1. এগ্ৰিপেডিয়া

Kisan Diwas-2021: ২৩ ডিচেম্বৰৰ দিনটো কিয় কৃষক দিৱস হিচাপে পালন কৰা হয়

KJ Staff
KJ Staff
Kisan Diwas
Kisan Diwas

প্ৰতি বছৰে ভাৰতত ২৩ ডিচেম্বৰ দিনটো কৃষক দিৱস হিচাপে পালন কৰা হয় ।  কৃষক যিয়ে দিন-ৰাতি অক্লান্ত পৰিশ্ৰম কৰি আমাক প্ৰয়োজনীয় খাদ্য যোগান ধৰে । আজি সমগ্ৰ দেশ খাদ্য প্ৰদানকাৰীসকলৰ প্ৰতি কৃতজ্ঞ হ'ব । কৃষকৰ সমৰ্পণৰ প্ৰতি শ্ৰদ্ধা ঞ্জলি জ্ঞাপন কৰি আজি সমগ্ৰ দেশতে গৌৰৱেৰে কৃষক দিৱস উদযাপন কৰা হ'য় ।

ভাৰত এখন কৃষিভিত্তিক দেশ । আজিও, ভাৰতৰ জনসংখ্যাৰ আধাতকৈও অধিক লোক কৃষিৰ সৈতে জড়িত । কোৱাৰ প্ৰয়োজন নাই যে, ২৩ ডিচেম্বৰ হৈছে দেশৰ পঞ্চম প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ কৃষক নেতা চৌধুৰী চৰণ সিঙৰ জন্মদিন । তেওঁ দেশৰ খাদ্য দাতা সকলৰ সুবিধাৰ বাবে আৰু কৃষিৰ বাবে বহুতো গুৰুত্বপূৰ্ণ কাম কৰিছে । তেওঁৰ সন্মতিৰ উদ্দেশ্যে সমগ্ৰ দেশতে কৃষক দিৱস পালন কৰা হয় । চৌধুৰী চৰণ সিঙে কৈছিল যে কৃষকসকলৰ অৱস্থা সলনি হ'ব লাগিব তেতিয়াহে দেশ আগবাঢ়িব।

farmer
farmer

চৌধুৰী চৰণ সিং মাত্ৰ কেইমাহমানৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী আছিল । তেওঁ কৃষক আৰু কৃষি খণ্ডৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তেওঁ দেশৰ এজন কৃষক নেতা হিচাপে পৰিচিত আছিল । ২০০১  চনত, ভাৰত চৰকাৰে কৃষি খণ্ড আৰু কৃষকসকলৰ স্বাৰ্থত ইয়াৰ কামৰ বাবে ২৩ ডিচেম্বৰ কৃষক দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈছিল । তেতিয়াৰ পৰা, প্ৰতি বছৰে এই দিনটোত সমগ্ৰ দেশে কৃষকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে।

চৌধুৰী চৰণ সিঙৰ জন্ম ১৯০২ চনৰ ২৩ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ এটা কৃষক পৰিয়ালত হৈছিল । তেওঁ গান্ধীৰ দ্বাৰা বহুত প্ৰভাৱিত হৈছিল । তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতাৰ বাবেও যুঁজ দিছিল । স্বাধীনতাৰ পিছত, তেওঁ কৃষকসকলৰ স্বাৰ্থত কাম কৰিবলৈ আৰম্ভ কৰে । তেওঁৰ ৰাজনীতিয়ে মুখ্যতঃ গ্ৰাম্য ভাৰত, কৃষক আৰু সমাজতান্ত্ৰিক নীতিৰ ওপৰত গুৰুত্ব দিছিল। 

তেওঁ দুবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল । কিন্তু তেওঁৰ কাৰ্যকাল বেছি দিন স্থায়ী নহ'ল । তথাপিও, তেওঁ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত ভূমি সংস্কাৰ কাৰ্যকৰী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । উত্তৰ প্ৰদেশ জামিণ্ডাৰী আৰু ভূমি সংস্কাৰ বিধেয়কৰ খচৰা চৌধুৰী চৰণ সিঙে নিজেই প্ৰস্তুত কৰিছিল ।

লগতে পঢ়ক ঃ ডিব্ৰুগড়ত উদ্বোধন হ'ব উত্তৰ-পূবৰ প্ৰথম চাহ সংগ্ৰহালয়

English Summary: 23 December kisan diwas

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.