1. সফল কাহিনী

থলুৱা খাদ্যক বজাৰ উপযোগী কৰি স্বাৱলম্বী গৌৰীসাগৰৰ পৰী ৰাজখোৱা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Pari Rajkhuwa
Pari Rajkhuwa

থলুৱা খাদ্যক বজাৰ উপযোগী কৰি শিৱসাগৰৰ উচ্চ শিক্ষিত যুৱতী পৰী ৰাজখোৱাই নিজকে স্বৱালম্বী কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ গৌৰীসাগৰৰ জীয়ৰী পৰীয়ে গাঁৱৰ ঘৰৰ পৰা আঁতৰি আহি শিৱসাগৰ নগৰত অকলশৰে জীৱন জীৱিকাৰ বাবে সংগ্ৰাম কৰি প্ৰতিষ্ঠা কৰা থলুৱা আহাৰৰ প্ৰতিষ্ঠান "এথনিক কীটচেন" ৰ জৰিয়তে নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিছে।  তিল দিয়া গাহৰি, সৰিয়হৰ সৈতে মাছ,খৰিচা মাংস, পচলাৰ সৈতে মাংস আদি বিভিন্ন সোৱাদ লগা অসমীয়া খাদ্য সম্ভাৰ পৰীয়ে প্ৰস্তুত কৰে ।পুৱা বজাৰ কৰা,খাদ্য সম্ভাৰ প্ৰস্তুত কৰা আৰু সেই খাদ্য ডেলিভাৰী কৰাৰ লৈকে প্ৰতিটো কাম স্নাতক ডিগ্ৰী ধাৰী পৰিশ্ৰমী যুৱতী গৰাকীয়ে নিজেই কৰে।

লক ডাউনৰ সময়ত মাত্ৰ ৩০০ টকা আৰু সীমাহীন সাহসক মূলধন হিচাপে লৈ পৰীয়ে এই অসমীয়া ঘৰুৱা খাদ্য সম্ভাৰৰ ব্যৱসায় আৰম্ভ কৰিছিল।পৰম্পৰাগত ব্যৱসায়িক ধাৰণা অনুসৰি থাকিব লগা ব্যৱসায়িক আন্তঃগাঁথনি নোহোৱাকৈয়ে আৰম্ভ কৰা এই ক্লাউড কীটচেন ষ্টাৰ্ট আপ পৰীয়ে সামাজিক মাধ্যমৰ সঠিক ব্যৱহাৰৰ জৰিয়তে গঢ়ি তুলিছে।পৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ সেৱাৰ বিপনন কৰে। মান যুক্ত অসমীয়া ঘৰুৱা খাদ্য যুক্তি সন্মত দৰত গ্ৰাহকৰ পদূলিত যোগান ধৰা এই ব্যৱসায় কঠোৰ পৰিশ্ৰমী যুৱতী গৰাকীয়ে প্ৰায় শূন্যৰ পৰা আৰম্ভ কৰিছিল। এতিয়া নিজৰ লগতে এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ এক সুকীয়া চিনাকি গঢ়ি তুলিছে যুৱতী গৰাকীয়ে।

বৰ্তমান দৈনিক ৩ ৰ পৰা ৪ হেজাৰ টকাৰ ব্যৱসায় অনায়াসে কৰা পৰীয়ে প্ৰতি মাহে এই ব্যৱসায়ৰ পৰা প্ৰায় ১ লাখ টকা উপাৰ্জন কৰে। উপাৰ্জনৰ ৪০ ৰ পৰা ৫০ শতাংশ লাভ বুলি উল্লেখ কৰি পৰীয়ে অনাগত দিনত এই ব্যৱসায় অধিক বহল কৰাৰ পৰিকল্পনা কৰিছে। শিৱসাগৰ নগৰৰ গণকপট্তিৰ ৯ নং বাইলেনৰ  ভাড়া ঘৰৰ পৰা ব্যৱসায় সফল ভাবে পৰিচালনা কৰিয়েই থমকি ৰোৱা নাই পৰী।ব্যৱসায়ৰ সমানে পৰীয়ে প্ৰতিযোগীতামূলক আসমৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে। নিজাকৈ কিবা এটা কৰাৰ অদম্য হেঁপাহক  ফলৱৰ্তী কৰাৰ বাবে দিনে ৰাতিয়ে পৰিশ্ৰম কৰা এই ২৮ বছৰীয়া যুৱতীগৰাকীয়ে অসমীয়া খাদ্যৰ অৱহেলিত বজাৰ খন দখল কৰাৰ এক সচেতন প্ৰয়াস আৰম্ভ কৰিছে ।

নৱপ্ৰজন্মৰ বাবে আদৰ্শ হ'ব পৰা পৰীয়ে তেওঁৰ দৰে নিজকে প্ৰতিষ্ঠা লাভ কৰিব বিচৰা প্ৰতিগৰাকী মহিলা-যুৱতীক সহায় কৰিবলৈ আগ্ৰহী। কোনোবা আগুৱাই আহিলে তেওঁ এই ব্যৱসায়ৰ বাবে প্ৰয়োজন হোৱা প্ৰতিটো দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ আগ্ৰহী। হাতৰ কাষতে থকা সম্পদসমূহক চিনাক্ত কৰি সেই সমূহত মূল্য সংযোজন কৰিব পাৰিলে তথা গ্ৰাহকৰ জুতি অনুসৰি খাদ্যৰ যোগান ধৰিব পাৰিলে এই ব্যৱসায়ত সফলতা নিশ্চিত বুলি পৰী দৃঢ় বিশ্বাসী। অনাগত দিনত অসমীয়া খাদ্যৰ বজাৰ সম্ভাৱনা থকা প্রায় প্ৰতিটো খাদ্য সম্ভাৰ পৰীয়ে খাদ্য ৰসিক গ্ৰাহকৰ কাষলৈ লৈ অহাৰ পৰিকল্পনা কৰিছে।

English Summary: Success Story of Pari Rajkhuwa

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.