1. এগ্ৰিপেডিয়া

ভোগালী বিহু উপলক্ষে ব্যস্ততা বাঢ়িছে কুঁহিয়াৰ খেতিয়কৰ

KJ Staff
KJ Staff
Sugarcane Farming
Sugarcane Farming

হেঁপাহৰ ভোগালী বিহুলৈ আৰু মাত্ৰ কেইটামান দিন বাকী৷ ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে। ভোগালীৰ  প্ৰাক ক্ষণত তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাৰায়ণপুৰ, সিদ্ধিনাথপুৰ আৰু মহেন্দ্ৰ নগৰ গাঁৱৰ কেইবাটাও পৰিয়াল দিনে-নিশাই ব্যস্ত হৈ পৰিছে কুঁহিয়াৰ শালত কুঁহিয়াৰ পেৰি খাঁটি  সুস্বাদু গুড় তৈয়াৰ কৰাত৷

বিহুৰ সময়ত বিভিন্ন লাড়ু, পিঠা-পনা তৈয়াৰ কৰিবৰ বাবে এই সুস্বাদু গুৰ  কিনিবলৈ ভিৰ কৰিছে বাকসাকে ধৰি আন আন জিলাৰ ব্যৱসায়ী তথা তামুলপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তৰ লোকসকলে৷ প্ৰতিকেজিত ৫০-৬০ টকা দৰত ঘৰতে বিক্ৰী কৰি পাইকাৰী বেপাৰীসকলক কুঁহিয়াৰ পেৰা শালতে  বিক্ৰী কৰি আহিছে এই সুস্বাদু গুড়৷ এই গুড় বিহুৰ সময়ত ৰঙিয়া, নলবাৰী, তামুলপুৰ, নাগ্ৰীজুলিৰ বিভিন্ন বজাৰত বেপাৰীসকলে বিক্ৰী কৰি আহিছে৷

উল্লেখ্য যে, এটা সময়ত গাঁওকেইখনৰ প্ৰতিটো পৰিয়ালে কুঁহিয়াৰৰ খেতি কৰি মাঘ বিহু আৰু বহাগ বিহুৰ সময়ত কুঁহিয়াৰ পেৰি গুড় তৈয়াৰ কৰিছিল আৰু পৰিয়াল পোহ-পাল দিছিল যদিও বিগত দহ বছৰ ধৰি অঞ্চলটোত হাতীৰ উপদ্ৰৱৰ ফলত বিঘাই বিঘাই কুঁহিয়াৰৰ খেতি নষ্ট হোৱাত বহু পৰিয়ালে কুঁহিয়াৰ খেতি কৰিবলৈ এৰি দিছে। প্ৰায় বিশটামান পৰিয়ালে গুড়ৰ ব্যৱসায় কৰি আহিছিল যদিও বৰ্তমান  কেইটামান পৰিয়ালেহে কুঁহিয়াৰ খেতি কৰে৷ মাঘ আৰু বহাগ বিহুৰ  সময়ত বিশেষকৈ নামনি অসমত বিশেষ আদৰ থকা গুড় মিঠৈ চাহিদা অনুসৰি যোগান ধৰিব নোৱাৰিলেও  এইবাৰ গাঁওখনৰ কুঁহিয়াৰ খেতিয়কসকলে ৮০ পৰা ৯০ কুইন্টল গুড় বিক্ৰী কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিছে। এই গুড়ৰ সৈতে জৰিত হৈ আছে কেইবাগৰাকী গুড় ব্যৱসায়ী৷

মংগল ৰয়ে দুবিঘা মাটিত, জ্ঞানেন মণ্ডলে একঠা মাটিত আৰু আন আন খেতিয়কসকলে একঠা-দুকঠা বা এবিঘা মাটিত যিদৰে পাৰে কুহিঁয়াৰৰ খেতি কৰি ভোগালীবিহুৰ বাবে গুড় উৎপাদন কৰিবলৈ সক্ষম হৈছে যদিও আন কেইজনমান খেতিয়কেও পৰম্পৰা ৰক্ষা কৰি নাম মাত্ৰহে কুঁহিয়াৰৰ খেতি কৰিছে৷ অঞ্চলটোত  পোন্ধৰ-বিশ বিঘা মাটিত খেতি কৰি গুৰ উৎপাদন কৰিছে বুলি জনাইছে৷ আন ব্যৱসায়ীসকলে এই গুড় খিনিকে সম্বল হিচাবে লৈ গুড়ৰ ব্যৱসায় কৰি আহিছে৷ কাউলী অঞ্চলটোত মুঠৰ ওপৰত হাতীৰ উপদ্ৰৱৰ কাৰণেই কুঁহিয়াৰৰ খেতি হ্ৰাস পোৱাত থলুৱা কুঁহিয়াৰৰ খেতিয়ক সকল সমস্যাৰ সন্মুখীন হৈছে৷

লগতে পঢ়কঃ মাৰুৱা ধানৰপৰা প্ৰস্তুত কৰক ভোগালীৰ স্বাস্থ্যসন্মত খাদ্যসম্ভাৰ

English Summary: Sugarcane farmers are busy making jaggery for bihu in Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.