২০২১ বৰ্ষৰ এটা সমীক্ষা অনুযায়ী, বিশ্ব ক্ষুধা সূচক (Global Hunger Index)ত ভাৰতৰ স্থান ১১৬ খন দেশৰ ভিতৰত ১০১, যি এক গভীৰভাৱে উদ্বিগ্ন কৰি তোলা বাতৰি । এই সূচকে ভাৰতৰ সৰ্বসাধাৰণ শ্ৰমিক-কৃষক শ্ৰেনীটোৰ শোচনীয় অৰ্থনৈতিক অৱস্থাক নিৰ্দেশ কৰিছে । প্ৰায় ৬০ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল ভাৰতত সাম্প্ৰতিক পৰিস্থিতিত বৈজ্ঞানিক পদ্ধতিৰ বহুল প্ৰয়োগৰে শস্য উৎপাদন বৃদ্ধি ত্বৰিৎ কৰাৰ নিতান্তই প্ৰয়োজনীয় । সীমিত সংখ্যক কৃষক কৰ্মীহে বৈজ্ঞানিক পদ্ধতিৰ বিষয়ে অৱগত আৰু এই সীমিত সংখ্যকেও অৰ্থনৈতিক দৈন্যতাৰ হেতু বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰৰ পৰা নিজকে দূৰৈত ৰাখিছে । পৰম্পৰাগত শৈলীক বৈজ্ঞানিক স্তৰলৈ উন্নীত নকৰিলে ভৱিষ্যতে তীব্ৰ খাদ্য সংকটত যে ভুগিব লাগিব সেয়া ধুৰূপ ।
এইটো লিখনিত আমি কৃষি উৎপাদনত নিউক্লীয় বিকিৰণৰ প্ৰয়োগৰ বিষয়ে আলোচনা কৰিম যিটো বিষয় সাময়িক ছবিখনত অনাটো নিতান্তই দৰকাৰ । নিউক্লীয় বিকিৰণ আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰি খাদ্য-শস্যৰ গুণগত মানৰ পৰিবৰ্তন নোহোৱাকৈ উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰি । তেজস্ক্ৰীয় সমস্থানিক (Radio Isotope) মৌলৰ সহায়ত ভিন্ন প্ৰজাতিৰ শস্যৰ বিকাশ ঘটোৱা সম্ভৱ হৈছে । এনেদৰে বিকশিত প্ৰজাতিৰ শস্যৰ সুবিধাসমূহ হ'ল- ইহত অনাবৃষ্টি আৰু ভিন্ন ৰোগ প্ৰতিৰোধী, গুণাগুণত উন্নত, কম সময়ত বৃদ্ধি হয় আৰু উৎপাদনৰ হাৰ উচ্চ । তেজস্ক্ৰীয় বিকিৰণে উন্মোচিত শস্যৰ গুণাগুণ বৃদ্ধি কৰাৰ ওপৰিও ই কিমান পৰিমাণৰ ৰাসায়নিক উৰ্বৰক, কীটনাশক দ্ৰব্য বা অনান্য পদাৰ্থ মাটিত প্ৰয়োগ কৰিব লাগে তাৰ এক অংক দিয়ে। খাদ্য বস্তু সংৰক্ষণ আৰু মাটিৰ উৰ্বৰতা নিৰ্ণয়য়তো তেজস্ক্ৰীয় মৌলৰ ভূমিকা গুৰুত্বপূৰ্ণ ।
মাটিত নাইট্ৰ'জেন আৰু ফছফেট কিমান পৰিমাণত প্ৰয়োগ কৰিব লাগে তাৰ মোটামুটি হিচাপ কৰা হয় ফছফৰাছ-৩২ আৰু নাইট্ৰ'জেন-১৫ যুক্ত ৰাসায়নিক উৰ্বৰকৰ প্ৰয়োগৰ দ্বাৰা । এই দুবিধ তেজস্ক্ৰীয় মৌলৰ মাটিত পৰিমাণ নিৰ্ণয় কৰি দুটা সিদ্ধান্তত উপনীত হ'ব পাৰি- প্ৰথম, কিমান পৰিমাণৰ উৰ্বৰক শস্যই গ্ৰহন কৰিছে; দ্বিতীয়, কিমান পৰিমাণৰ উৰ্বৰক পাৰিপাৰ্শ্বিকৰ লগত মিহলি হৈ গৈছে । এই নিৰ্ণয়ে অতিৰিক্ত উৰ্বৰক প্ৰয়োগৰ পৰিমাণ নিন্মগামী কৰিব । অত্যাধিক কীটনাশক দ্ৰব্যৰ প্ৰয়োগে শস্যৰ গুণাগুণ নষ্ট কৰাৰ ওপৰিও মাটি আৰু পানী প্ৰদূষণৰ কাৰক হৈ পৰে । এই শস্যৰ ভক্ষণো দেহৰ বাবে অপকাৰী। পৰিবেশৰ লগত খাপ খুউৱাকৈ কীট-পতংগৰ উপদ্ৰৱ হ্ৰাস কৰাৰ লক্ষৰে Sterile Insect Technique (SIT) পদ্ধতিৰ প্ৰয়োগ বহু দেশত প্ৰচলিত হৈছে । এই পদ্ধতিত বিকিৰণৰ সহায়ত অপ্ৰজননক্ষম মতা পতংগৰ সৃষ্টি কৰি শস্য পথাৰত এৰি দিয়া হয় আৰু ইহঁতে একে প্ৰজাতিৰ প্ৰজননক্ষম মতা পতংগৰ লগত প্ৰতিযোগিতাত অবতীৰ্ণ হয় যাৰ ফলত মাইকী পতংগৰ লগত হোৱা প্ৰজননত জন্ম হোৱা প্ৰজন্মটো সম্পূৰ্ণৰূপে অপ্ৰজননশীল হৈ পৰে । এনেদৰে জন্ম নিয়ন্ত্ৰণৰ হাৰ ৰোধ কৰি কীট-পতংগৰ বংশ বৃদ্ধি হ্ৰাস কৰা হয় । এই পদ্ধতিত দুই-তিনিটা প্ৰজন্মৰ পিছত সেইবিধ প্ৰজাতি প্ৰায় নোহোৱা হৈ যায় । দশক ধৰি আমেৰিকা আৰু মেক্সিকোত ইয়াৰ বহুল প্ৰয়োগ হৈ আহিছে।
লগতে পঢ়কঃকৃষি বিজ্ঞানীয়ে প্ৰস্তত কৰিলে জৈৱিক সাৰ, কৃষকৰ বাবে হ’ব আশীৰ্বাদ
বিকিৰণৰ সহায়ত বীজৰ জিনৰ পৰিবৰ্তন ঘটাই প্ৰতিকূল পৰিবেশতো উৎপাদনশীল কৰাৰ প্ৰচেষ্টা চলি আছে আৰু বহু বেছি পৰিমাণে ই সফলো হৈছে। X-ৰশ্মি, গামা ৰশ্মি আৰু নিউট্ৰন ৰশ্মিৰ সহায়ত এই পৰিবৰ্তন ঘটোৱা হয় । ভাৰতৰ আগশাৰীৰ বৈজ্ঞানিক প্ৰতিষ্ঠান ভাৱা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ( Bhaba Atomic Research Centre)য়ে ভিন্ন প্ৰকাৰৰ ধান, ঘেঁহু, মৰাপাট, দাইল, বাদাম ইত্যাদিৰ সংকৰণ ঘটাই অধিক উৎপাদনশীল বীজ ইতিমধ্যে বজাৰত এৰি দিছে ।
বিশ্বৰ উৎপাদিত শস্যৰ ২৫%-৩০%ই অনুজীৱ আৰু কীট-পতংগ, সৰীসৃপ প্ৰানীৰ দ্বাৰা নষ্ট হয় । নিউক্লীয় বিকিৰণৰ সহায়ত এই ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিব পৰা যায় । বিশ্ব স্বাস্থ্য সংস্থাও বিকিৰণত উন্মোচিত খাদ্য-বস্তু সেৱনৰ ক্ষেত্ৰত ধনাত্মক সংকেত দিছে । ১০ kGy তকৈ কম পৰিমাণৰ বিকিৰণ ড'জ(dose) যুক্ত খাদ্য গ্ৰহন দেহৰ বাবে অপকাৰী নহয় বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে । ভাৰততো National Monitoring Agency ( NMA)য়ে পিয়াঁজ, ভিন্ন মছলা আৰু সাগৰীয় খাদ্য-বস্তুৰ বাধ্যতামূলক নিউক্লীয় বিকিৰণত ৰশ্মিপাত কৰাৰ নিৰ্দেশাৱলী দিছে । মুম্বাই, নাচিক, দিল্লীৰ দৰে চহৰত এই প্ৰক্ৰিয়া আৰম্ভ হৈছে ।
কেন্দ্ৰীয় চৰকাৰে ২০২১ বৰ্ষত 'Digital Agriculture Mission: 2021-25' মুকলি কৰি কৃষিখণ্ডত বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগ আৰু প্ৰসাৰ আৰম্ভ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence), দূৰ সংবেদনশীলতা, GIS প্ৰযুক্তি ইত্যাদিৰ প্ৰয়োগেৰে কৃষি-খণ্ডৰ বিকাশত আমূল পৰিবৰ্তন আনিবলৈ সক্ষম হ'ব ।
হাৰুণ অল ৰছিদ
সহকাৰী অধ্যাপক(পদাৰ্থ বিজ্ঞান)
বি.বি.কে. কলেজ
বৰপেটা, অসম-৭৮১৩১১
Share your comments