ধানৰ খেতি বিভিন্ন ধৰণে কৰিব পাৰি । পৰম্পৰাগত ভাবে অসমত কঠীয়াতলীৰ পৰা কঠীয়া উঠাই আনি মূল পথাৰত হাতেৰে ৰোপণ কৰি খেতি কৰি আহিছে । অসমৰ বহু ঠাইত কঠীয়া নপৰাকৈ পোনপটীয়াকৈ মূল পথাৰত সিচাঁ বা বৈ দিয়া খেতি পদ্দ্বতি কিছুমান ঠাইত অতীজৰে পৰা কৰি আহিছে । এই পদ্ধতিক পোনপটী্যাকৈ মূল পথাৰত ধান সিঁচা বা ডাইৰেক্ট চিডিং অৱ ৰাইছ (DSR) বূলি কোৱা হয় । সাধাৰণতে অসমত শালিধানৰ বতৰত পোনে পোনে মূল পথাৰত সিঁচি দিয়া খেতি নকৰে যদিও সিঁচা আহুধানৰ খেতি বৰ্তমান মাজুলী, লক্ষিমপুৰ, ধেমাজি অঞ্চলৰ মিচিং জনগোষ্ঠীৰ লোকসকলে কৰি আহিছে । আহু খেতিৰ বতৰত কৃষকে আগতীয়াকৈ মিহিকৈ চহাই লোৱা বাম মাটিৰ পথাৰত পোনে পোনে ধানৰ বীজ মূল পথাৰত সিঁচি দিয়ে। পিছত মৈ মাৰি, বন-বাত নিৰণি কৰি আপদাল কৰে আৰু আশানুৰূপ উৎপাদন পাবলৈ সক্ষম হয়।
বৰ্তমান অসমত ৰূপায়িত হৈ অহা অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰুপান্ত্কৰণ প্ৰকল্পৰ জৰিয়তে ইন্টাৰনেচনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউটৰ কাৰিকৰী পৰামৰ্শৰে পোনপটীয়াকৈ মূল পথাৰত সিচিঁ ধান খেতি ৰোপন কৰাত গুৰুত্ব প্ৰদান কৰিছে ।
ধান যেনি তেনি পথাৰত সিচিঁ দি্যাতকৈ যন্ত্ৰ বা মেচিন ব্যৱ্হাৰ কৰি খেতি কৰিলে যঠেষ্ট সুবিধা হয় । মেচিনৰ জৰিয়তে কঠীয়া নপৰাকৈ প্ৰত্যক্ষভাবে মুল পথাৰত বোকা বা শুকান মাটিত প্ৰণালীৱদ্ধভাবে ধান সিঁচিব পাৰি । বোকা মাটিৰ কাৰণে ‘ড্ৰাম ছিদাৰ’ আৰু শুকান মাটিৰ বাবে ‘ছিদ কাম ফাৰ্টিলাইজাৰ ড্ৰিল’ বীজ সিঁচিবৰ বাবে ব্যৱহাৰ কৰা হয় । বোকা মাটিৰ বাবে পথাৰখন বোকা কৰাৰ পিছত গজালি মেলা বীজ ‘ড্ৰাম ছিদাৰ’ৰ সহায়ত সিঁচি দিয়া হয়।
বোকা মাটি আৰু শুকান দুয়োবিধ মাটিৰ বাবে প্ৰত্যক্ষভাবে মুল পথাৰত সিচিঁ খেতি কৰাৰ বাবে প্ৰশিক্ষণ আৰু প্ৰৰ্দশন কৰি আহিছে । আহু, শালি বা বৰো তিনিওটা ধান খেতিৰ বতৰত এই পদ্ধতিৰে ধান খেতি কৰিব পাৰি । ইয়াৰোপৰি, বিশেষকৈ অসমত বানপানী হোৱাৰ পিছত এই পদ্ধতি অতিকৈ ফলপ্ৰসু । অসমত শালি ধানৰ বতৰত পলমকৈ অহা বানপানীয়ে খেতিয়ক সকলক বাৰুকৈয়ে সমস্যাত পেলায় । এফালে বানে পথাৰৰ ধান মাৰি নিয়ে আনহাতে কঠীয়া পাৰি নতুনকৈ পথাৰত ৰোৱাৰো সময় নহয় কাৰণ কঠীয়া পাৰি মূল পথাৰত ৰোৱালৈ কৃষিকাল দীঘলীয়া হৈ ধানৰ উৎপাদন নোহোৱাৰ সম্ভাৱনাই অধিক। কিন্তু, এনে পৰিস্থিতিত পোনে পোনে ধানৰ বীজ সিঁচি খেতি কৰিলে নিৰ্দিষ্ট সময়ত চপাব পাৰি আৰু উৎপাদনৰো বেছি তাৰতম্য নহয় ।
যিমান সম্ভৱ হয় ধান মেটিনৰ জৰিয়তে সিটিব লাগে । মেচিনৰ জৰিয়তে সিঁচাৰ ফলত হোৱা সুবিধা সমূহ-
-
মেচিনৰ জৰিয়তে বীজবোৰ নিৰ্দিষ্ট দূৰত্বত আৰু সমান গভীৰতাত সিঁচিব পৰা যায় ।
-
কঠীয়া সিঁচাৰ পৰা ৰোৱালৈ প্ৰয়োজন হোৱা খেতিয়কৰ কষ্ট আৰু খৰচ যঠেষ্ট লাঘব হয়।
-
পোনপটীয়াকৈ মূল পথাৰত সিঁচি দিয়া বাবে কঠীয়া উঠোৱাৰ সময়ত পোৱা আঘাটৰ পৰা কঠীয়াখিনি মুক্ত হোৱা বাবে ৭ দিন আগতীয়াকৈ ধান কাটিব পৰা যায় ।
-
হাতেৰে সিঁচাতকৈ মেচিনৰ জৰিয়তে সিঁচিলে ধানৰ গোচাৰ ঘনত্ব বঢ়াব পাৰি
-
পোনে পোনে সিঁচা পদ্ধতিত বন-বাতৰ সমস্যা অধিক হয় যাৰ বাবে শাৰী শাৰীকৈ গোছা বোৰ থকা বাবে পাৱাৰ উইডাৰ ব্যৱ্হাৰ কৰি অপতৃণ আতঁৰাব পাৰি।
-
পৰম্পৰাগতভাবে যিবোৰ অঞ্চলত হাতেৰে সিচাঁ পদ্ধতিৰে ধানখেতি কৰি আহিছে সেইবোৰ অঞ্চলত সাধাৰণতে ধান গছবোৰ সমভাবে বৃদ্ধি নহয় । কোনোবা ঠাইত সেৰেঙা আৰু কোনোবা ঠাইত ডাঠ হয়। তদুপৰি প্ৰতিকূল বতৰ, চৰাই, এন্দুৰ, নিগনি, শামুক আৰু বন-বাতৰ পৰা হোৱা লোকচানৰ পৰা হাত সাৰিবলৈ খেতিয়কে উচ্চ হাৰত বীজ সিঁচে। কিন্তু , মেচিনৰ জৰিয়তে সিঁচিলে সেইবোৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি।
-
ঘন-ঘনকৈ সিঁচা ধান গছবোৰ ফুল ফুলাৰ পিছত বাগৰি যায় বাবে উৎপাদন কমি যায়। মেচিনৰ জৰিয়তে সিঁচিলে উক্ত সমস্যাৰ পৰা হাত সাৰিব পাৰি।
-
মেচিনৰ জৰিয়তে সিঁচা ধানবোৰ পৰ্যাপ্ত গভীৰতাত পোত খোৱা বাবে পানৌৰ চাপ (খৰাং বা বানপানী) অৱস্থাত কিছু পৰিমাণে ধানবোৰ সহনশীল হয়।
-
পানীৰ অপব্যৱহাৰ ৰোধ কৰিব পাৰি । শ্ৰমিকৰ প্ৰয়োজনীয়তা কমাই যাৰ ফলত ব্যয় লাঘব হয় ।
ধান সিচাঁৰ পিছত অনুমোদিত পদ্ধতিৰে সাৰ, পানী, অপতৃণ ব্যৱ্স্থাপনা কৰিব লাগে ।
লগতে পঢ়কঃ ভাৰতৰ শীৰ্ষ ১০ খন আগশাৰীৰ কৃষি ৰাজ্য, কেই নম্বৰ স্হানত আছে অসম ?
জ্যোতি বিকাশ নাথ
Share your comments