাৰ মাটিত প্ৰয়োগ কৰিব লাগে৷ গোবৰ নাইবা পচন সাৰ হেক্টৰে প্ৰতি ১০ টন বা প্ৰতি বিঘাত ১.৫ টন মাটি প্ৰস্তুত কৰাৰ সময়তেই প্ৰয়োগ কৰিব লাগে ৷
প্ৰতি হেক্টৰ মাটিৰ বাবে নাইট্ৰোজেন ৭৫ কি:গ্ৰাম, ফছফৰাছ ৫০ কি:গ্ৰাম আৰু পটাছ ৭৫ কি:গ্ৰাম নাইবা প্ৰতিবিঘাত নাইট্ৰোজেন ১০ কি:গ্ৰাম, ফছফৰাছ ৬.৫ কি:গ্ৰাম আৰু পটাছ ১০ কি:গ্ৰামৰ প্ৰয়োজন হয়৷ ৰোৱাৰ ৪-৫ সপ্তাহৰ পিছত শস্য ডৰাৰ পৰা বনবাত নিৰাই দিব লাগে আৰু গছৰ গুৰিত মাটি চপাই দিব লাগে ৷ এই সময়তে ৰাসায়নিক সাৰৰ বাকী থকা অংশও প্ৰয়োগ কৰিব পাৰে ৷
গছবোৰ মাজে সময়ে লৰায় থাকিলে গছৰ শিপাত অনাৱশ্যকভাৱে বাঢ়িবলৈ লোৱা আলুবোৰ বঢ়াত সহায়ক হয়৷ ৰোৱাৰ ৩০ আৰু ৪৫ দিনৰ পিছত গছত চি চি চিৰ ১০০০ পি পি এম দ্ৰৱ্ স্প্ৰে কৰিলে গছৰ উৎপাদন ২৫ শতাংশলৈ আৰু বঢ়াব পাৰি৷জাতৰ ভিন্নতাৰ ওপৰত নিৰ্ভৰ কৰি শস্য ৰোৱাৰ ৫-৪ মাহৰ ভিতৰত শস্য চপাব পৰা হয়৷ গছৰ পাতবোৰ যেতিয়া হালধীয়া পৰিবলৈ আৰম্ভ কৰে তেতিয়া শস্য ডৰা চপোৱাৰ ব্যৱস্হা কৰিব লাগে৷
লগতে পঢ়ক- অসমত দাম বৃদ্ধি হ’লেই হুলস্থুল লগা এবিধ পাচলি পিঁয়াজ