
লেখাটোত কৃষক ৰাজুমণি ভূঞাৰ জাতিলাও খেতিৰ কেইখনমান আলোকচিত্ৰ প্ৰকাশ কৰা হ'ল। কৃষকগৰাকীয়ে ইতিমধ্যে নিজৰ কৃষিপথাৰত উতপাদিত জাতিলাও বজাৰলৈ উলিয়াবলৈ সক্ষম হৈছে।

আহিন-কাতিৰ সময়ছোৱাতে ধাননী পথাৰৰ মাজৰ খালী ঠাইত কৃষকগৰাকীয়ে ৰোপন কৰিছিল জাতিলাওৰ পুলি। আগতীয়াকৈ কৰা জাতিলাও গছবোৰ যথেষ্ট ভাল হৈছিল। কোনো উন্নত জাতৰ জাতিলাও খেতি কৰা নাছিল কৃষকগৰাকীয়ে। থলুৱা জাতৰে জাতিলাও কৰিছিল কৃষক ৰাজুমণি ভূঞাই।

আগতীয়াকৈ কৰা জাতিলাও সম্প্ৰতি কৃষকগৰাকীয়ে বজাৰলৈ উলিয়াবলৈ সক্ষম হৈছে। কোনো বেপাৰীয়ে যদি তেওঁৰ পৰা পাইকাৰী হাৰত জাতিলাও ক্ৰয় কৰিব বিচাৰে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। তেওঁৰ এটা ফেচবুক পেজ আছে- Raju Moni Bhuyan Bhuyan নামেৰে।

ইতিমধ্যে কৃষকগৰাকীয়ে বজাৰলৈ উলিয়াই দিছে জাতিলাওসমূহ। তলত কৃষকগৰাকীৰ ৰঙালাও খেতিৰ কেইখনমান ফটো তলত দিয়া হ'ল-


লগতে পঢ়ক-
Share your comments