অসমত অন্য শাক-পাচলিৰ দাম বাঢ়ক-নাবাঢ়ক একো নাই কিন্তু পিয়াঁজৰ দাম বঢ়াৰ লগে লগেই ৰাজ্যজুৰি হুলস্থুল লাগি যায়। গতিকে সহজে অনুমেয় যে ৰাজ্যত পিয়াঁজৰ চাহিদা কিমান। কিন্তু অসমত পিয়াঁজৰ চাহিদা অনুপাতে পিয়াঁজৰ উতপাদন একেবাৰে কম। পিয়াঁজ নহলে নহয় কিন্তু অসমীয়া মানুহে পিয়াঁজৰ খেতি নকৰে। কিন্তু পিয়াঁজৰ খেতি ব্যৱসায়িকভাৱে নহলেও অন্তত দুই তিনিমাহৰ কাৰণে কাৰণে ঘৰতে খাব পৰাকৈ সকলো মানুহে পিয়াঁজৰ খেতি কৰিব পাৰে। গাঁৱৰ লোকসকলে নিজৰ শাকনিবাৰীখনত বা চহৰে লোকসকলে চাদতো পিয়াজৰ খেতি কৰিব পাৰে।
ছাদ নথকা টাউনৰ লোকসকলে ফুলৰ টাব আদিতো পিয়াঁজ ৰুই পিয়াঁজৰ পাত খাব পাৰে। কিন্তু এই লেখাটো ব্যৱসায়িকভাৱে পিয়াঁজৰ খেতি কৰিব বিচৰা কৃষকসকলৰ বাবেহে। পিয়াঁজ শীতকালত কৰা হয়। পিয়াঁজৰ বাবে অতি সাৰুৱা আৰু মিহি মাটিৰ প্ৰয়োজন হয় যদিও সকলো প্ৰকাৰৰ মাটিতে এই খেতি কৰিব পাৰি। বালিচহীয়া মাটিত বেচিকৈ আৰু ঘনাই ঘনাই পানীৰ দৰকাৰ হয় যদিও সোনকালে পিঁয়াজ চপাব পাৰি। বোকা আৰু আলতীয়া মাটিত পিঁয়াজৰ আকাৰ অভজা হয় আৰু ইয়াক মাটিৰ পৰা খান্দিবলৈ অসুবিধা হয়। দোমোজা মাটিত ইয়াৰ খেতি ভাল হয়। মাটিডৰাৰ পৰা সহজে পানী ওলাই যাব পৰা হ’ব লাগে।
পিঁয়াজৰ খেতি কেনেকৈ আৰু কেতিয়া কৰিব লাগে ?
যদিও পিঁয়াজৰ খেতি প্ৰত্যক্ষভাৱে বীজ সিঁচি আৰু পিঁয়াজৰ পুলি ৰুই দুইধৰণেৰে কৰিব পাৰি, অধিক উত্পাদন আৰু গুণগতভাবে ভাল পিঁয়াজ উত্পাদনৰ বাবে মাটি বোকা কৰি পিঁয়াজৰ পুলি ৰুই কৰা খেতিহে উত্তম পদ্ধতি। অসমত ৰবি বতৰৰ সময়তহে পিঁয়াজ খেতি কৰিব পাৰি। আগতীয়াকৈ অৰ্থাত্ ছেপ্তেম্বৰ-অক্টোবৰ মাহতে পিঁয়াজৰ বীজ সিঁচি অক্টোবৰ-নবেম্বৰ মাহত পিঁয়াজ পুলি ৰুব লাগে। দেৰিকৈ পিঁয়াজৰ খেতি কৰিলে অসমত হোৱা আগতীয়া বৰষুণে এই খেতি অনিষ্ট কৰাৰ সম্ভাৱনাৰ লগতে মাটিৰ পৰা উঠোৱাৰ পিছত ইয়াক শুকোৱাবলৈ অসুবিধা হয়।
কি কি জাতৰ খেতি কৰিব ?
অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগ, অসমে অনুমোদন জনোৱা জাতবোৰ হ’ল- পুচা ৰেড, পুচা ৰত্নাৰ, পুচা হোৱাইট (ৰাউণ্ড), পুচা হোৱাইট (ফ্লেট), এন-৫৩, এগ্ৰিফাউণ্ড লাইট ৰেড, পঞ্জাব ৰেড ৰাউণ্ড, পুচা মাধুৰী, আৰ্কা নিকেতন আদি।
মূল পথাৰৰ মাটি প্ৰস্তুতি –
৪-৫ বাৰ হাল বাই মাটি ভালদৰে মিহি কৰিব লাগে আৰু পিছত মৈয়াই সমান কৰিব লাগে। মাটিডৰাত ভাগ ভাগ কৰি কিছুমান সৰু সৰু ভেটি তৈয়াৰ কৰিব লাগে। ভেটিবোৰৰ আকাৰ সাধাৰণতে ৬ ফুট বহল আৰু প্ৰয়োজনীয় দীঘল হ’ব লাগে আৰু ভেটিবোৰৰ মাজত ১-১.৫ ফুট জোখৰ নলা থাকিব লাগে।
সাৰ প্ৰয়োগঃ
পচন সাৰ- ১৫-২০ কুইন্টল, ইউৰীয়া- ১৮ কিলোগ্ৰাম, একক চুপাৰ ফচফেট- ৪০ কিলোগ্ৰাম, আৰু মিউৰেট অৱ পটাছ- ১০ কিলোগ্ৰাম মাটিত প্ৰয়োগ কৰিৱ লাগে। ইউৰীয়া সাৰৰ ১২ কিলেগ্ৰাম, সমূদায় একক চুপাৰ ফচফেট আৰু পটাছ পুলি ৰোপন কৰাৰ আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে। ইউৰীয়া সাৰৰ বাকী অংশৰ ৩ কিলেগ্ৰাম পুলি ৰোৱাৰ ৩০-৪০ দিন পিছত আৰু বাকী ৩ কিলেগ্ৰাম ৬০-৭০ দিনত পাতত স্প্ৰে কৰিব লাগে। কিন্তু এটা কথা মনত ৰাখিব লাগে যাতে সকলোখিনি সাৰ পিঁয়াজৰ গুটি ধৰাৰ আগেয়ে প্ৰয়োগ কৰি শেষ কৰিব লাগে।
পুলি ৰোপনঃ
আগতে প্ৰস্তুত কৰি থোৱা ভেটিবোৰত শাৰী পদ্ধতিত ৬-৮ সপ্তাহৰ পিঁয়াজ পুলি ৰোপন কৰিব লাগে। শাৰীবোৰৰ মাজৰ দূৰত্ব ২০ ছেন্টিমিটাৰ (৮ ইঞ্চি) আৰু পুলিবোৰৰ মাজৰ দূৰত্ব ১০ ছেন্টিমিটাৰ (৪ ইঞ্চি) হ’ব লাগে। কম বয়সীয়া পুলি ৰুলে পুলি ঠন ধৰাত অসুবিধা হয় আৰু বেছি বয়সীয়া পুলি ৰুলে সোনকালে সৰু সৰু পিঁয়াজ ধৰিবলৈ আৰম্ভ কৰে।
জলসিঞ্চনঃ
পিঁয়াজৰ শিপা সাধাৰণতে মাটিৰ খুউব ওপৰতে অৰ্থাত্্, ৩-১৫ ছেন্টিমিটাৰ ভিতৰতে থাকে। সেয়ে পানীযোগানৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ। পুলি ৰোপনৰ আগেয়ে মাটিত পাতলীয়াকৈ জলসিঞ্চন কৰি (সাধাৰণতে স্প্ৰীংকলাৰ জলসিঞ্চন পদ্ধতিৰে) মাটিখিনি সিক্ত কৰি লব পাৰিলে ভাল। সোনকালেই পুলিবোৰ ঠন ধৰি উঠাত সুবিধা হয়। পিছত প্ৰতি এসপ্তাহৰ মূৰে মূৰে জলসিঞ্চন কৰিব লাগে। পিঁয়াজৰ গুটি ধৰিবৰ বাবে পানীযোগান অতি আৱশ্যকীয়। কিন্তু, পিঁয়াজ চপোৱাৰ ১৫ দিনৰ আগতে পানীযোগান বন্ধ কৰিব লাগে।
লগতে পঢ়ক- বৰষুণৰ পৰিমাণ কমাৰ লগে লগে কৰিব পৰা কিছুমান খেতি