Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 18 September, 2021 10:22 PM IST
Stevia Medicinal Plants Farming

   কৰোনাৰ এই সংকটৰ মাজত, যদি আপুনি আর্থিক সংকটত পৰিছে বা কর্ম সংস্থাপনৰ সন্ধানত আছে তেন্তে কম খৰচ আৰু সময়তে এই ঔষধি উদ্ভিদৰ খেতি কৰি লাখ টকা উপার্জন কৰিব পাৰে। ইয়াৰ বাবে আপোনাক প্রয়োজন হব কমেও এক একৰ কৃষিভূমি, য'ৰ পৰা আপুনি প্ৰতি বছৰে কমেও ৬ লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব। গতিকে জানো আঁহক এই মুল্যৱান ঔষধি উদ্ভিদৰ খেতিৰ বিষয়ে -

   যদি আপোনাৰ কৃষিভূমি নাই, আপুনি চুক্তিবদ্ধভাৱে ভূমিলৈও এই খেতি কৰিব পাৰে, তদুপৰি এই খেতিৰ ব্যয় যথেষ্ট কম। গতিকে আপোনাক খেতি কৰিবলৈ বেছি টকা প্রয়োজন নহব। দৰাচলতে, যোৱা কেইবছৰমানত ডায়েবেটিচ ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হোৱাৰ ফলত, ষ্টেভিয়া (Stevia)ৰ চাহিদাও দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াক চেনীৰ এক বিকল্প হিচাপেও ব্যৱহাৰ কৰা হৈছে।

ইয়াৰ পুলি কেনেকৈ পাব আৰু খেতি ক'ত হব

   এজোপা গছৰ উচ্চতা ৬০ৰ পৰা ৮০ চেন্টিমিটাৰ (সৰ্বোচ্চ এক মিটাৰ)পৰ্য্যন্ত হয়৷ এখিলা পাত হয় ৫চেন্টিমিটাৰ দীঘল আৰু ২চেন্টিমিটাৰ বহল৷ কেঁচা আৰু শুকান পাত দুয়োবিধেই আমি সদ্যহতে ব্যৱহাৰ কৰা চেনিৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি৷ ঘৰুৱাভাবে ষ্টেভিয়া টাবটো ৰুব পাৰি৷ ষ্টেভিয়া চেনীতকৈ প্ৰায় ২৫ৰ পৰা ৩০ গুণ মিঠা হয়। 

   বৰ্তমান ইয়াৰ বেংগালুৰু, পুনে, ইন্দোৰ আৰু ৰায়পুৰত খেতি কৰি থকা হৈছে। অসমৰ জলবায়ু এই খেতিৰ বাবে উত্তম বুলি বিশেষজ্ঞ সকলে দাবী কৰিলে। লাহে লাহে আমাৰ কৃষকসকলেও এই খেতি কৰা আৰম্ভ কৰিছে। তদুপৰি বিশ্বৰ পাৰাগুৱে, জাপান, কোৰিয়া, টাইৱান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ষ্টেভিয়াৰ খেতি বহুলভাৱে কৰা হয়। ষ্টেভিয়াই ডায়েবেটিচ ৰোগীৰ শৰীৰত ইনচুলিন তৈয়াৰ কৰাত সহায় কৰে।

ইয়াৰ ব্যয় আৰু উপাৰ্জন কিমান হ'ব

   এক একৰ ভূমিত ৪০০০০ ষ্টেভিয়া পুলি ৰোপন কৰিব পাৰি। ইয়াৰ বাবে আপোনাৰ প্ৰায় ১ লাখ টকা ব্যয় হ'ব। বা আপুনি ইয়াতকৈ সৰু ঠাইতো খেতি কৰিব পাৰে। এই খেতিৰ জৰিয়তে আপুনি ব্যয়তকৈ প্ৰায় পাঁচগুণ বেছি উপাৰ্জন কৰিব পাৰে। ষ্টেভিয়াৰ খেতিয়ে কুঁহিয়াৰ, ঘেঁহু, ধানৰ দৰে পৰম্পৰাগত খেতিতকৈ অধিক উপাৰ্জন দিব পাৰে। ইয়াৰ এডাল গছৰ মূল্য ১২০ ৰ পৰা ১৪০ টকাৰ ভিতৰত। ইয়াৰ পৰা স্পষ্ট যে, আপুনি এক একৰ কৃষিভূমিত ৰোপণ কৰা ষ্টেভিয়াৰ পৰা 6 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰে।

কেনে ধৰণৰ বতৰ আৰু মাটিৰ প্ৰয়োজন

   ষ্টেভিয়া খেতিৰ বাবে অৰ্ধ-আৰ্দ্ৰ আৰু অৰ্ধ-উষ্ণ জলবায়ু সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। গোটেই বছৰটোত যিকোনো সময়তে ভাৰতত ইয়াৰ খেতি কৰিব পাৰি। অৱশ্যে শূন্য ডিগ্ৰীৰ তলৰ অঞ্চলত ইয়াক খেতি কৰিব নোৱাৰি। ইয়াৰ ভাল উৎপাদনৰ বাবে, মাটী 6 PH পৰা 7 PH হব লাগে। এই খেতিত প্ৰতি ১০ দিনৰ মূৰে মূৰে জলসিঞ্চন কৰা প্রয়োজন। এবছৰত ইয়াৰ 3 ৰ পৰা 4 বাৰ শস্য চপাব পাৰি। প্ৰতিটো শস্যচপোৱাৰ ফলত ৬০ ৰ পৰা ৯০ কুইন্টাল শুকান পাত উৎপন্ন হয়।

English Summary: Stevia Cultivation earn 6 lacs by Farming  Stevia with a small investment
Published on: 18 September 2021, 10:22 IST