
বৰ্তমান সময়ত বহুলভাৱে সমাদৃত এবিধ ফল ষ্টবেৰী। অসমত এইফলৰ আগমন বেছিদিন হোৱা নাই যদিও কম দিনতে ই বহুতৰে প্ৰিয় হৈ পৰিছে। চালে চকু ৰোৱা মনোমোহা এই কোমল আৰু ৰসাল ফলটোত ভিটামিন ‘A’ আৰু ‘C’ থকাৰ উপৰি কেলচিয়াম, ফচফৰাছ, পটাচিয়াম আদি খনিজ লবণেৰে সমৃদ্ধ। বৰ্তমান অসমত প্ৰকাৰ অনুসৰি প্ৰতিকিলোগ্ৰামত ২৮০-৪২০ টকাৰ ভিতৰত।
ষ্টবেৰীৰ খেতিৰ বাবে মন কৰিবলগীয়া কথাসমূহ ঃ
- ষ্ট্ৰবেৰী খেতিৰ বাবে বালিয়া, পলসুৱা মাটিৰ আৱশ্যক। পাতলীয়া মাটিতকৈ পানী শোষণ কৰিব পৰা অধিক জৈৱিক পদাৰ্থ থকা মধ্যমীয়া পলসুৱা মাটি বেছি উপযোগী।
- মাটি আৰু জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি অসমকে ধৰি উত্তৰ পূবত কৰিব পৰা সঁচবিলাক হৈছে- কামৰাজা, ছুইট বালি, চান্দালাৰ ইলিষ্টা, ফেয়াৰ ফক্স, অফ্ৰা, ব্লেকমোৰ, দগলাছ ইত্যাদি।
- মূল পথাৰত পুলি ৰোপণ কৰাৰ সময় ঠাই বিশেষে ছেপ্টেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ । অসমৰ সমভূমি অঞ্চলত ছেপ্টেম্বৰ-অক্টোবৰ মাহ অৰ্থাৎ আহিন কাতি মাহত ষ্টবেৰী ৰোপন কৰিব পাৰে । বৰষুণৰ বতৰত পুলি ৰোপণ কৰিলে বৰষুণৰ পৰা পুলিটো যাতে নষ্ট নহয় তাৰ বাবে সাৱধানতা অৱলম্বন কৰিব লাগে ।
- ঠাই বিশেষে মাঘ-ফাগুন মাহতো পুলি ৰোপণ কৰিব পাৰি । পুলি ৰোপণ কৰোঁতে মাটি চহাই ভেটি তুলি মাটি কঁঠাল ৰোপণ কৰাৰ দৰে ৫০ চে:মি: ব্যৱধানত আৰু ৯০-১০০ চে:মি: শাৰীৰ ব্যৱধানত পুলি ৰোপণ কৰিব লাগে ।

- ষ্ট্ৰবেৰী খেতিৰ বাবে মাটিত যথেষ্ট পৰিমাণে পচন সাৰ বা গোবৰ প্ৰয়োগ কৰিব লাগে । সাধাৰণতে পুলি ৰোপণ কৰাৰ আগতে ভেটিবোৰত বিঘাই প্ৰতি ১০-১২ টন গোবৰ, ৫ কি:গ্ৰা: ইউৰিয়া, ৩০ কি:গ্ৰা: একক ছুপাৰ ফছফেট আৰু ৭ কি:গ্ৰা: মিউৰেট অব পটাছ সাৰ প্ৰয়োগ কৰিব লাগে ।
- ষ্ট্ৰবেৰী যিহেতুকে বহুবৰ্ষজীৱী শস্য, গতিকে পাছত প্ৰতিবছৰে ২ টন গোবৰ, ২০ কি:গ্ৰা: ছুপাৰ ফছফেট আৰু ৫ কি:গ্ৰা: মিউৰেট অব পটাছ সাৰ প্ৰয়োগ কৰিব লাগে ।
- শস্যৰ বেছি উৎপাদন আৰু গুণগত মান বৃদ্ধিৰ বাবে দুই শতাংশ ইউৰিয়া, ০.৫ শতাংশ জিংক ছালফেট, ০.৫ শতাংশ কেলচিয়াম ছালফেট আৰু ০.২ শতাংশ শক্তিৰ বৰিক এচিড গছত ছটিয়াব লাগে ।
- অপতৃণ বা বন-বাতৰ প্ৰয়োভৰ ষ্ট্ৰবেৰী খেতিত বৰ বেছি, কাৰণ গছ জোপাৰ আকাৰ সৰু আৰু জোপোহা হোৱা বাবে বন-বাতে গছজোপাক বৰ অনিষ্ট কৰে । গতিকে সঘনাই বন-বাতবোৰ সাৱধানে নিৰাই থাকিব লাগে ।
- বন-বাত নিৰোৱা কাৰ্য কমাবলৈ হ’লে গছৰ গুৰিৰ চাৰিওফালে ধানৰ নৰা, খেৰ, ধানৰ ভুচি, কাঠৰগুৰি, সৰিয়হ বা মটৰ মাহৰ গছৰ ঠাৰি বা ক’লা পলিথিন কাপোৰেৰে মাটি ঢাকনি ব্যৱহাৰ কৰিব পাৰে । গছত ফুল ফুলিবলৈ ধৰাৰ আগতে মাটিৰ ঢাকনি বা মালচিং দিয়াৰ ব্যৱস্থা কৰিব লাগে ।
- পুলিৰ গুৰিকটা পোক, শুঁৰ পোক, ভূৰ পোকৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ হ’লে মাটি দকৈ চহাব লাগে আৰু মাটিত মালাথিয়ন গুৰি বা সৰিয়হৰ খলিহৈৰ গুৰি প্ৰয়োগ কৰিব লাগে । পাত ঘূৰোৱা, পাত খোৱা পোকৰ বাবে ০.১ শতাংশ শক্তিৰ মালাথিয়ন দৰবৰ মিশ্ৰণ ছটিয়াব লাগে । ফল বিন্ধা পোকৰ নিৰাময়ৰ বাবে ০.০৫ শতাংশ শক্তিৰ ৰগৰ ঔষধ ছটিয়াব লাগে ।
- ষ্ট্ৰবেৰী শস্যৰ অনিষ্টকাৰী বেমাৰবোৰ হৈছে- গছ মৰহি যোৱা, ৰোগ, পাউদাৰী মিলদিউ, ৰে’ড ষ্টেল, লিফ স্পট বা পাতত দাগ পৰা বেমাৰ, পাত খহটা পৰা, লিফ ব্লাইট, গ্ৰে মলড ইত্যাদি ।

- যিবিলাক মাটিত পূৰ্বতে আলু, বিলাহী, বেঙেনা বা জলকীয়া খেতিৰ খেতি কৰা হৈছে তেনে মাটি ষ্ট্ৰবেৰী খেতিৰ কৰিবলৈ মাটি শোধন কৰিব লাগে। পাউদাৰী বেমাৰৰ বাবে ০.২ শতাংশ বেভিষ্টিন ছটিয়াব লাগে, ৰেড ষ্টেল, পাতত দাগ পৰা, পাত খহটা হোৱা আৰু লিফ ব্লাইট বেমাৰৰ বাবে এক শতাংশ শক্তিৰ বৰডো মিশ্ৰণ ছটিয়াব লাগে ।
- গছত যেতিয়া ষ্ট্ৰবেৰী ফলবোৰ ৫০-৭৫ শতাংশ পকিব বা ৰং ধৰিব তেনে ফল দূৰৰ বজাৰৰ বাবে আৰু থলুৱা বজাৰৰ বাবে সম্পূৰ্ণকৈ ৰং ধৰা পকা ফলবোৰ চপাব লাগে । এজোপা গছত গড়ে ২০০-৪০০ গ্ৰাম ফল উৎপাদন দিয়ে ।

বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নিকটৱৰ্ত্তী কামাৰপাৰাৰ উচ্চ শিক্ষিত আদৰ্শ কৃষক দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি ডেকাই কৰিছে ষ্টবেৰীৰ খেতি। প্ৰায় দুবিঘা মাটিত ছয় হাজাৰ জোপা ষ্ট্ৰবেৰীৰ পুলি ৰোপণ কৰিছে কৃষক দম্পতিটোৱে। দুবিঘা মাটিত ষ্ট্ৰবেৰীৰ পুলি ৰোপণ কৰাৰ নামত খৰচ হৈছে প্ৰায় ২৫ হাজাৰ টকা। আৰু তেওঁলোকে দুবিঘা ষ্টবেৰীৰ পৰা ৩ লাখ টকা ইনকামৰ আশা ৰাখিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি ডেকাই কৰিছিল ষ্টবেৰীৰ খেতি। প্ৰতিকিলোগ্ৰামত তিনিশ টকাৰ পৰা চাৰিশ টকালৈকে বিক্ৰী কৰিছিল ষ্ট্ৰবেৰী। ষ্টবেৰী খেতিৰ বাবে আগ্ৰহী কৃষকসকলে অধিক তথ্যৰ বাবে সৰ্থেবাৰীৰ পৰমেশ্বৰ ডেকাৰ লগত যোগাযোগ কৰিব পাৰে। তেওঁ এজন ভাল কৃষিবিশেষজ্ঞও।
লগতে পঢ়ক- অমিতা খেতিডৰা কেনেদৰে কৰিব নিৰোগী!
Share your comments