1. এগ্ৰিপেডিয়া

কৃষি বিজ্ঞানীয়ে প্ৰস্তত কৰিলে জৈৱিক সাৰ, কৃষকৰ বাবে হ’ব আশীৰ্বাদ

KJ Staff
KJ Staff
Organic fertilizer
Organic fertilizer

দেশত বৰ্ধিত ৰোগৰ প্ৰাদুৰ্ভাৱৰ বাবে কৃষকসকলে এতিয়া জৈৱিক কৃষিৰ ফালে গতি কৰিছে ৷ জৈৱিক কৃষিয়ে ভূমিৰ উৰ্বৰতা উন্নত কৰে আৰু ইয়াৰ ব্যৱহাৰে ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰে, ব্যয় হ্ৰাস কৰে আৰু শস্যৰ উৎপাদনশীলতা বৃদ্ধি কৰে ৷ জৈৱিক সাৰৰ (Organic Fertilizer ) এনে বৈশিষ্ট্যৰ বাবে চৰকাৰে কৃষকসকলক জৈৱিক কৃষি কৰিবলৈ উৎসাহিত কৰি আহিছে ৷ মধ্য প্ৰদেশৰ পৰা এটা ভাল খবৰ আহিছে, য'ত কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে এক বিশেষ জৈৱিক সাৰ বিকশিত কৰিছে  । কৃষি বিজ্ঞানীয়ে গৱেষণাৰ জড়িয়তে প্ৰস্তত কৰা এই জৈৱিক সাৰ  শস্য উৎপাদনৰ ক্ষেত্ৰত অতি বিশেষ লাভজনক হ’ব পাৰে বুলি আশংকা কৰা হৈছে ।

দৰাচলতে কৃষি বিজ্ঞানীসকলৰ পৰা প্ৰাপ্ত কৰা তথ্য অনুসৰি তেওঁলোকে ১৫ প্ৰকাৰৰ জৈৱিক সাৰ প্ৰস্তুত কৰিছে । তেওঁলোকক জৱাহৰ সাৰ (Jawahar Fertilizer) নাম দিয়া হৈছে যি ইয়াৰ অনন্য গুণাগুণ আৰু বৈশিষ্টৰ বাবে  শস্য উৎপাদনৰ বাবে ভাল হ'ব।

জৱাহৰ সাৰৰ ৰূপ (Jawahar Fertilizer’s Form)

কৃষি বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি জৱাহৰ সাৰ দুটা ৰূপত প্ৰস্তুত কৰা হৈছে । এটা তৰল ৰূপত আৰু আনটো পাউডাৰ ৰূপত । কৃষকসকলে তেওঁলোকৰ পছন্দ অনুসৰি ইয়াক বাছনি কৰি এই সাৰ ব্যৱহাৰ কৰিব পাৰে ।

farmer
farmer

জৱাহৰ সাৰ সাৰৰ বিশেষত্ব (Character tics Of Jawahar Fertilizer )

  • এই জৈৱিক সাৰৰ ব্যৱহাৰে শস্যউৎপাদন বৃদ্ধি কৰাৰ লগতে মানদণ্ড যথেষ্ট উন্নত কৰিব
  • মাটিৰ সাৰ ক্ষমতা উন্নত কৰিব
  • শস্যৰ ঔষধি গুণবৃদ্ধি কৰিব
  • জৈৱিক সাৰৰ লগতে বায়ুৰ পৰা নাইট্ৰজেন শোষণ কৰাৰ লগতে জৈৱ পচনশীল পটাছ, ফছফৰাছ, জিংক, শোধিত বীজ, গলি যোৱা পাত আৰু ঘেঁহু-ধানৰ অৱশিষ্ট অংশ শোষণ কৰাৰ ক্ষমতা আছে

জৈৱিক সাৰৰ লাভালাভ (Organic Fertilizer’s profit)

  • ভূমিৰ উৰ্বৰতা বৃদ্ধি হয়
  • ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে কৃষকৰ ব্যয় হ্ৰাস কৰে
  • শস্যৰ উৎপাদনশীলতা বৃদ্ধি কৰে
  • ইয়াৰ ব্যৱহাৰ কৰিলে বেছি জলসিঞ্চনৰ প্ৰয়োজন নহয়
  • এই সাৰ ব্যৱহাৰ কৰিলে ভাল আৰু পুষ্টিসমৃদ্ধ শস্য ল'ব পাৰে

লগতে পঢ়ক ঃ কৃষি খণ্ডত আধুনিক কৃষি সঁজুলিৰ গুৰুত্ব আৰু সম্পৰ্কিত তথ্য

English Summary: organic fertilizer prepared by scientist for agriculture

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.